জ্যেষ্ঠ সাংবাদিক বুলন কুমাৰ শইকীয়াৰ বিয়োগ, শোকস্তব্ধ ৰাজ্যবাসী!

দীৰ্ঘদিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল জ্যেষ্ঠ সাংবাদিকগৰাকী। আজি পুৱা নাহৰকটীয়াৰ নিজা বাসগৃহত মৃত্যু হয় বুলন কুমাৰ শইকীয়াৰ। কেইবাখনো জনপ্ৰিয় গ্ৰন্থৰ স্ৰষ্টা আছিল বুলন কুমাৰ শইকীয়া। বিগত দুটা বছৰ ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল জ্যেষ্ঠ সাংবাদিকগৰাকী।

জ্যেষ্ঠ সাংবাদিক বুলন কুমাৰ শইকীয়াৰ বিয়োগ, শোকস্তব্ধ ৰাজ্যবাসী!

জ্যেষ্ঠ সাংবাদিক বুলন কুমাৰ শইকীয়াৰ বিয়োগ,

Updated On: 

28 Nov 2024 | 12:01 PM

জ্যেষ্ঠ সাংবাদিক, নিবন্ধকাৰ, ঔপন্যাসিক বুলন কুমাৰ শইকীয়াৰ দেহাৱসান। দীৰ্ঘদিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল জ্যেষ্ঠ সাংবাদিকগৰাকী। আজি পুৱা নাহৰকটীয়াৰ নিজা বাসগৃহত মৃত্যু হয় বুলন কুমাৰ শইকীয়াৰ। কেইবাখনো জনপ্ৰিয় গ্ৰন্থৰ স্ৰষ্টা আছিল বুলন কুমাৰ শইকীয়া। বিগত দুটা বছৰ ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল জ্যেষ্ঠ সাংবাদিকগৰাকী।

NETV, এদিনৰ সংবাদ, নিয়মীয়া বার্তা আদি কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল জ্যেষ্ঠ সাংবাদিক বুলন কুমাৰ শইকীয়া।সসাংবাদিকতাৰ লগতে নিৰৱিচ্ছিন্নভাৱে চলাই গৈছিল সাহিত্যৰ চৰ্চা। কেইবাখনো জনপ্ৰিয় গ্ৰন্থৰ স্ৰষ্টা আছিল বুলন কুমাৰ শইকীয়া। আৰাকান ইণ্টেলৰ দৰে জনপ্ৰিয় বহুল প্ৰচাৰিত গ্ৰন্থ নিগৰি আহিছিল বুলন কুমাৰ শইকীয়াৰ কলমেদি। শেহতীয়াকৈ চি ইন চি নামৰ এখন গ্ৰন্থৰ কামো কৰি আছিল যদিও প্ৰকাশৰ পথত আছিল।

জ্যেষ্ঠ সাংবাদিকজনৰ মৃত্যু ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। সাংবাদিকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বহুজনে। সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰি অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে লিখিছে- “নাহৰকটীয়াৰ জ্যেষ্ঠ সাংবাদিক, নিবন্ধকাৰ, কবি, ঔপন্যাসিক বুলন কুমাৰ শইকীয়া ডাঙৰীয়াৰ বিয়োগৰ খবৰে ব্যথিত কৰিলে৷ প্ৰচণ্ড স্বাভিমানী ব্যক্তিত্বৰ অধিকাৰী বুলন শইকীয়া ডাঙৰীয়াৰ আপোচবিহীন সংগ্ৰামী সত্তা আমাৰ বাবে আছিল সাহস আৰু প্ৰেৰণাৰ তলবল উৎস৷ তেখেতৰ সান্নিধ্যৰ স্মৃতিয়ে আমাক সমৃদ্ধ কৰি ৰাখিব৷এগৰাকী নিকট শুভাকাংক্ষীক হেৰুৱাই এইমুহূৰ্তত বাকৰুদ্ধ হৈ পৰিছোঁ৷ বিশিষ্ট সাংবাদিকগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু অলেখ গুণমুগ্ধলৈ সমবেদনা যাচিছোঁ৷”

 

 

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব