হাতে হাতে ম’বাইল লৈ পৰীক্ষা দিলে পৰীক্ষাৰ্থীয়ে! বিদ্যালয়ৰ অধ্যক্ষক তত্বাবধায়কৰ দায়িত্বৰ পৰা অব্যাহতি

১৩ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। মুঠ ৩,০৬,৮৪১গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে এই বছৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। পৰীক্ষা চলি থকাৰ মাজতে ৰাজ্যৰ এখন বিদ্যালয়ত সংঘটিত হৈছে এক অথন্তৰ। নকল ধৰা পৰা বাবেই দায়িত্বৰ পৰা অব্যাহতি দিয়া হ'ল বিদ্যালয়ৰ অধ্যক্ষক।

হাতে হাতে ম’বাইল লৈ পৰীক্ষা দিলে পৰীক্ষাৰ্থীয়ে! বিদ্যালয়ৰ অধ্যক্ষক তত্বাবধায়কৰ দায়িত্বৰ পৰা অব্যাহতি

প্ৰতীকি ফটো

Updated On: 

17 Feb 2025 | 04:56 PM

পৰীক্ষাত নকলৰ পয়োভৰ!  অৱশ্যে এয়া কোনো নতুন কথা নহয়। ব’ৰ্ড পৰীক্ষা বুলি ক’লেই  প্ৰায়ে  নকল বিষয়টোৱে প্ৰাধান্য পায়। গতিকে নকল ধৰাটো কোনো নতুন খবৰ নহয়। কিন্তু আজিৰ নকলৰ খবৰটো অলপ বেলেগ। যিয়ে এতিয়া লাভ কৰিছে ব্যাপক চৰ্চা। সাধাৰণতে নকল ধৰা পৰিলে শিক্ষাৰ্থীগৰাকীক পৰীক্ষাৰ পৰা বহিস্কাৰ কৰা হয়। কিন্তু এইবাৰ তেনে হোৱা নাই। এইবাৰ নকল ধৰা পৰা বাবেই দায়িত্বৰ পৰা অব্যাহতি দিয়া হ’ল বিদ্যালয়ৰ অধ্যক্ষক। ঘটনাটোনো কি সবিশেষ জানো আহক…

১৩ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। পৰীক্ষাত বহিছে ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰী।  দুটা শ্বিফ্টত অনুষ্ঠিত হৈছে এই পৰীক্ষা। প্ৰথম শ্বিফ্টৰ পৰীক্ষা পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় শ্বিফ্টৰ পৰীক্ষা ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ অনুষ্ঠিত হৈছে। মুঠ ৩,০৬,৮৪১গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে এই বছৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। পৰীক্ষা চলি থকাৰ মাজতে ৰাজ্যৰ এখন বিদ্যালয়ত সংঘটিত হৈছে এক অথন্তৰ।

জানিব পৰা মতে,  নিৰীক্ষকৰ সন্মুখতে ম’বাইল চাই পৰীক্ষা দিছিল পৰীক্ষাৰ্থীয়ে।  ম’বাইল চাই চাই পৰীক্ষাৰ্থীয়ে দিলে কাৰিকৰী শাখাৰ চূড়ান্ত পৰীক্ষা। শিক্ষকৰ সন্মুখতে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত মোবাইল চাই চাই উত্তৰ লিখিছে পৰীক্ষাৰ্থীয়ে। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাকেন্দ্ৰত সংঘটিত হৈছে ভয়ংকৰ এই ঘটনাটো। তাৰ পাছত  ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল সেই ভিডিঅ’। ভিডিঅ’টোত এগৰাকীয়ে কোৱা শুনা গৈছে  ‘ঐ এটা দুটা এৰি যাবি। নহ’লে ধৰা পৰিবি। ভালকৈ লিখি থাক।’

ইয়াৰ পাছতে এই ঘটনাক লৈ তামুলপুৰত তীব্ৰ প্ৰতিক্ৰিয়া। ৰাজ্যজুৰি আৰম্ভ হৈছে তুমুল চৰ্চা। পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ কেনেকৈ ম’বাইল নিলে, তাকে লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ম’বাইল নিলে শিক্ষকৰ সন্মুখত কেনেকৈ ম’বাইল উলিয়াই ল’বলৈ সাহস কৰিলে সেয়াও এক ৰহস্য। ইফালে ঘটনাক ভিডিঅ’ ভাইৰেল হৈ পৰাৰ লগে লগে তৎপৰ হৈছে শিক্ষা বিভাগ। তাৎক্ষণিকভাৱে কেন্দ্ৰৰ তত্বাবধায়ক দায়িত্বৰ পৰা অব্যাহতি হৈছে বিদ্যালয়ৰ অধ্যক্ষ বিভূতি ডেকাক। এই সন্দৰ্ভত তদন্তৰ নিৰ্দেশ জিলা আয়ুক্তৰ।

ইফালে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দ্বিতীয় দিন৷ ৯৪৪ কেন্দ্ৰত পৰীক্ষাত অৱতীৰ্ণ হৈছে ৪,২৯,৪৪৮ পৰীক্ষাৰ্থী। ইয়াৰে ভিতৰত ১ লাখ ৯০ হাজাৰ ৬৫৩ জন ছাত্ৰ আৰু ২ লাখ ৩৮ হাজাৰ ৭৯৫ গৰাকী ছাত্ৰী অৱতীৰ্ণ হৈছে পৰীক্ষাত। আজি অনুষ্ঠিত হৈছিল অসমীয়া বিষয়ৰ পৰীক্ষা৷ ইয়াৰ মাজতে বিলাসীপাৰাত এটা পৰীক্ষা কেন্দ্ৰত পোৱা গৈছে জাপে জাপে নকল। কোনোবাই যদি লৈছে চোলাৰ ভিতৰত আকৌ কোনোবাই নকল লৈছে মোজাৰ ভিতৰত। বিলাসীপাৰা বৰকান্দা পিউপিলচ একাডেমি উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ত সংঘটিত হৈছে এই কাণ্ড ।

বিদ্যালয়খনত ওলাইছে দমে দমে নকল। চোলাৰ ভিতৰত, জোতাৰ ভিতৰত, ৰুমালত নকল বান্ধি আনি মেট্ৰিক পৰীক্ষা দিবলৈ আহিছে ছাত্ৰ-ছাত্ৰী। পৰীক্ষকে য”তেই হাত দিছে, ত’তেই পাইছে নকলৰ টকুৰা। পৰীক্ষাৰ্থীৰ জোতা, ৰুমাল, চাৰ্টৰ মাজৰ পৰা ওলাল দমে-দমে ওলাইছে নকল।   পৰীক্ষাৰ্থীক তালাচী চলাওঁতে ওলাইছে জাপে জাপে নকল৷ এই দৃশ্য বৰকান্দা পিপলছ একাডেমী উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব