দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব RSS মুৰব্বী মোহন ভাগৱত…

কাইলৈ অসমত উপস্থিত হ'ব আৰ এছ এছ মুৰব্বী মোহন ভাগৱত। দুদিনীয়া ভ্ৰমণসূচীৰে তেওঁ অসমত উপস্থিত হৈ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। পাছত তেওঁ মণিপুৰলৈ ৰাওনা হ'ব।

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব RSS মুৰব্বী মোহন ভাগৱত...

মোহন ভাগৱত

Published: 

16 Nov 2025 21:10 PM

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা: মোহন ভাগৱত। ১৭ নৱেম্বৰৰ আবেলি গুৱাহাটীত উপস্থিত হ’ব ভাগৱত। গুৱাহাটী বৰঝাৰৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা তেওঁ পোনে পোনে গুৱাহাটীৰ বৰবৰীৰ সুদৰ্শনালয়ত উপস্থিত হ’ব। তাৰ পাছদিনাৰ পৰা আৰম্ভ হ’ব কাৰ্যসূচী। এই তথ্য সদৰি কৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে।

জানিব পৰা মতে, আৰ এছ এছৰ শতবৰ্ষ পূৰ্ণ উপলক্ষে মোহন  ভাগৱতে ১৮ আৰু ১৯ নৱেম্বৰত দৰ্শনালয়ত থাকি বৌদ্ধিক, মত-বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷ ভাগৱতৰ কাৰ্যসূচী সন্দৰ্ভত লাভ কৰা তথ্য অনুসৰি, ১৮ নবেম্বৰৰ আবেলি ৪ বজাত সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা গুৱাহাটী মহানগৰৰ কিছু সংখ্যক নিৰ্বাচিত লোকক সামৰি প্ৰবুদ্ধ নাগৰিক সন্মিলন অনুষ্ঠিত হ’ব ৷ উক্ত প্ৰবুদ্ধ নাগৰিক সন্মিলনত বিশিষ্ট সাহিত্যিক, কাকত-আলোচনীৰ সম্পাদক, উদ্যোগপতিকে ধৰি দুই শতাধিকলোক উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।প্ৰবুদ্ধ নাগৰিক সন্মিলনত ডা:মোহন ভাগৱতে বৌদ্ধিক প্ৰদান কৰাৰ লগতে মত -বিনময় কৰিব ।

ইয়াৰ পাছতে ১৯ নবেম্বৰৰ পুৱা ১০ বজাত যুৱ সন্মিলন অনুষ্ঠিত হ’ব ৷ উক্ত যুৱ সন্মিলনত কিছুসংখ্যক নিৰ্বাচিত কবি, সাহিত্যিক, সাংবাদিক, উদ্যোগপতি আদিৰ সন্মুখত আন এক বৌদ্ধিক প্ৰদান কৰিব ৷  মোহন ভাগৱতে গুৱাহাটীত দুদিন উপস্থিত থাকি ২০ নৱেম্বৰৰ দিনা মণিপুৰলৈ অভিমুখে ৰাওনা হ’ব বুলি প্ৰেছ বিবৃতিযোগে জনাইছে কিশোৰ শিৱমে।

 

অন্য খবৰ পঢ়কঃ কাৰ্বি আংলঙত স্থান নাই কংগ্ৰেছৰ, ৯০% জনতাই সমৰ্থন কৰে মোদীকঃ তুলিৰাম ৰংহাং

আপোনাৰ গাহৰিৰ পাম আছে নেকি? আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ কেনেকৈ ৰোধ কৰিব? জানক
চুলিত লগাওক এইবিধ সামগ্ৰী, হৈ পৰিব দীঘল আৰু চিকমিকিয়া!
তেজৰ কৰ্কট ৰোগ হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক...
শীতকালত চুগাৰৰ সমস্যা থকাসকল সাৱধান হওক, নিয়ন্ত্ৰণৰ বাবে চিকিৎসকৰ ৬ টা পৰামৰ্শ