কেদাৰনাথৰ পৰা উভতাৰ পথত হৃদৰোগত আক্ৰান্ত হ’ল চালক! ১৭গৰাকীকৈ মহিলাৰ জীৱন ৰক্ষা কৰি চৰ্চাত তেজপুৰৰ মিনু

কেদাৰনাথৰ পৰা উভতাৰ পথতে বিপদৰ সন্মুখীন হৈছিল অসমৰ ১৮জনীয়া এটা মহিলাৰ দল। মিনু বড়ো নামৰ মহিলাগৰাকীৰ সাহসিকতাৰ বাবে ৰক্ষা পৰিছিল ১৭গৰাকীকৈ মহিলাৰ জীৱন। যাৰ বাবে এতিয়া তেজপুৰৰ মিনু বড়ো হৈ পৰিছে সাহসৰ এক উদাহৰণ।

কেদাৰনাথৰ পৰা উভতাৰ পথত হৃদৰোগত আক্ৰান্ত হল চালক! ১৭গৰাকীকৈ মহিলাৰ জীৱন ৰক্ষা কৰি চৰ্চাত তেজপুৰৰ মিনু

চৰ্চাত তেজপুৰৰ মিনু

Published: 

21 Sep 2024 16:06 PM

দেশজুৰি চৰ্চা লাভ কৰিছে তেজপুৰৰ মিনু বড়োৱে। নিজৰ লগতে ১৭গৰাকীকৈ মহিলাৰ জীৱন ৰক্ষা কৰিলে মিনুৱে। কেদাৰনাথৰ পৰা উভতাৰ পথতে বিপদৰ সন্মুখীন হৈছিল অসমৰ ১৮জনীয়া এটা মহিলাৰ দল। মিনু বড়ো নামৰ মহিলাগৰাকীৰ সাহসিকতাৰ বাবে ৰক্ষা পৰিছিল ১৭গৰাকীকৈ মহিলাৰ জীৱন। যাৰ বাবে এতিয়া তেজপুৰৰ মিনু বড়ো হৈ পৰিছে সাহসৰ এক উদাহৰণ।

ঘটনা অনুসৰি তেজপুৰৰ পৰা গৈ কুশলে কেদাৰনাথত উপস্থিত হৈছিল তেজপুৰৰ ১৮ গৰাকী মহিলা। কেদাৰনাথ ধাম দৰ্শন কৰি দলটোৰ দ্বিতীয়টো লক্ষ্যস্থান আছিল ঋষিকেশ। সেই লক্ষ্যৰে কেদাৰনাথৰ পিছত বদ্ৰীনাথ দৰ্শন কৰি তেজপুৰৰ মহিলাৰ দলটো আহি উপস্থিত হৈছিলহি ৰাজধানী দিল্লীত। দিল্লীৰ পৰা ঋষিকেশলৈ ভাড়ালৈ লৈছিল এখন ট্ৰেভেলাৰ বাহন। কিন্তু এই যাত্ৰাৰ সময়ত এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ’ল মহিলাৰ দলটো।

দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰা ট্ৰেভেলাৰ বাহনখনে উত্তৰ প্ৰদেশৰ শ্যামলী জিলাৰ পাহাৰীয়া একা-বেঁকা পথেৰে আগবাঢ়ি গৈ আছিল। কিছু আগত কৰ্ণপ্ৰয়াগ নামৰ স্থানত ভয়ংকৰ ভূমিস্খলন হোৱাৰ বাবে মূল পথেৰে যাব নোৱাৰিব বুলি ট্ৰেভেলাৰখনৰ চালকক জনালে স্থানীয় লোকে। তাৰ পাছত ট্ৰেভেলাৰখনে যাত্ৰা কৰে শ্যামলী জিলাৰ ছেইকট নামৰ গাঁওখনৰ মাজেৰে। লুংলুঙীয়া সৰু পথেৰে সঠিকভাৱেই গৈ আছিল ট্ৰেভেলাৰখন। কিন্তু হঠাৎ বাহনখনৰ চালক গোপাল শৰ্মা অসুস্থ হৈ পৰে। নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন যেনি-তেনি যাবলৈ ধৰে। প্ৰকৃততে কি হৈছে তাৰ উমান পোৱা নাছিল বাহনখনত থকা তেজপুৰৰ মহিলাসকলে। হঠাৎ দেখে চালক গোপাল শৰ্মা অসুস্থ হৈ পৰিছে।

যিটো পথেৰে ট্ৰেভেলাৰখন গৈ থকা পথৰ কাষত আছিল দ’ খাৱৈ। তেনে এক ভয়ংকৰ পৰিস্থিতিত সকলোৱে ত্ৰাণকৰ্তা হৈ পৰিল তেজপুৰৰ মিনু বড়োৱে। সন্মুখত দ’ খাৱৈ দেখি নিশ্চিত বিপদৰ উমান পাই হেণ্ড ব্ৰেক মাৰি ট্ৰেভেলাৰখন ৰখাই দিয়ে মিনু বড়োৱে। তাৰ পাছতেই অসুস্থ হৈ পৰা চালক গোপাল শৰ্মাক চালকৰ আসনৰ পৰা অন্য স্থানত বহুৱাই দিয়া হয়। অসুস্থ চালক গোলাপ শৰ্মাসহ লগত যোৱা ১৭গৰাকী মহিলাক গাড়ীৰ ভিতৰত বহিবলৈ দি নিজে চালকৰ আসনত বহিল মিনু বড়ো।

মিনু বড়োৱে গাড়ী চলাব জানিছিল যদিও জীৱনত কোনোদিনে পাহাৰৰ একা-বেঁকা পথত ট্ৰেভেলাৰৰ দৰে বাহন চলোৱাৰ অভিজ্ঞতা নাছিল। ঘটনাস্থলীৰ পৰা ৩০ কিঃমিঃ পাহাৰীয়া দুৰ্গম পথেৰে ট্ৰেভেলাৰ চলাই স্থানীয় কৰ্ণপ্ৰয়াগ চৰকাৰী হাস্পতাললৈ চিকিৎসাৰ বাবে লৈ যায় চালক গোপাল শৰ্মাক। কিন্তু চিকিৎসকে মৃত ঘোষণা কৰে চালক গোপাল শৰ্মাক।

মিনু বড়োৱে সাহসিকতাৰে ট্ৰেভেলাৰ বাহন চলাই প্ৰাণ ৰক্ষা কৰিলে ১৭গৰাকী মহিলাৰ । তেজপুৰত উপস্থিত হৈয়ে সেই ভয়ংকৰ অভিজ্ঞতাৰ কথা বিৱৰণি দিলে মিনু বড়োৱে। সোশৰীৰে তেজপুৰত উপস্থিত হোৱা ১৭গৰাকী মহিলাই মিনু বড়োক জনালে ধন্যবাদ।

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...