আকৌ চৰ্চাত সুনীল গগৈ: ঢকুৱাখনাত উদ্ধাৰ হোৱা ছিন্নমুণ্ডটো কাৰ?

অৰ্ধগলিত ছিন্ন মুণ্ড উদ্ধাৰ হৈছে ঢকুৱাখনা উপ জিলাৰ অন্তৰ্গত ঘিলমৰা আৰক্ষী থানাৰ শিঙিয়া-লাওকোঠ সংযোগী ৰাজপথৰ দাঁতিত। স্থানীয় লোকে মাছ ধৰি থাকোঁতে জালত লাগি ধৰে এটা বস্তা। পাছত বস্তাটো পাৰলৈ উঠাই আনি খুলি চোৱাত এটা অৰ্ধগলিত নৰ মুণ্ড ,এটা সৰু তেলৰ বটল , এডাল টুথ ব্ৰাছ, আৰু মুণ্ডৰ ডিঙিত এটা তাবিজ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে। 

আকৌ চৰ্চাত সুনীল গগৈ: ঢকুৱাখনাত উদ্ধাৰ হোৱা ছিন্নমুণ্ডটো কাৰ?

ঢকুৱাখনাৰ সাপতিয়া গাঁৱত উদ্ধাৰ হোৱা ছিন্নমুণ্ডটো কাৰ?

Updated On: 

30 Nov 2024 19:33 PM

আকৌ চৰ্চাত ঢকুৱাখনাৰ ৰহস্যজনক হত্যাকাণ্ড। হত্যাকাণ্ড হোৱা স্থানৰ কিছু নিলগত প্ৰায় ৬ মাহৰ অন্তত উদ্ধাৰ এটা সন্দেহজনক ছিন্ন মুণ্ড।  অৰ্ধগলিত ছিন্নমুণ্ডটো উদ্ধাৰ হৈছে ঢকুৱাখনা উপ জিলাৰ অন্তৰ্গত ঘিলমৰা আৰক্ষী থানাৰ শিঙিয়া-লাওকোঠ সংযোগী ৰাজপথৰ দাঁতিত। স্থানীয় লোকে মাছ ধৰি থাকোঁতে জালত লাগি ধৰে এটা বস্তা। পাছত বস্তাটো পাৰলৈ উঠাই আনি খুলি চোৱাত এটা অৰ্ধগলিত নৰ মুণ্ড ,এটা সৰু তেলৰ বটল , এডাল টুথ ব্ৰাছ, আৰু মুণ্ডৰ ডিঙিত এটা তাবিজ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে।

পৰৱৰ্তী সময়ত ঘিলামৰা আৰু ঢকুৱাখনা আৰক্ষীক বিষয়টো অৱগত কৰা হয় । ঘটনাস্থলীত উপস্থিত হৈ ঢকুৱাখনা উপ জিলাৰ উপ জিলা আয়ুক্ত কাৰ্ত্তিক কলিতা , কাৰ্যবাহী দণ্ডাধীশ সুদৰ্শন শইকীয়া, ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া লিনটো বৰা ছিন্নমুণ্ডটো জব্দ কৰে। তাৰ পাছতে ছিন্ন মুণ্ডটো জাহাংগীৰ হুছেইনৰ বুলি সন্দেহ কৰিছে স্থানীয় লোকে।  সেয়েহে ছিন্ন মুণ্ডতো ধুবুৰীৰ জাহাংগীৰ হুছেইনৰ বুলি সন্দেহ একাংশৰ। গৌৰীপুৰৰ জাহাংগীৰৰ বাসগৃহত কান্দোনৰ ৰোল।

উল্লেখ্য যে ১ জুনৰ নিশা সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড । ঢকুৱাখনাৰ সাপতিয়া গাঁৱত প্ৰায় ৮০ শতাংশ জ্বলি যোৱা অৱস্থাত উদ্ধাৰ হৈছিল এটা মুণ্ডহীন মৃতদেহটো ৷ মৃতদেহৰ কাষত পোৱা গৈছিল সুনীল গগৈয়ে পৰিধান কৰা বস্ত্র । ইয়াৰ ভিত্তিতে সুনীলক হত্যা কৰি মুণ্ড কাটি লৈ যোৱাৰ উপৰি মৃতদেহটো জ্বলাই দিয়া বুলি সন্দেহ কৰা হৈছিল । প্ৰথমাৱস্থাত মৃতদেহটো সুনীল গগৈ নামৰ লোকজনৰ বুলি সন্দেহ কৰা হৈছিল যদিও পিছলৈ ঘটনাই লৈছিল নতুন মোৰ।

তাৰ পাছতে পোহৰলৈ আহিছিল জল জীৱন মিছনৰ মিস্ত্রী হিচাপে কৰ্মৰত জাহাংগীৰ হুছেইনৰ প্ৰসংগ। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছিল চাঞ্চল্যকৰ তথ্য। মৃতদেহটো আছিল জাহাংগীৰ হুছেইন নামৰ ধুবুৰীৰ এজন ৰাজ-মিস্ত্ৰীৰ। সুনীল গগৈয়ে জাহাংগীৰক হত্যা কৰাৰ অভিযোগ উঠিছিল। ঘটনাৰ পাছতে মূল অভিযুক্ত সুনীল গগৈয়ে পলায়ন কৰাৰ কথা প্ৰকাশ কৰিছিল তদন্তকাৰী বিষয়াই। সুনিল গগৈৰ সন্ধান দিওঁতালৈ ৫০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল আৰক্ষীয়ে।

এই তথ্য পোহৰলৈ অহাৰ পাছতেই আৰক্ষীৰ সন্দেহ গৈছিল সুনীল গগৈৰ ওপৰত। সুনীল গগৈ এতিয়াও জীয়াই আছে বুলি তদন্তকাৰী সংস্থাই দাবী প্ৰদান কৰি আহিছে যদিও এই সন্দৰ্ভত এতিয়ালৈকে কোনো প্ৰমাণ ৰাজহুৱা কৰা নাই।  এই সন্দৰ্ভত সুনীল গগৈৰ পত্নী, পুত্ৰ, ভতিজাকে ধৰি বিভিন্নজনক বহুবাৰ সোধা- পোছা কৰা  হৈছে যদিও এতিয়ালৈকে এই হত্যাকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। এই হত্যাকাণ্ডৰ কাৰণ বীমা বুলিও দাবী উত্থাপন হৈছিল। জানিব পৰা মতে সুনীল গগৈ নিৰুদ্দেশ হোৱাৰ পূৰ্বে খোলা এই বীমা অনুসৰি সুনীলৰ মৃত্যু হ’লে ৪০ লাখ টকা পাব পৰিয়ালৰলোকে।  গতিকে একাংশই অনুমান কৰিছিল যে এই ৪০ লাখ টকাৰ বাবে এই নাটক ৰচিছে সুনীল গগৈয়ে।

তাৰ পাছতে হত্যাকাণ্ডৰ তদন্ত আৰক্ষীৰ পৰা হস্তান্তৰ কৰা হৈছিল CIDক। প্রায় ৬ মাহে হত্যাকাণ্ডৰ কোনো শুংসূত্র লাভ নকৰিলে CIDএ। কিন্তু শনিবাৰে ছিন্নমুণ্ড উদ্ধাৰৰ পাছতে পুনৰ চৰ্চা লাভ কৰিছে সেই ঘটনাই। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

ব্ৰা নিপিন্ধে উৰ্ফিয়ে! আঁৰৰ কাৰণ শুনিলে আচৰিত হোৱাৰ লগতে ভাবুক হ’ব আপুনিও….
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey