মোক নিজৰ ছোৱালী বুলি ক্ষমা কৰি দিব… দুলীয়াজানৰ বি এন সিং তেল ডিপোৰ ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা তনু শ্বাহীৰ ক্ষমা প্ৰাৰ্থনা
অৱশেষত দুলীয়াজানৰ বি এন সিং তেল ডিপোৰ ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা তনু শ্বাহীয়ে বিচাৰিলে ক্ষমা। দুলীয়াজানৰ এই তেল ডিপোত সংঘটিত হোৱা এক অপ্ৰীতিকৰ ঘটনা তথা প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰৰ সৈতে নাম সাঙোৰ খাইছিল তনু শ্বাহীৰ।

বি এন সিং তেল ডিপোৰ ঘটনাক লৈ ক্ষমা বিচাৰিছে তনু শ্বাহীয়ে!
অৱশেষত ক্ষমা বিচাৰিলে দুলীয়াজানৰ বি এন সিং তেল ডিপোৰ ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা তনু শ্বাহীয়ে। তনু শ্বাহীৰ এজাহাৰৰ ভিত্তিতেই জে’ললৈ গৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। অসমৰ দল-সংগঠনক অপমানসূচক মন্তব্যৰে গালি পৰাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত হোৱা প্ৰতিক্ৰিয়াৰ বাবে ক্ষমা খুজিলে তনু শ্বাহীয়ে।
তনু শ্বাহীয়ে কয়, “১৭ মে’ত দুলীয়াজানৰ বি এন সিং তেল ডিপোত যি অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে তাৰ বাবে মই ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ। কাজিয়াৰ সময়ত মোৰ মুখেৰে যি শব্দ ওলাইছিল তাৰ বাবে মই দূষিত। এই শব্দটো কোনো দল-সংগঠৰ উদ্দেশ্যে কোৱা নাছিলোঁ। সেইদিনা মোৰ চকুৰ সন্মুখত মোৰ ভাইটিসকলক চোঁচৰাইছে, মাৰিছে সেইবাবে মই ভয়ত এইদৰে ক’লো। মই এইদৰে অসমীয়াৰ বাবে বা অসমীয়া জাতিৰ বাবে কেতিয়াও ক’ব নোৱাৰো, কাৰণ মই নিজেই অসমীয়া ছোৱালী। কিন্তু মই এইটো শব্দ কাৰো বাবে ক’ব নালাগিছিলে। মই ইয়াৰ বাবে দুখ প্ৰকাশ কৰিছোঁ, সকলোকে এটাই অনুৰোধ জনাও যে মোক নিজৰ ছোৱালী বুলি ক্ষমা কৰি দিয়ে যেন।”
কি হৈছিল ঘটনাটো?
তৈল নগৰী দুলীয়াজানৰ এই তেল ডিপোৰ দখল সংক্ৰান্তীয় এক সংঘাতৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক। সোমবাৰে পুৱা ডিব্ৰুগড় আৰক্ষীয়ে দুৰ্ধৰ্ষ অপৰাধীৰ দৰে হাতত হেণ্ডকাফ্ লগাই লৈ গৈছিল শংকৰক। ইয়াৰ পিছতে দুলীয়াজানত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
ইয়াৰ পিছতে বিতৰ্ক আৰু প্ৰতিবাদৰ অন্তত অৱশেষত প্ৰশাসনে বন্ধ কৰি দিছিল দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল ডিপোটো। ঘটনা সন্দৰ্ভত ন্যায়িক তদন্ত ঘোষণা প্ৰশাসনৰ। তদন্ত সম্পূৰ্ণ নোহোৱালৈ বন্ধ ৰাখিব লাগিব তেল ডিপোটো।
উল্লেখ্য যে, শনিবাৰে দুটা ফৈদৰ মাজত তেল ডিপোটোৰ বাবে কাজিয়া হৈছিল । পৰৱৰ্তী সময়ত এই কাজিয়া মাৰপিটলৈ ৰূপান্তৰিত হয়। এই সময়ত তনু শ্বাহী নামৰ যুৱতীগৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত ভিডিঅ’ ৰেকৰ্ড কৰিছিল আৰু কৈছিল, ‘সব ফ্ৰী মে খানে ৱালা আদমী হে।’ইয়াৰ পিছতে এই মাৰপিটৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছিল শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে।
প্ৰথম অৱস্থাত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীয়ে কৈছিল যে, তেওঁ মাৰপিটৰ ঘটনাত জড়িত নাছিল । তেওঁ কেৱল কাজিয়া ভাঙিবলৈহে গৈছিল। কিন্তু আৰক্ষীয়ে জেৰা কৰাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ হয়। এই সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়া অধিক তথ্য পোহৰলৈ আহিছে।