প্ৰচণ্ড শীতৰ বাবে বন্ধ বিদ্যালয়! জনালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে

ৰাজ্যত বৃদ্ধি পাইছে প্ৰচণ্ড শীত। সমগ্ৰ ৰাজ্যতে ঘন কুঁৱলীৰ আচ্ছাদন। পুহমহীয়া জাৰত যথেষ্ঠ কষ্ট কৰি বিদ্যালয়লৈ যাব লগা হৈছে শিক্ষক-শিক্ষাৰ্থী। সেয়েহে শীতৰ প্ৰকোপৰ বাবে বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে! জানক সবিশেষ...

প্ৰচণ্ড শীতৰ বাবে বন্ধ বিদ্যালয়! জনালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে
Published: 

30 Dec 2025 21:28 PM

বিগত তিনি-চাৰিদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰ শীতৰ কৱলত পৰিছে। ঘন কুঁৱলীয়ে আগুৰি ধৰিছে ৰাজ্য। শীত আৰু ঘন কুঁৱলীৰ বাবে বিগত ২৪ ঘণ্টাত দেশৰ বিমান পৰিবহণ সংস্থাসমূহে কমেও ১২৮ খন ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱা বাতিল কৰে। বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই জনোৱা মতে গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ সৰ্বনিম্ন তাপমাত্ৰাৰ সাল-সলনি ঘটা নাই যদিও সর্বোচ্চ তাপমাত্রা দুদিনৰ ভিতৰত হ্ৰাস পাইছে। আগন্তুক দিনত অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত কুঁৱলীৰ আচ্ছাদন একেদৰে থাকিব বুলি বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰিছে। অসমত অহা ২ জানুৱাৰীলৈ আকাশ ঘন কুঁৱলীয়ে ঢাকি ৰাখিব বুলি কোৱা হৈছে। মেঘালয়, মণিপুৰ, মিজোৰাম আৰু নাগালেণ্ডতো ২ জানুৱাৰী পর্যন্ত ঘন কুঁৱলী থাকিব বুলি কোৱা হৈছে।

পুহমহীয়া জাৰত যথেষ্ঠ কষ্ট কৰি বিদ্যালয়লৈ যাব লগা হৈছে শিক্ষক-শিক্ষাৰ্থী। সেয়েহে শীতৰ প্ৰকোপৰ বাবে কামৰূপ মহানগৰ জিলাত ৩১ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ বন্ধ থাকিব সকলো চৰকাৰী বিদ্যালয়। শিক্ষা বিভাগে কাইলৈৰ পৰা অৰ্থাৎ ৩১ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ বিদ্যালয় বন্ধ ৰখাৰ বাবে নিৰ্দেশ জাৰি কৰিছে। কামৰূপ মেট্ৰ’ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু সমগ্ৰ শিক্ষা অসমৰ জিলা সমন্বয়কে এই নির্দেশ জাৰি কৰিছে। জিলাখনৰ আয়ুক্তৰ সৈতে আলোচনা কৰি গ্ৰহণ কৰা এই সিদ্ধান্ত অনুসৰি সকলো বিদ্যালয় বন্ধ ৰখা হ’ব। ব্যক্তিগত বিদ্যালয়সমূহকো ছাত্ৰ-ছাত্ৰীৰ সুবিধা হোৱাকৈ এই নিৰ্দেশ বিবেচনা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

উল্লেখযোগ্য যে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে শীতৰ প্ৰকোপ অব্যাহত থাকিলে বিদ্যালয় বন্ধৰ কথা ঘোষণাৰ কথা বিবেচনা কৰা হ’ব বুলি সংবাদ মাধ্যমক অৱগত কৰিছিল। তেওঁ কৈছিল, ‘অতিকৈ শীতৰ মাত্ৰা বৃ্দ্ধি হ’লে জিলা আয়ুক্তই দিব পাৰিব স্কুল বন্ধ। কিয়নো কৰোবাত শীতৰ প্ৰকোপ বেছি আছে আৰু কৰোবাত কম গতিকে বিবেচনা কৰিব।’

আনহাতে সামাজিক মাধ্যমযোগেও আজি শিক্ষামন্ত্ৰীয়ে শীতৰ বাবে সকলো জিলা আয়ুক্তক নিজ নিজ জিলাৰ পৰিস্থিতিৰ মূল্যায়ন কৰি প্ৰয়োজন অনুসৰি বিদ্যালয়ৰ বাবে সিদ্ধান্ত ল’ব দিয়ে।

কেতিয়াৰ পৰা মহিলাসকলে মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰা হ'ল?
এনে প্ৰকৃতিৰ লোকে লাভ কৰে নৰক যন্ত্ৰণা, জানক সকলো...
মহিলাৰ প্ৰস্ৰাৱ সংক্ৰমণ কিয় হয় ? ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায় জানক
ফেটি লিভাৰ হ'লে কি কি খাদ্য খাব নালাগে? জানক...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...