কোনে, কিয় প্ৰাণঘাটি আক্ৰমণ কৰিছিল ডিব্ৰুগড়ৰ মৌচুমীক? অভিযুক্ত কেব চালকক গ্ৰেপ্তাৰ!

প্ৰেমৰ বাবেই মহানগৰীত ছুৰিকাঘাতত প্ৰাণ হেৰুৱালে যুৱতীয়ে! এই ভয়ংকৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ মহানগৰ। ইফালে চিনাক্ত কৰা হৈছে গুৱাহাটীত যুৱতীক ছুৰিকাঘাত কৰা যুৱকক । ৰাজপথতে যুৱতীক ছুৰীৰে আক্ৰমণ চলোৱা যুৱকজনৰ নাম ভূপেন দাস।

কোনে, কিয় প্ৰাণঘাটি আক্ৰমণ কৰিছিল ডিব্ৰুগড়ৰ মৌচুমীক? অভিযুক্ত কেব চালকক গ্ৰেপ্তাৰ!

কোনে, কিয় আক্ৰমণ কৰিছিল ডিব্ৰুগড়ৰ মৌচুমীক?

Updated On: 

26 Dec 2024 | 07:18 PM

প্ৰেমত প্ৰতাৰণা আৰু এক ভয়ংকৰ আক্ৰমণ! প্ৰেমে জানো এনেকুৱা? প্ৰেম জানো ইমান নৃশংস? কোৱা হয় প্ৰেম মানে ত্যাগ! কিন্তু এই প্ৰেমে জানো কাৰোবাক হত্যাৰ কাৰণ হ’ব পাৰে? এই প্ৰেমৰ বাবেই মহানগৰীত ছুৰিকাঘাতত প্ৰাণ হেৰুৱালে যুৱতীয়ে! এই ভয়ংকৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ মহানগৰ। ইফালে চিনাক্ত কৰা হৈছে গুৱাহাটীত যুৱতীক ছুৰিকাঘাত কৰা যুৱকক । ৰাজপথতে যুৱতীক ছুৰীৰে আক্ৰমণ চলোৱা যুৱকজনৰ নাম ভূপেন দাস।

জানিব পৰা মতে অভিযুক্ত ভূপেন দাসৰ ঘৰ হাজোত। মৌচুমী গগৈ নামৰ যুৱতীগৰাকীক ছুৰিকাঘাত কৰাৰ পিছত চোকা অস্ত্ৰৰে নিজকে শেষ কৰাৰ চেষ্টা চলায় যুৱকজনে। মৌচুমীক ছুৰিকাঘাত কৰি আত্মহননৰ চেষ্টা ভূপেন দাসৰ৷ বাহনৰ ভিতৰত তেজেৰে তুমৰলি অৱস্থাত উদ্ধাৰ ভূপেনক৷ উদ্ধাৰ কৰা হৈছে ভূপেনৰ বাহনো৷ হাউছফেডৰ সমীপত উদ্ধাৰ বাণিজ্যিক বাহনখন৷  সম্প্ৰতি GMCHত চিকিৎসাধীন ভূপেন দাস। হত্যাকাৰী ভূপেন দাসৰ মানিবেগত উদ্ধাৰ মৌচুমী গগৈৰ ফটো৷

এই সন্দৰ্ভত আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে সামাজিক মাধ্যমযোগে জনোৱা অনুসৰি, যুৱতীগৰাকীক ছুৰিকাঘাত কৰাৰ পিছতে চোকা অস্ত্ৰৰে আত্মহননৰ চেষ্টা চলাই লোকজনে। বৰ্তমান আহত লোকজনক জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে। তেওঁ কয়,  “গুৱাহাটীৰ নাহৰণি পথ এগৰাকী যুৱতীৰ ছুৰিকাঘাতৰ ঘটনাৰ সন্দৰ্ভত – আক্ৰমণকাৰীজনক আটক কৰা হৈছে। তেওঁ নিজকে ছুৰিকাঘাত কৰিছে আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।”

জানিব পৰা মতে, ভূপেন দাস আৰু মৌচুমী গগৈৰ আছিল প্ৰেমৰ সম্পৰ্ক৷ ঘাতক ভূপেনৰ সৈতে দুবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল মৌচুমীৰ।কিন্তু পাছত ভূপেন বিৱাহিত বুলি জানিব পাৰিছিল মৌচুমীয়ে৷ দুটাকৈ সন্তানৰ পিতৃ ঘাতক ভূপেন দাস। ইয়াৰ পাছতেই দূৰত্ব বজাই ৰাখিছিল আৰু মৌচুমীৰ অৱহেলা সহ্য কৰিব পৰা নাছিল ভূপেনে৷ ইয়াৰ বাবে বিভিন্ন সময়ত ভূপেনে ভাবুকি দি আহিছিল মৌচুমীক। এমাহ পূৰ্বেও জালুকবাৰীত দা লৈ মৌচুমীক খেদি ফুৰিছিল ভূপেন বৰাই। ভূপেনৰ অতপালিত অতিষ্ঠ হৈ পাণবজাৰ থানাত এজাহাৰ দাখিল কৰিছিল মৌচুমী গগৈয়ে।

উল্লেখ্য যে, আজি পুৱাৰ ভাগত লাষ্টগে’টত মৌচুমী গগৈ নামৰ যুৱতীগৰাকীক ছুৰিকাঘাত কৰে কেব চালক ভূপেন দাসে। তাৰ পাছতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয় যুৱতীগৰাকীৰ। লাষ্টগে’টৰ নাহৰণি পথত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা। যুৱতীগৰাকীৰ পেট, ডিঙি আৰু হাতত ছুৰিৰে আঘাত কৰিছিল ভূপেন দাসে। সেই সময়ত যুৱতীগৰাকীয়ে ৰেপিড’ৰ বাবে ৰৈ আছিল পথৰ দাঁতিত।  এখন ছুইফ্ট ডিজায়াৰ বাহন আহি যুৱতীগৰাকীক আক্ৰমণ কৰে ভূপেনে। আক্ৰমণ কৰাৰ পিছতে বাহনখনেৰে সেই স্থানৰ পৰা পলায়ন কৰে দুৰ্বৃত্তই।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...