দক্ষিণ কামৰূপৰ ৰামপুৰত দুখন বাছৰ মুখামুখি সংঘৰ্ষ, আহত ক’মেও ৫০ জন…

আজি পুৱাই দক্ষিণ কামৰূপৰ ৰামপুৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন যাত্ৰীবাহী বাছৰ মাজত হোৱা সংঘৰ্ষত প্ৰায় ৫০ জনলোক আহত হয়। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

দক্ষিণ কামৰূপৰ ৰামপুৰত দুখন বাছৰ মুখামুখি সংঘৰ্ষ, আহত কমেও ৫০ জন...

বাছ দুখন

Published: 

18 Sep 2024 09:53 AM

বুধবাৰে পুৱা দক্ষিণ কামৰূপৰ ৰামপুৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুখনকৈ যাত্ৰীবাহী বাছৰ মাজত হোৱা সংঘৰ্ষৰ ফলত আহত হয় প্ৰায় ৫০ জন যাত্ৰী। ইয়াৰে কেইবাজনো যাত্ৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহতসকলত ইতিমধ্যে ভৰ্তি  কৰোৱা হৈছে স্বাস্থ্য কেন্দ্ৰত।

খবৰ অনুসৰি আজি পুৱা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই পথ দুৰ্ঘটনা সংঘটিত হয়। গুৱাহাটী আৰু গোৱালপাৰা অভিমুখী দুখন বাছৰ মাজত হোৱা প্ৰচণ্ড সংঘৰ্ষৰ ফলত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। যাৰ ফলত প্ৰায় ৫০ জন যাত্ৰী আহত হয়।  বাছ দুখনত কিমান সংখ্যক যাত্ৰী আছিল এতিয়ালৈকে জানিব পৰা হোৱা নাই।

তথ্য অনুসৰি দুৰ্ঘটনাতপতিত হোৱা বাছ দুখনৰ নম্বৰ  AS 01 KC 9799 আৰু  AS 01 CC 9478। ইয়াৰে এখন বাছ গুৱাহাটী আৰু আন খন গোৱালপাৰালৈ গৈ থাকোতে মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাৰ ফলত বাছ দুখনৰ চালক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতেই উক্ত স্থানত আৰক্ষী উপস্থিত হৈ স্থানীয়লোকৰ সহযোগত আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বৰ্তমান ৰামপুৰ আৰু মিৰ্জা স্বাস্থ্য কেন্দ্ৰত ভৰ্তি হৈ আছে কেইবাগৰাকী যাত্ৰী।  আহতসকলৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। পৰৱৰ্তী সময়ত এই ঘটনাৰ আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱণা আছে।

কি কি দিশত নিম পাত ব্যৱহাৰ কৰিব পাৰি ? ইয়াৰ ৬ টা বিশেষ উপকাৰিতা জানক
শীতকালত হিটাৰ কেনেকৈ ব্যৱহাৰ কৰিব? ভুল কৰিলে হ'ব বিপদ!
বাৰে বাৰে গুপ্তাংগৰ খজুৱতিয়ে আমনি কৰিছে নেকি? ই কি ৰোগৰ কাৰণ জানক
এই ৫ টা লক্ষণে আপোনাক কিডনী সংক্ৰমণৰ ইংগিত দিব পাৰে...
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...
অখিল গগৈ কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...