পাকিস্তানক যোগান ধৰিছিল গোপন তথ্য! তেজপুৰৰ পৰা গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত বায়ুসেনাৰ কৰ্মচাৰী…

তেজপুৰৰ পৰা পোহৰলৈ আহিছে এক ডাঙৰ ঘটনা। কিছুদিন পূৰ্বে তেজপুৰত পাকিস্তানৰ সৈতে লিংক থকাৰ অভিযোগত এগৰাকী মহিলা আৰু ৩ যুৱক গ্ৰেপ্তাৰ হৈছিল। কিন্তু শেহতীয়াকৈ পুনৰ এজন গ্ৰেপ্তাৰ হয়।

পাকিস্তানক যোগান ধৰিছিল গোপন তথ্য! তেজপুৰৰ পৰা গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত বায়ুসেনাৰ কৰ্মচাৰী...

অভিযুক্ত

Published: 

13 Dec 2025 | 04:50 PM

পাকিস্তানৰ সৈতে জড়িত থকাৰ অভিযোগত তেজপুৰৰ পৰা পুনৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা লোকজন ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী। তেজপুৰৰ পতিয়া চুবুৰীৰ কুলেন্দ্ৰ শৰ্মা নামৰ অৱসৰপ্ৰাপ্ত ভাৰতীয় বায়ু সেনাৰ কৰ্মচাৰীজনক শোণিতপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, দীৰ্ঘদিন ধৰি পাকিস্তানৰ সৈতে যোগাযোগত আছিল কুলেন্দ্ৰ শৰ্মাই। এই সমগ্ৰ ঘটনা  সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

অভিযোগ অনুসৰি, এইজন অৱসৰপ্ৰাপ্ত বায়ুসেনাৰ কৰ্মচাৰীয়ে পাকিস্তানক বিভিন্ন ধৰণৰ স্পৰ্শকাতৰ তথ্য আৰু নথি পত্ৰ যোগান ধৰিছিল। যাৰ পাছত তেজপুৰ আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১৪৭,১৪৮,১৫২,২৩৮, ৬১(২) ধাৰাত  ৭৮৫/২৫ নম্বৰ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। প্ৰাপ্ত খবৰ অনুসৰি, ২০০২ চনত ভাৰতীয় বায়ু সেনাৰ পৰা অৱসৰ গ্ৰহণ কৰা কুলেন্দ্ৰ শৰ্মাই তেজপুৰ বিশ্ববিদ্যালয়ত ইলেক্ট্ৰনিকচ বিভাগতো কাম কৰিছিল। বৰ্তমান এই সমগ্ৰ দিশটোত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে, এগৰাকী মহিলাৰ একাউন্টত বিদেশৰ পৰা লাখে লাখে টকা সোমোৱাৰ পাছতেই পাকিস্তানী লিংক বিষয়টো পোহৰলৈ আহিছিল। তেজপুৰৰ জ্যোতিকা কলিতা নামৰ মহিলাগৰাকীয়ে ডুবাইত বাস কৰিছিল আৰু তাতে তেওঁ পাকিস্তানী যুৱক এজনৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। এইগৰাকী জ্যোতিকাৰ বেংক একাউন্টত বাহিৰৰ দেশৰ পৰা মোটা অংকৰ ধন সোমাইছিল। এই  বিষয়টোৰ তদন্ত কৰাৰ পাছতে পোহৰলৈ আহে জ্য়োতিকাৰ পাকিস্তানী লিংকৰ কথা। ইমানেই নহয়, তেওঁৰ পৰিয়ালৰ আন ৩ জন যুৱক জিতু কলিতা, চিমু দাস আৰু অভিজিৎ দাস একেই গোচৰত গ্ৰেপ্তাৰ হৈছে। এই সমগ্ৰ বিষয়টো সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

 

অন্য খবৰ পঢ়কঃ পাকিস্তানী যুৱকৰ সৈতে বিয়া, একাউন্টত বিদেশৰ লাখ লাখ টকা! গ্ৰেপ্তাৰ তেজপুৰৰ এগৰাকী মহিলাসহ ৩ যুৱক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...