আহিন মাহত অস্বাভাৱিক গৰমে দহিছে ৰাজ্যবাসীক, আজি পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে বিদ্যালয়ৰ পাঠদান

প্ৰচণ্ড গৰমৰ বাবে ৰাজ্যৰ কামৰূপ মহানগৰ আৰু কাছাৰ জিলাত বিদ্যালয়ৰ পাঠদানৰ সময় আজিৰে পৰা সলনি কৰা হৈছে । যোৱা শুকুৰবাৰে দুয়োখন জিলাৰ প্ৰশাসনে জাৰি নিৰ্দেশনাৰ অনুসৰি,আজিৰে পৰা দুয়োখন জিলাৰ সকলো বিদ্যালয়ত পুৱা ৭:৩০ বজাৰ পৰা পাঠদান আৰম্ভ হৈছে । পৰৱৰ্তী জাননী নিদিয়ালৈকে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া সময় মতেই বিদ্যালয়ৰ পাঠদান অব্যাহত থাকিব ।

আহিন মাহত অস্বাভাৱিক গৰমে দহিছে ৰাজ্যবাসীক, আজি পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে বিদ্যালয়ৰ পাঠদান

প্ৰতীকী ফটো

Published: 

21 Sep 2024 | 08:47 AM

প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক । ছেপ্টেম্বৰ মাহ শেষ হ’বৰ হ’ল যদিও ৰাজ্যত গৰমৰ প্ৰকোপ এতিয়াও অব্য়াহত আছে । প্ৰচণ্ড গৰমৰ বাবে ৰাজ্যৰ কামৰূপ মহানগৰ আৰু কাছাৰ জিলাত বিদ্যালয়ৰ পাঠদানৰ সময় আজিৰে পৰা সলনি কৰা হৈছে । যোৱা শুকুৰবাৰে দুয়োখন জিলাৰ প্ৰশাসনে জাৰি নিৰ্দেশনাৰ অনুসৰি,আজিৰে পৰা দুয়োখন জিলাৰ সকলো বিদ্যালয়ত পুৱা ৭:৩০ বজাৰ পৰা পাঠদান আৰম্ভ হৈছে । পৰৱৰ্তী জাননী নিদিয়ালৈকে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া সময় মতেই বিদ্যালয়ৰ পাঠদান অব্যাহত থাকিব ।

আজিৰ পুৱাৰ ৭.৩০ বজাৰ পৰা দুয়োখন জিলাৰ বিদ্যালয়সমূহত পাঠদান আৰম্ভ হৈছে । ৰাজ্যৰ অস্বাভাৱিক গৰমৰ প্ৰকোপৰ ওপৰত গুৰুত্ব প্ৰদান কৰি দিনৰ ১২.৩০ বজালৈকে বিদ্যালয়ৰ পাঠদান চলিব বুলি জাননীখনত উল্লেখ কৰিছে প্ৰশাসনে । ইয়াৰ সমান্তৰালভাৱে এই নিৰ্দেশনা সকলো চৰকাৰী আৰু বে-চৰকাৰী শিক্ষানুষ্ঠান সমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব ।

নিৰ্দেশনা অনুসৰি, বিদ্যালয়ৰ পুৱা প্ৰাৰ্থনা সভা শ্ৰেণীকোঠাৰ ভিতৰত অনুষ্ঠিত কৰিব লাগিব । ছাত্ৰ-ছাত্ৰীসকলে পৰ্যাপ্ত খোৱাপানীৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰিব লাগিব আৰু পৰ্যাপ্ত পানীৰ সুবিধা প্ৰদান কৰিব লাগিব। ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলক কোট বা টাই পিন্ধিব নালাগে বুলিও পৰামৰ্শ দিয়া হৈছে । লগতে বিদ্যালয়সমূহে নিশ্চিত কৰিব লাগিব যে সকলো শ্ৰেণীকোঠাত থকা ফেন কাৰ্যক্ষম, শ্ৰেণীকোঠাত ভালদৰে বায়ু চলাচল কৰা আৰু বিচ্ছিন্ন হ’লে বিকল্প বিদ্যুতৰ উৎস উপলব্ধ কৰা ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে ।

গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, শুকুৰবাৰে মহানগৰীৰ সৰ্বোচ্চ তাপমাত্ৰা ৩৮ ডিগ্ৰী চেলছিয়াছত ৰেকৰ্ড হৈছে । এই তাপমাত্ৰা এই সময়ৰ স্বাভাৱিক তাপমাত্ৰাতকৈ ৫.৬ ডিগ্ৰী বেছি আছিল । ইফালে সৰ্বনিম্ন তাপমাত্ৰা ২৭ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছে। একেদৰে যোৱা শুকুৰবাৰৰ দিনটোত শিলচৰত সৰ্বোচ্চ উষ্ণতা ৩৮.২ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰাৰ বিপৰীতে সৰ্বনিম্ন ২৮.২ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছে । সৰ্ব্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতকৈ ৫ ডিগ্ৰী চেলছিয়াছ বেছি ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...