৯ জুলাই বৃহস্পতিবাৰে সৰ্বাত্মক ভাৰত বন্ধৰ আহ্বান জনাইছে কেবাটাও সংগঠনে। সমগ্ৰ দেশৰ ২৫ কোটিৰো অধিক কৰ্মচাৰীয়ে চৰকাৰৰ শ্ৰমিক বিৰোধী, কৃষক বিৰোধী আৰু কৰ্পৰেট সমৰ্থক নীতিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলৈ সাজু হৈছে। এই দেশজোৰা ধৰ্মঘট আৰু ভাৰত বন্ধই ডাঙৰ প্ৰভাৱ পেলাব পাৰে, যাৰ বাবে কোটি কোটি টকাৰ লোকচানক লৈ চৰ্চা চলিছে।
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অন্যতম প্ৰভাৱশালী খেলুৱৈ দীপ্তি শৰ্মাই লাভ কৰিছে এক অনন্য কৃতিত্ব। টি২০ ক্ৰিকেটত শীৰ্ষ বলাৰৰ তালিকাত অষ্ট্ৰেলিয়াৰ এনাবেলক পিছ পেলাই দ্বিতীয় স্থান দখল দিপ্তী শৰ্মাৰ।
ৰাজধানী দিল্লীত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। এগৰাকী যুৱতী আৰু এটি ৬ মহীয়া কন্যা শিশুক অতি নিৰ্মমভাৱে হত্যা কৰা হয় মঙলবাৰে। যুৱতীগৰাকীৰ প্ৰেমিকে এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ আৰক্ষীৰ। এই ঘটনাৰ তদন্ত চলি থকা বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়াসকলে।