উত্তৰ-পূবৰ প্ৰগতিৰ বিষয়ত আলোচনা ! গুৱাহাটীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ ছিকিমৰ মুখ্যমন্ত্ৰীৰ

অসমৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ে সামাজিক মাধ্যম এক্সত এটা পোষ্টত শ্বেয়াৰ কৰি উল্লেখ কৰে যে, ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে আজি লোক সেৱা ভৱনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। তেওঁলোকে দুয়োখন ৰাজ্যৰ পাৰস্পৰিক স্বাৰ্থ আৰু উত্তৰ-পূব অঞ্চলত তেওঁলোকৰ সহযোগিতা বৃদ্ধি সম্পৰ্কীয় বিস্তৃত বিষয়সমূহৰ ওপৰত আলোচনা কৰে ।

উত্তৰ-পূবৰ প্ৰগতিৰ বিষয়ত আলোচনা ! গুৱাহাটীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ ছিকিমৰ মুখ্যমন্ত্ৰীৰ

ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে গুৱাহাটীত সাক্ষাৎ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক

Updated On: 

01 Sep 2024 | 06:37 PM

আজি দেওবাৰে ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে গুৱাহাটীত সাক্ষাৎ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক । এই সাক্ষাৎ কালত উত্তৰ-পূবৰ দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে পাৰস্পৰিক স্বাৰ্থৰ বিষয় আৰু উত্তৰ-পূব অঞ্চলৰ প্ৰগতিৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰে । এই কথা সামাজিক মাধ্যমৰ জৰিয়তে জানিবলৈ দিছে অসমৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ে ।

অসমৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ে সামাজিক মাধ্যম এক্সত এটা পোষ্টত শ্বেয়াৰ কৰি উল্লেখ কৰে যে, ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে আজি লোক সেৱা ভৱনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। তেওঁলোকে দুয়োখন ৰাজ্যৰ পাৰস্পৰিক স্বাৰ্থ আৰু উত্তৰ-পূব অঞ্চলত তেওঁলোকৰ সহযোগিতা বৃদ্ধি সম্পৰ্কীয় বিস্তৃত বিষয়সমূহৰ ওপৰত আলোচনা কৰে ।

ইফালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও ছিকিমৰ মুখ্যমন্ত্ৰী গৰাকীক লগ পাই আনন্দ প্ৰকাশ কৰিছে । সামাজিক মাধ্যম এক্সৰ জৰিয়তে মুখ্যমন্ত্ৰী শৰ্মাই কয়, “শেহতীয়া বিধানসভা নিৰ্বাচনত একেৰাহে দ্বিতীয়বাৰৰ বাবে জয়লাভ কৰাৰ বাবে তেওঁক অভিনন্দন জনাইছো । তেওঁ মোক দিয়া শিল্পকৰ্ম আৰু উপহাৰৰ বাবেও ধন্যবাদ জনাইছো । এই মুহূৰ্তই মোক মোৰ পূৰ্বৰ ছিকিম ভ্ৰমণৰ কথা মনত পেলাই দিয়ে ।”

ইয়াৰ সমান্তৰালভাৱে দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ বৈঠকৰ ফটো শ্বেয়াৰ কৰি তামাঙে কয় যে, আলোচনাত ছিকিম আৰু অসমৰ মাজত সংযোগ বৃদ্ধিকে ধৰি অঞ্চলটোৰ উন্নয়ন আৰু অগ্ৰগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...