৫ দিন ধৰি সন্ধানহীন! পাণ্ডু মহাবিদ্যালয়ৰ হোষ্টেলৰ শৌচাগাৰত উদ্ধাৰ যুৱকৰ মৃতদেহ…
পুনৰ গুৱাহাটী মহানগৰীত উদ্ধাৰ এজন ছাত্ৰৰ মৃতদেহ। এটা ছাত্ৰাবাসৰ শৌচাগাৰৰ পৰা ছাত্ৰগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত যুৱকজন পাণ্ডু কলেজৰ ছাত্ৰ আছিল।

ছাত্ৰজন
গুৱাহাটী মহানগৰীৰ পৰা পোহৰলৈ আহিছে পুনৰ এক চাঞ্চল্যকৰ ঘটনা। পাণ্ডু মহাবিদ্যালয়ৰ ছাত্ৰবাসত উদ্ধাৰ এজন ছাত্ৰৰ মৃতদেহ। যোৱা কেইবাদিন ধৰি ছাত্ৰজন নিৰুদ্দেশ হৈ থকাৰ পাছতে শেহতীয়াকৈ তেওঁৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয়। যাৰ পাছতে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।
প্ৰাপ্ত খবৰ অনুসৰি, যোৱা ১২ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছিল ৰুবাইল আলম নামৰ ছাত্ৰগৰাকী। হোজাই জিলাৰ লংকাজানৰ বাসিন্দা এই ছাত্ৰজনে পাণ্ডু মহাবিদ্যালয়ৰ অম্বিকাগিৰী ৰায়চৌধুৰী ছাত্ৰাবাসত থাকি অধ্যয়ন কৰি আছিল। তেওঁ আছিল বি এছ চি তৃতীয় ষন্মাসিকৰ ছাত্ৰ। কিন্তু ছাত্ৰজন নিৰুদ্দেশ হোৱাত চিন্তিত হৈ পৰে পৰিয়াল আৰু পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত জালুকবাৰী থানাত এজাহাৰ দাখিল কৰে।
পৰিয়ালে অভিযোগ কৰা অনুসৰি, ছাত্ৰজন নিৰুদ্দেশ হোৱা বুলি জনোৱাৰ পাছতো আৰক্ষী আৰু মহাবিদ্যালয় কৰ্তৃপক্ষই বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাছিল। কিন্তু তাৰ পাছতে বুধবাৰ (১৭ ডিচেম্বৰ)য়ে ছাত্ৰজনৰ মৃতদেহ অম্বিকাগিৰী ৰায়চৌধুৰী ছাত্ৰাবাসৰ শৌচাগাৰত উদ্ধাৰ হয়। ইমান দিন ধৰি নিৰুদ্দেশ হৈ থকা ছাত্ৰজনৰ মৃতদেহ শৌচাগাৰত উদ্ধাৰ হোৱা ঘটনাই এতিয়া বহু প্ৰশ্নৰ অৱকাশ আনিছে।
পৰিয়ালে অভিযোগ কৰিছে যে, এয়া এক পৰিকল্পিত হত্যাকাণ্ড। অনলাইন গেমৰ বাবে দুই বন্ধুই ৰুবাইলক দীৰ্ঘদিন ধৰি হাৰাশাস্তি কৰি আহিছিল। আনকি ৰুবাইলৰ পৰিয়ালৰ লোকে অনলাইন গেমৰ বাবে এই দুই যুৱকক ধন আদায় দিছিল। অনলাইন গেমৰ এই চক্ৰটোৰ বাবে ছাত্ৰজনৰ অকাল মৃত্যু হোৱা বুলি পৰিয়ালে অভিযোগ উত্থাপন কৰিছে।
ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ পাছতে আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। ইতিমধ্যে যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত জানিব পৰা যাব ছাত্ৰজনৰ মৃত্যুৰ কাৰণ। ইফালে এই ঘটনাক কোন, কেনেকৈ জড়িত হৈ আছে এই সকলো আৰক্ষীৰ তদন্তৰ অন্তত পোহৰলৈ আহিব।
অন্য খবৰ পঢ়কঃ বাংলাদেশৰ মৰসাহ! উত্তৰ-পূবক ভাৰতৰ পৰা পৃথক কৰাৰ হুংকাৰ, ক’লে ভয়ংকৰ ষড়যন্ত্ৰৰ কথা…