আপুনি বিধৱা সাজ নিপিন্ধিব, জীয়াই আছে সুনীল গগৈঃ তদন্তকাৰী বিষয়া

তদন্তকাৰী বিষয়াৰ মতে এতিয়াও জীয়াই আছে সুনীল। ইয়াৰোপৰি এই হত্যাকাণ্ডৰ আঁৰত সুনীল আৰু তেওঁৰ পৰিয়ালৰলোক থকা বুলি সন্দেহ কৰা হৈছে। ঘটনা সন্দৰ্ভত সুনীলৰ পত্নী, ভতিজাকক কেইবাবাৰো জেৰা কৰিছে আৰক্ষীয়ে।

আপুনি বিধৱা সাজ নিপিন্ধিব, জীয়াই আছে সুনীল গগৈঃ তদন্তকাৰী বিষয়া

সুনীল গগৈ- পত্নী

Published: 

10 Jul 2024 07:15 AM

সুনীল গগৈ- জাহাংগীৰ হত্যাকাণ্ডই নিতৌ লৈছে ন ন ৰূপ। ইয়াৰ মাজতে তদন্তকাৰী বিষয়াই ইংগিত দিছে সুনীল গগৈ জীয়াই থকা। এই হত্যাকাণ্ডৰ তদন্তকাৰী সংস্থা অপৰাধ অনুসন্ধান বিভাগৰ আই জি পি সংযুক্ত পৰাশে মঙলবাৰে সুনীল গগৈৰ বাসগৃহত উপস্থিত হৈ পত্নীক কয় যে, ”আপোনাক বিধৱা সাজ পিন্ধিবলৈ কোনে ক’লে?  কিয় এই সাজ পিন্ধিছে?  এই সাজ নিপিন্ধিব। মৃতদেহটো জাহাংগীৰৰ আছিল, সুনীলৰ নহয়। সুনীল জীয়াই আছে”।

আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে সুনীল গগৈৰ বাসগৃহত উপস্থিত হৈ প্ৰথমবাৰৰ বাবে সুনীলৰ পত্নী পুষ্পা গগৈৰ ঘৰতে সাক্ষ্য গ্ৰহণ কৰে। এই সময়চোৱাত পৰাশৰে সুনীলৰ পত্নীক বিধৱা সাজ নিপিন্ধিবলৈ কয়। ইয়াৰ প্ৰত্যুত্তৰত সুনীলৰ পত্নীয়ে পৰাশৰত প্ৰশ্ন কৰে, যদি সুনীল জীয়াই আছে তেন্তে কিয় উলিয়াই দিব পৰা নাই?  তেওঁ ক’ত আছে কিয় জানিব পৰা নাই?  সুনীলৰ পত্নীৰ এই প্ৰশ্নত পৰাশৰে কয় যে, মানুহ হেৰালে সহজে পোৱা নাযায়। আমি বিচাৰি আছো। তেওঁ কাৰোবাৰ লগত থাকিবও পাৰে।

উল্লেখ্য যে, ১ জুন, ২০২৪ ত ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱত সংঘটিত হৈছিল এক ভয়ংকৰ কাণ্ড। প্ৰায় সম্পূৰ্ণ জ্বলি যোৱা অৱস্থাত উদ্ধাৰ হৈছিল ছিন্ন মুণ্ড এটা মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটোৰ কাষতেই পৰি ৰৈছিল বিজেপি কিষান মৰ্চাৰ সাধাৰণ সম্পাদক তথা ঠিকাদাৰ সুনীল গগৈয়ে পৰিধান কৰা কাপোৰ। যিহেতু মৃতদেটো চিনাক্ত কৰিব পৰা অৱস্থাত নাছিল গতিকে ধাৰণা কৰা হৈছিল মৃতদেহটো সুনীল গগৈৰ।

কিন্তু তাৰ পাছতেই ঘটনাত নাম সাঙোৰ খাই জাহাংগীৰ নামৰ এজন ৰাজমিস্ত্ৰীৰ। কিয়নো এই ঘটনাৰ কেইদিনমান পাছতেই পোহৰলৈ আহিছিল যে সুনীলৰ ঘৰত কাম কৰি থকা ৰাজমিস্ত্ৰী জাহাংগীৰ নামৰ লোকজন নিৰুদ্দিষ্ট অৱস্থাত আছে। লগে লগে আৰক্ষীয়ে এই বিষয়টো তদন্তৰ আওতালৈ আনি জাহাংগীৰৰ লগতে তেওঁ ভাতৃৰ ডি এন এ টেষ্ট কৰায়। এই ডি এন এ পৰীক্ষাতে পোহৰলৈ আহে যে উদ্ধাৰ হোৱা মৃতদেহটো সুনীলৰ নহয়, জাহাংগীৰৰ আছিল।

প্ৰথমাৱস্থাত এই গোচৰটোৰ তদন্ত আৰক্ষীয়ে কৰিছিল যদিও পৰৱৰ্তী সময়ত ইয়াৰ দায়িত্ব চি আই ডিক অৰ্পন কৰা হৈছিল। তদন্তকাৰী বিষয়াৰ মতে এতিয়াও জীয়াই আছে সুনীল। ইয়াৰোপৰি এই হত্যাকাণ্ডৰ আঁৰত সুনীল আৰু তেওঁৰ পৰিয়ালৰলোক থকা বুলি সন্দেহ কৰা হৈছে। ঘটনা সন্দৰ্ভত সুনীলৰ পত্নী, ভতিজাকক কেইবাবাৰো জেৰা কৰিছে আৰক্ষীয়ে। সুনীল গগৈৰ পত্নী পুষ্পা গগৈ, পুত্র সৌৰভ গগৈ,  ভতিজা জয়ন্ত গগৈৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। IPC ৰ 120(B)/302/201/34 ধাৰাৰ 48/24 নম্বৰত গোচৰ ৰুজু। আনহাতে সুনীল গগৈক পলাতক ঘোষণা কৰিছে আৰক্ষীয়ে। আনহাতে এতিয়াও আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই জাহাংগীৰৰ চিন্ন মুণ্ডা। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

সুখী বৈবাহিক জীৱনৰ বাবে নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইবিধ বস্তু!
বাংলাদেশত I Love You কেনেকৈ কয়? জানি হ'ব আচৰিত
মদ্যপান কৰিলে মানুহ কিয় ফুলে ? উপশম পোৱাৰ উপায় জানক...
নিয়ন্ত্ৰণত থাকিব ব্লাড চুগাৰ! খালী পেটত এইদৰে খাওক নৰসিংহৰ পাত...
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
অসমত বৰ্তমান ৪০শতাংশ বাংলাদেশী মূলৰ লোক আছেঃ মুখ্যমন্ত্ৰী
খেৰণিৰ পৰিস্থিতি অতি স্পৰ্শকাতৰঃ মুখ্যমন্ত্ৰী
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা