দেশ-ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, পলকতে চাওঁ আহক আজি দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ

দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল পাম্পত সংঘটিত মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি যোৱা ১৯ মে’ত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ পাছতে আদালতে প্ৰাক্তন ছাত্ৰনেতাগৰাকীক ন্য়ায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে শংকৰজ্যোতি বৰুৱাক এই গোচৰত জামিন প্ৰদান কৰে।

দেশ-ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, পলকতে চাওঁ আহক আজি দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ

চাওক আজিৰ কিছু গুৰুত্বপূৰ্ণ খবৰ

Published: 

26 May 2025 16:55 PM

যোৱা কেইবাদিনো ধৰি ৰাজ্যত আটাইতকৈ চৰ্চিত বিষয় হৈ পৰিছে শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰ। দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল পাম্পত সংঘটিত মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি যোৱা ১৯ মে’ত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ পাছতে আদালতে প্ৰাক্তন ছাত্ৰনেতাগৰাকীক ন্য়ায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে শংকৰজ্যোতি বৰুৱাক এই গোচৰত জামিন প্ৰদান কৰে।

আৰক্ষী জোৱানক নিলম্বন

পশুধন পৰিবহণ কৰা বাহনৰ পৰা ধন দাবী কৰাৰ অভিযোগত নিলম্বিত হৈছে অসম আৰক্ষীৰ তিনি জোৱান। নিলম্বিত জোৱানকেইজনক কনিষ্টবল শশী সিনহা, হোমগার্ড দুলাল দাস, ধৰ্মেশ্বৰ ৰাজবংশী বুলি চিনাক্ত কৰা হৈছে। গুৱাহাটীৰ জালুকবাৰী আৰক্ষী চেকপোষ্টত নিয়োজিত জোৱানকেইজনে এখন ম’হ কঢ়িওৱা বাহনৰ পৰা ৫ হাজাৰ টকা দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে।

বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি ভাৰত

জাপানক অতিক্ৰম কৰি বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছে ভাৰত। নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া বিভিআৰ সুব্ৰমণিয়মে সদৰী কৰিছে এই তথ্য। আগন্তুক ৩০ৰ পৰা ৩৬ মাহত ভাৰতে জাৰ্মানীক অতিক্ৰম কৰি বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ’ব বুলি অনুমান কৰা হৈছে।

পুনৰ ক’ভিড

পুনৰ সৃষ্টি হৈছে ক’ভিডৰ আতংক। দেশৰ ভিন্ন প্ৰান্তত ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। দেওবাৰে মহাৰাষ্ট্ৰত নতুনকৈ ৪৩ জন ক’ভিড আক্ৰান্ত ৰোগী ধৰা পৰিছে, আনহাতে বিগত ২৪ ঘন্টাত ৰাজস্থানত ৬ জন নতুন ক’ভিড ৰোগী ধৰা পৰিছে।

কামাখ্যা দৰ্শন গম্ভীৰৰ

আই পি এলৰ পিছতে ৫ খনীয়া মেচৰ টেষ্ট শৃংখলাৰ বাবে ইংলেণ্ড ভ্ৰমণ কৰিব ভাৰতীয় দলে। এই শৃংখলাৰ জৰিয়তে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ত অভিযান আৰম্ভ কৰিব ভাৰতে। এই গুৰুত্বপূৰ্ণ শৃংখলাৰ পূৰ্বে আজি ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে কামাখ্যা মন্দিৰ দৰ্শন কৰে। গম্ভীৰক সমুখৰ পোৱা চোৱাৰ বাবে দেখা যায় অনুৰাগীৰ যথেষ্ট ভিৰ।

পাকিস্তানক উন্মোচন আমেৰিকাৰ

নিজৰ পাৰমাণৱিক অস্ত্ৰৰ আধুনিকীকৰণত ব্যস্ত হৈ পৰিছে পাকিস্তান। আমেৰিকাৰ প্ৰতিৰক্ষা চোৰাংচোৱা সংস্থাৰ এক প্ৰতিবেদনত উন্মোচিত হৈছে এই তথ্য। পাকিস্তানে যুদ্ধক্ষেত্ৰত ব্যৱহৃত সৰু সৰু পাৰমাণৱিক অস্ত্ৰও নিৰ্মাণ কৰি আছে বুলি উল্লেখ কৰা হৈছে এই প্ৰতিবেদনত। এই মাৰ্কিন প্ৰতিবেদন মতে চীনে পাকিস্তানক ইয়াৰ বাবে প্ৰয়োজনীয় সামগী প্ৰদান কৰিছে।

বতৰৰ বতৰা

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক ৭২ ঘণ্টাত অসমৰ কেইবাখনো জিলাত ধাৰাষাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী অনুসৰি গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত আগন্তুক পাঁচ দিনলৈ আংশিকভাৱে বতৰ ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। সপ্তাহৰ শেষৰ ফালে বৰষুণ আৰু ধুমুহাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে।

পুনৰ সন্ত্ৰাসবাদক সকীয়নি মোদীৰ

অপাৰেচন সেন্দূৰৰ পিছত আজি প্ৰথমবাৰৰ বাবে গুজৰাট ভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গুজৰাটৰ দহোদত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি মোদীয়ে অপাৰেচন সেন্দূৰৰ প্ৰসঙ্গ উল্লেখ কৰে। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ কথা দোহাৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে মোদীৰ সৈতে মুখামুখি হোৱাটো কিমান কঠিন হ’ব, সন্ত্ৰাসবাদীয়ে সেয়া সপোনতো কল্পনা কৰা নাছিল বুলি মন্তব্য কৰে।

আই পি এল ২০২৫

আই পি এলৰ আজিৰ মেচত মুখামুখি হ’ব মুম্বাই ইণ্ডিয়ানছ আৰু পঞ্জাৱ কিংছ। দুয়োটা দলেই ইতিমধ্যেই প্ৰতিযোগিতাৰ প্লে’ অফত প্ৰৱেশ কৰিছে। আজিৰ মেচত জয়েৰে দুয়োটা দলে পইণ্ট তালিকাত শীৰ্ষস্থান দখলৰ চেষ্টা চলাব। জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত এই মেচখন অনুষ্ঠিত হ’ব।

বৃক্কৰ কাৰ্যক্ষমতা হ্ৰাস পালে চকুত কি কি লক্ষণে দেখা দিয়ে?
জীৱনত নাহে কোনো বাধা! পুৱা উঠি কৰক মাত্ৰ এই ৩ টা কাম...
আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস, এইকেইজন ভাৰতীয় ক্ৰিকেটাৰৰ পত্নীও পেছাত চিকিৎসক
বেছিকৈ পূজা কৰা দুখৰ কাৰণ হ'ব পাৰে নেকি? জানক প্ৰেমানন্দ মহাৰাজৰ পৰা...