২৬/১১ আক্ৰমণৰ সময়ত মুম্বাইত আছিল মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তাজ হোটেলত থকাৰো আছিল পৰিকল্পনা, প্ৰত্যক্ষভাৱে দেখিছিল NSG ৰ কাৰ্যকলাপ, ইয়াৰ পিছত…
এক্স হেণ্ডেলত দিয়া অসমৰ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা পোষ্ট চৰ্চালৈ আহিছে । তেওঁ উল্লেখ কৰিছে যে, ২৬/১১ মুম্বাই আক্ৰমণৰ সময়ত তেওঁ মুম্বাইত আছিল । মুম্বাইৰ তাজ হোটেলত থকাৰো পৰিকল্পনা কৰিছিল মুখ্য়মন্ত্ৰীয়ে । ২০১০ চনতে তেতিয়াৰ টুইটাৰত দিয়া এটা পোষ্টটো শ্বেয়াৰ কৰি আজি এক্স হেণ্ডেলত আন এটা পোষ্ট কৰিছে মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ভাৰতলৈ সফলতাৰে প্ৰত্যাৰ্পণ কৰা হ’ল ২৬/১১ মুম্বাই আক্ৰমণৰ মূল অভিযুক্ত তাহাউৰ ৰাণাক । ইতিমধ্যে তাহাউৰ ৰাণাক ১৮ দিনৰ বাবে NIA ৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে । কিন্তু ইয়াৰ মাজতে এক্স হেণ্ডেলত দিয়া অসমৰ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা পোষ্ট চৰ্চালৈ আহিছে । তেওঁ উল্লেখ কৰিছে যে, ২৬/১১ মুম্বাই আক্ৰমণৰ সময়ত তেওঁ মুম্বাইত আছিল । মুম্বাইৰ তাজ হোটেলত থকাৰো পৰিকল্পনা কৰিছিল মুখ্য়মন্ত্ৰীয়ে । ২০১০ চনতে তেতিয়াৰ টুইটাৰত দিয়া এটা পোষ্টটো শ্বেয়াৰ কৰি আজি এক্স হেণ্ডেলত আন এটা পোষ্ট কৰিছে মুখ্যমন্ত্ৰীয়ে । ২০১০ চনত দিয়া পোষ্টটোত কি কৈছিল মুখ্য়মন্ত্ৰীয়ে ? ২৬/১১ ৰ দিনটোত মুম্বাইত থাকি কেনে অনুভৱ কৰিছিল মুখ্যমন্ত্ৰীয়ে ?
২০১০ চনৰ ২৬ নৱেম্বৰত দিয়া পোষ্টটোত মুখ্য়মন্ত্ৰী কৈছিল যে, “মই ২৬/১১ তাৰিখে মুম্বাইত আছিলো। তাজত কোঠা বুকিং কৰিছিলো । কিন্তু অন্য কিছু কাৰণত হোটেল সলনি কৰিবলগীয়া হৈছিল । ৩ দিন ধৰি মুম্বাইত আছিলোঁ । NSG ৰ একচন প্ৰত্যক্ষভাৱে দেখা পাইছিলোঁ ।” এই পোষ্টটো শ্বেয়াৰ কৰি আজি মুখ্য়মন্ত্ৰীয়ে এক্স হেণ্ডেলত লিখিছে যে,”২৬/১১ৰ নিশা মই মুম্বাইত আছিলো আৰু তাজত থকাৰ কথা আছিল। কিন্তু ভাগ্যই কোৱাৰ দৰেই পৰিকল্পনাৰ পৰিৱৰ্তনৰ বাবে শেষ মুহূৰ্তত আন এখন হোটেললৈ গুচি আহিলোঁ।”
On the night of 26/11, I was in Mumbai and scheduled to stay at the Taj. But as destiny would have it, I moved to another hotel at the last minute due to a change in plans.
The horror of that night, however, has stayed with me forever. I vividly remember watching the NSG… https://t.co/aj16qhxbHB
— Himanta Biswa Sarma (@himantabiswa) April 11, 2025
তেওঁ উল্লেখ কৰিছে যে,”সেই নিশাটো কাহানিও পাহৰিব নোৱাৰোঁ৷ সেই নিশা সংঘটিত হোৱা ঘটনাসমূহ মোৰ মাজত চিৰকালৰ বাবে ৰৈ গৈছে। আজি স্পষ্টভাৱে মনত আছে ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী অৰ্থাৎ এন এছ জিৰ কাৰ্যকলাপ প্ৰত্যক্ষ কৰোঁতে মনলৈ বাৰে বাৰে আহিছিল-এদিন নহয় এদিন এই জঘন্য কাণ্ডৰ আঁৰত থকা ‘মাষ্টাৰমাইণ্ড’সকলক সময়ে উচিত শাস্তি দিব ৷ ”
তেওঁ কয় যে, প্ৰায় ১৬ বছৰৰ পাছত দেশ কঁপোৱা এই কাণ্ডৰ অন্যতম মূল অভিযুক্ত তাহাউৰ ৰাণাক ভাৰতলৈ ঘূৰাই অনা দেখি কেৱল গোচৰটো চূড়ান্ত নিষ্পত্তিৰ দিশে গতি কৰিব বুলি আশা কৰিছোঁ । লগতে দেশৰ নেতৃত্বক অনুধাৱন কৰি পুনৰ এক আত্মবিশ্বাসেৰে মনটি ভৰি পৰিছে বুলিও কয় মুখ্য়মন্ত্ৰীয়ে । যেতিয়ালৈকে দেশৰ নেতৃত্বত এক সবল আৰু নিৰ্ণায়ক নেতৃত্ব আছে, শত্ৰুপক্ষীয় এজেণ্টসকলে ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ চেষ্টা কৰাৰ আগতে এবাৰ দুবাৰ নহয়, বহুবাৰ ভাবিব লাগিব বুলি উল্লেখ কৰিছে মুখ্য়মন্ত্ৰীয়ে ।
উল্লেখ্য যে, পাকিস্তানী মূলৰ কানাডাৰ নাগৰিক তাহাউৰ ৰাণাই পূৰ্বে পাকিস্তান সেনাবাহিনীৰ চিকিৎসক হিচাপে কাম কৰিছিল। প্ৰকাশিত খবৰ অনুসৰি, তাহাউৰ ৰাণা ২০০৮ চনত মুম্বাইত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ অন্য়তম মাষ্টাৰমাইণ্ড আছিল বুলি কোৱা হৈছে।