গোৱালপৰীয়া লোকগীত চিনি নাপায় মানৱ ডেকাই! অখিল গগৈয়ে কৰিলে এই প্ৰশ্ন..

অসমীয়া সমাজ-সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ, জনজীৱনৰ সাহ গোৱালপৰীয়া লোকগীত চিনি নাপায় অসমৰ এগৰাকী জনপ্ৰতিনিধি বিজেপি বিধায়ক মানৱ ডেকাই। সামাজিক মাধ্যমত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক কটাক্ষ কৰিবলৈ গৈ এই অভিযোগৰেই সন্মুখীন হ’বলগীয়া হৈছে বিজেপি বিধায়কগৰাকী।

গোৱালপৰীয়া লোকগীত চিনি নাপায় মানৱ ডেকাই! অখিল গগৈয়ে কৰিলে এই প্ৰশ্ন..

মানৱ ডেকাক কটাক্ষ অখিল গগৈৰ

Published: 

03 Nov 2024 | 06:51 PM

অসমীয়া সমাজ-সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ গোৱালপৰীয়া লোকগীত। এই অনন্য লোকশিল্পই সমৃদ্ধ কৰি তুলিছে অসমীয়া সংস্কৃতিক। গোৱালপৰীয়া লোকগীতৰ মাধ্যমেৰেই অসমে লাভ কৰিলে প্ৰতিমা পাণ্ডে বৰুৱাৰ দৰে মহান শিল্পী। পিছে দুৰ্ভাগ্যৰ কথা, জনজীৱনৰ সাহ এই গোৱালপৰীয়া লোকগীত চিনি নাপায় অসমৰ এগৰাকী জনপ্ৰতিনিধি বিজেপি বিধায়ক মানৱ ডেকাই। সামাজিক মাধ্যমত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক কটাক্ষ কৰিবলৈ গৈ এই অভিযোগৰেই সন্মুখীন হ’বলগীয়া হৈছে বিজেপি বিধায়কগৰাকী।

ৰাজ্যৰ ৰাজনীতিত এতিয়া উপ-নিৰ্বাচনৰ বতাহ। আগন্তুক উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰত ব্যস্ত বিধায়ক অখিল গগৈ। তাৰ মাজতে আজি শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে গোৱালপাৰাৰ উৰপদ বিলত নৌকা বিহাৰ কৰে। নাৱত যাত্ৰা কৰাৰ সময়ত বিধায়কগৰাকীয়ে সহযাত্ৰীসকলৰ সৈতে লোকগীতৰ সম্ৰাজ্ঞী  প্ৰতিমা পাণ্ডে বৰুৱাৰ এটি বিখ্যাত গোৱালপৰীয়া লোকগীতৰ সুৰত সুৰ মিলায়।

অখিল গগৈৰ এই নৌকা বিহাৰ আৰু লোকগীতৰ এটি ভিডিঅ’ শ্বেয়াৰ কৰি বিধায়কগৰাকীক কটাক্ষৰ চেষ্টা কৰে বিজেপি বিধায়ক মানৱ ডেকাই। ফেচবুকত দিয়া পোষ্টটোত মানৱ ডেকাই লগতে লিখিছে, “ধুবুৰীবাসীৰ মৰমৰ মাজত তেওঁলোকৰ প্ৰিয় নেতা অখিল গগৈ।” স্পষ্টকৈ উল্লেখ নকৰিলেও মানৱ ডেকাই এই পোষ্টটোৰ জৰিয়তে অখিল গগৈক মিঞাসকলৰ  নেতা আৰু তেওঁলোকে গাই থকা গীতটোক মিঞা গীত হিচাপে দেখুওৱাৰ চেষ্টা কৰা বুলি অভিযোগ উঠিছে।

বিজেপি বিধায়কগৰাকীৰ এই পোষ্টটোৰ পিছতে সামাজিক মাধ্যমত ব্যাপক বিতৰ্কৰ সৃষ্টি হয়। পোষ্টটোৰ দ্বাৰা মানৱ ডেকাই যে গোৱালপৰীয়া লোকগীত কি নাজানে সেয়া স্পষ্ট হৈ পৰা বুলি একাংশ লোকে অভিযোগ কৰে। ইফালে বিধায়ক অখিল গগৈয়েও এটা ফেচবুক পোষ্টৰ জৰিয়তে মানৱ ডেকাক প্ৰত্যুত্তৰ দি এক বিদ্ৰুপাত্মক প্ৰশ্ন উত্থাপন কৰিছে। পোষ্টটোত তেওঁ লিখিছে, “উৰপদ বিলত নাৱত উঠি গোৱালপৰীয়া লোকগীত গালো।‘’

“”উৰপদ বিল গোৱালপাৰা জিলাৰ চামাগুৰি গাঁৱত অৱস্থিত। চামাগুৰি এখন গাৰো জনজাতিৰ গাঁও।আমাৰ নাওখন চলাই গৈছিল গাৰো মানুহ এজনে নাম ব্ৰদনাথ চাংমা, তাৰ্জান মাৰাক নামৰ গাইডজনো আছিল গাৰো লোক। লোকগীতটো গাইছে মণি শংকৰ গয়াৰীয়ে, এজন বড়ো যুৱক। লগত ৰৌজ আৰু জাকিৰ হুছেইন। সংগ দিছে জীতেন চন্দ্ৰ ৰাভাই।মইও উৎসাহিত কৰিছো।আনকি গাৰো যুৱক দুজনেও ওঁঠ মিলাইছে।‘’- পোষ্টটোত এইদৰে কয় অখিল গগৈয়ে।

এই গীতটো গোৱালপৰীয়া লোকগীতৰ সমাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱাৰ বুলি উল্লেখ কৰি অখিল গগৈয়ে লগতে মানৱ ডেকাক কটাক্ষ কৰি ‘অবিভক্ত গোৱালপাৰা জিলাৰ লোক কৃষ্টিৰ সামান্যতমো জ্ঞান নথকা শাসক দলৰ এজন বিধায়কে নিৰহনিপানী এই গোৱালপৰীয়া লোকগীতটোক মিয়া সমাজৰ গীত বুলি তাচ্ছিল্য কৰিছে’ বুলি অভিযোগ কৰে।

মানৱ ডেকাৰ বিৰুদ্ধে গোৱালপৰীয়া ভাষাক চিনি নোপোৱাকৈ সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ অভিযোগ কৰি অখিল গগৈয়ে বিজেপি বিধায়কগৰাকীক উদ্দেশ্যি এয়া বঙালী ভাষাৰ গীতো নহয়, মিয়াসকলৰ দোৱানত গোৱা গীতো নহয় বুলি স্পষ্ট কৰি দিয়ে। লগতে ‘কেতিয়াবা আপুনি প্ৰতিমা পাণ্ডে বৰুৱাৰ নাম শুনিছেন” বুলিও বিজেপি বিধায়কগৰাকীক কটাক্ষ কৰে অখিল গগৈয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব