শীতৰ আমেজ লবলৈ সহজেই ভ্ৰমণ কৰিব পাৰে আপোনাৰ গাৰ কাষতে থকা এইসমূহ ঠাই

ভ্ৰমণ প্ৰিয়সকলৰ বাবে এই প্ৰতিবেদনত আমি লৈ আহিছো উত্তৰ-পূবৰ কেইখনমান পৰ্যটন ক্ষেত্ৰৰ বিষয়ে, যত শীতকালত ভিৰ কৰেহি ভিন্ন ঠাইৰ পৰ্যটকে ।

শীতৰ আমেজ লবলৈ সহজেই ভ্ৰমণ কৰিব পাৰে আপোনাৰ গাৰ কাষতে থকা এইসমূহ ঠাই

অৰুণাচল

Published: 

10 Jan 2025 19:01 PM

এতিয়া শীতৰ বতৰ । গ্ৰীষ্মত যিদৰে বৰষুণৰ এক সুকীয়া আমেজ থাকে, ঠিক তেনেদৰে শীতকালৰো আছে অনন্য আমেজ । কুঁৱলীৰ আচ্ছাদন, ফিৰফিৰিয়া বতাহ, নিশা টোপ টোপকৈ সৰা নিয়ৰৰ টোপালে শীতক অনন্য কৰি তোলে । জুই একুৰা জ্বলাই তাৰ কাষত বহি ৰসাল আড্ডা দিয়াৰ পৰা সুস্বাদু খাদ্য খোৱালৈকে শীতৰ আমেজ লোৱাৰ ভিন্ন উপায় আছে । বহুতে আকৌ শীতত ফুৰি ভালপায় । শীত মানেই বনভোজৰো বতৰ । ভ্ৰমণ প্ৰিয়সকলৰ বাবে এই প্ৰতিবেদনত আমি লৈ আহিছো উত্তৰ-পূবৰ কেইখনমান পৰ্যটন ক্ষেত্ৰৰ বিষয়ে, যত শীতকালত ভিৰ কৰেহি ভিন্ন ঠাইৰ পৰ্যটকে ।

টাৱাং (অৰুণাচল প্ৰদেশ)

অৰুণাচল প্ৰদেশৰ বমডিলাৰ পৰা প্ৰায় ১৮৩ কিমি দূৰত্বত সাগৰ পৃষ্ঠৰ পৰা ৩৫০০ মিটাৰ উচ্চতাত অৱস্থিত টাৱাং এক আকৰ্ষণীয় পৰ্যটন থলী । টাৱাং বৌদ্ধ মঠটোও ভ্ৰমণৰ বাবে অন্যতম শ্ৰেষ্ঠ ঠাই আৰু শীতকালত যেতিয়া বৰফ পৰে ঠাইখনৰ সৌন্দৰ্যই আপোনাক মন্ত্ৰমুগ্ধ কৰি তুলিব । চহৰখনত মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰফ পৰে । তথাপিও, এই চহৰখনলৈ যোৱাৰ আগতে সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয় ।

কুঁৱলীয়ে আৱৰা চেলা পাছলৈও যাব পাৰে, যিটো সৰ্বোচ্চ উচ্চতাৰ পাহাৰীয়া পাছ । শীতকালত চেলা পাছখন এক যাদুকৰী বিস্ময়কৰ স্থানলৈ ৰূপান্তৰিত হয়, য’ত বৰফেৰে আবৃত পথ আৰু জলপ্ৰপাত থাকে। এজন ফটোগ্ৰাফাৰৰ বাবে ই স্বৰ্গ স্বৰূপ ! যদি আপুনি বৰফ ভাল পায় তেন্তে শীতকালত বৰফ পৰা উপভোগ কৰিবলৈ টাৱাং হৈছে এক উত্তম ঠাই ।

ছিকিম

শীতকালত উত্তৰ-পূব ভাৰতৰ অন্যতম আৱশ্যকীয় স্থান হ’ল ছিকিম ৰাজ্য । ৰাজ্যখন ইয়াৰ আচৰিত প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে জনাজাত আৰু শীতকালত বৰফেৰে আবৃত পাহাৰ আৰু হ্ৰদবোৰে মনোৰম পৰিৱেশৰ সৃষ্টি কৰে । শীতকালত বৰফ পৰাৰ অভিজ্ঞতা লাভ কৰিবলৈ ছিকিম আটাইতকৈ উত্তম ঠাই । ছিকিমত যুমথাং, পেলিং আৰু লাচুং আদি চাবলগীয়া বহুতো ঠাই আছে । হিমালয়ৰ পাদদেশৰ এই ৰাজ্যখনত শীতকালত বৰফ পৰে আৰু এইটোৱেই হৈছে ৰাজ্যখনৰ সৰহভাগতে আপুনি পোৱা অন্যতম বস্তু ।

মায়’ডিয়া পাছঃ বৰফ প্ৰেমীৰ বাবে এক স্বৰ্গ

অৰুণাচল প্ৰদেশৰ আপাৰ দিবাং উপত্যকাৰ এখন সৰু চহৰ হৈছে মায়’ডিয়া, য’ত শীতকালত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকে ভিৰ কৰেহি । শীতকালত মায়’ডিয়া বৰফৰ আচ্ছাদনেৰে আবৃত হৈ থাকে, যাৰ ফলত শীতকালীন মনোৰম পৰিৱেশৰ সৃষ্টি হয় । চহৰখনত বৰফ পৰে আৰু পৰ্যটকসকলে বছৰৰ শেষত বা জানুৱাৰী মাহত ভাৰত-চীন সীমান্তৰ এই গাঁওখনলৈ গৈ পাছৰ মাজেৰে ট্ৰেকিং বা বাইকিং অভিযানৰ আমেজ লয় ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

প্ৰাকৃতিক সম্পদৰ কেন্দ্ৰস্থল হিচাপে অসমে বিশ্বৰ মানচিত্ৰত স্থান লাভ কৰিছে । বনাঞ্চল, ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্ৰাণী অভয়াৰণ্যই ৰাজ্যখনক ভ্ৰমণৰ যোগ্য কৰি তুলিছে । বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে অন্যতম উল্লেখযোগ্য স্থান । কাজিৰঙা আৰু অসমৰ অন্যান্য ৰাষ্ট্ৰীয় উদ্যানসমূহত পৰিভ্ৰমী চৰাই আৰু বৃহৎ সংখ্যক বন্যপ্ৰাণী চোৱাৰ বাবে শীতকাল সৰ্বোত্তম সময় । প্ৰতি বৰ্ষত অক্টোবৰ মাহত কাজিৰঙা পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয় আৰু এপ্ৰিল মাহৰ শেষত পুনৰ পৰ্যটকৰ প্ৰৱেশ বন্ধ হৈ যায় ।

কাজিৰঙাত হাতী আৰু জীপ চাফাৰীৰ দ্বাৰা উদ্যানৰ ভিতৰলৈকে গৈ জীৱ-জন্তু চোৱাৰ সুবিধা আছে । বহুতে কাজিৰঙাত বনভোজ খাবলৈও আহে । বন্যপ্ৰাণী ফটোগ্ৰাফাৰৰ বাবে আকৰ্ষণৰ অন্যতম কেন্দ্ৰস্থল কাজিৰঙা ।

শ্বিলং

শ্বিলং হৈছে মেঘালয়ৰ ৰাজধানী চহৰ । বছৰৰ যিকোনো সময়তে ভ্ৰমণৰ বাবে উপযোগী এখন ঠাই শ্বিলং । ইয়াৰ উপৰিও এলিফেণ্ট জলপ্ৰপাত, বা মৌছমাই গুহা, বৰাপানী, মাউলিননঙৰ দৰে ঠাইয়ে পৰ্যটকক হাত বাউল দি মাতে । শীতকালত শ্বিলং নিজে নিজে অধিক মোহনীয়া হৈ পৰে । নদী, হ্ৰদ, জলপ্ৰপাতৰ আকৰ্ষণীয় ৰূপৰ লগতে চেৰী ফুলৰ সৌন্দৰ্যই আপোনাক ভাৰতত আছে নে আন ঠাইত আছে সেইটো এবাৰ ভাবিবলৈ বাধ্য কৰিব । প্ৰতি বছৰে মেঘালয়ৰ শ্বিলঙত দৰ্শকে চেৰী ফুলা উৎসৱত এই ফুলৰ আচৰিত সৌন্দৰ্যৰ সাক্ষী হ’ব পাৰে । সাধাৰণতে নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা এই উৎসৱ শ্বিলঙৰ ৱাৰ্ড’ছ লেক অঞ্চলত চেৰী ফুল ফুলাৰ আনন্দত উদযাপন কৰা হয় । এই উৎসৱত সাংস্কৃতিক অনুষ্ঠান, সংগীত, খাদ্য আদিৰ অনন্য পৰিবেশৰ সৃষ্টি হয় ।

কহিমা

নাগালেণ্ড মূলতঃ হিমালয়ৰ পাদদেশত থকা ৰাজ্যসমূহৰ ভিতৰত অন্যতম আৰু সেয়েহে শীতকালত ই একেবাৰে মোহনীয়া হৈ পৰে । ডিচেম্বৰ মাহৰ প্ৰথমাৰ্ধত প্ৰতি বছৰে উদযাপন কৰা হৰ্ণবিল উৎসৱ উপভোগৰ অন্যতম অনুষ্ঠান । হৰ্ণবিল উৎসৱে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোকক আকৰ্ষণ কৰে ।

হাফলং

অসমৰ পাহাৰীয়া অঞ্চলসমূহৰ ভিতৰত হাফলং অন্যতম ৷ ডিমা হাছাও জিলাৰ হাফলঙৰ প্ৰাকৃতিক বৈশিষ্ট্যৰ বাবে সকলোৱে ইয়াক ‘মিনি ছুইজাৰলেণ্ড’ বুলি কয় । সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৬৮০ মিটাৰ উচ্চতাত অৱস্থিত এই হাফলং চহৰ । ডিমা হাছাও জিলাৰ মুখ্য কাৰ্যালয় হিচাপে পৰিগণিত হাফলং চহৰ ৰাজ্যখনৰ মুখ্য চহৰ গুৱাহাটীৰ পৰা প্ৰায় ৩৪৫ কিলোমিটাৰ দূৰত অৱস্থিত । সমুদ্ৰপৃষ্ঠৰ পৰা ২,৩০০ ফুট উচ্চতাত অৱস্থিত হাফলং হৈছে প্ৰকৃতিৰ এক ভূ-স্বৰ্গ । পৰ্যটনৰ এক উল্লেখযোগ্য স্থান হিচাবে হাফলং জনপ্ৰিয় । হাফলং হ্ৰদটো পাহাৰীয়া অঞ্চলটোৰ কেন্দ্ৰত অৱস্থিত আৰু ই অসমৰ অন্যতম বৃহৎ প্ৰাকৃতিক জলাশয় । হাফলঙত পৰ্যটকৰ বাবে আকৰ্ষণীয় স্থলীসমূহৰ ভিতৰত অন্যতম হৈছে জাতিংগা | মাইবঙৰ পৰা ৪৭ কিল’মিটাৰ দূৰত্বত জাতিংগালৈ আৰু জাতিংগাৰ পৰা মাত্ৰ 10 কিল’মিটাৰ আঁতৰত হাফলং | জাতিংগা গাঁওখনলৈ নানা ৰঙী বিদেশী পৰিভ্ৰমী চৰাইবোৰ আহে শীতকালত । ইয়াত ছেপ্তেম্বৰ -অক্টোবৰ মাহত দক্ষিণ দিশৰ পৰা এজাক প্ৰবল বতাহ বয় আৰু আকাশখন ডাৱৰে আৱৰি ধৰে । তেতিয়াই বিদেশী পৰিভ্ৰমী চৰাইবোৰ আহে আৰু ৰহস্যজনকভাৱে মৃত্যুবৰণ কৰে । এই সময়ছোৱাতে যথেষ্ট সংখ্যক পৰ্যটক ইয়ালৈ আহে ।

অনবৰতে হামিয়াই থকাটো কিহৰ লক্ষণ জানেনে?
শিৱক অৰ্পন কৰক এই বস্তু! পূৰণ হ'ব মনৰ সকলো কামনা...
শাওনৰ সোমবাৰত ভুলতো নকৰিব এই কাম! শিৱ হ'ব অসন্তুষ্ট...
ডিম্বাশয়ত কৰ্কট ৰোগ হ'লে প্ৰথমতে দেখা দিয়ে এইসমূহ লক্ষণ! আওকান নকৰিব