ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ প্ৰয়োজন নাই, গুৱাহাটীত ডাঙৰ মন্তব্য RSS মুৰব্বী মোহন ভাগৱতৰ

ভাগৱতে দাবী কৰে যে ‘হিন্দু’ কেৱল এটা ধৰ্মীয় শব্দ নহয়, বৰঞ্চ হাজাৰ হাজাৰ বছৰৰ সাংস্কৃতিক ধাৰাবাহিকতাৰ শিপাই থকা এক সভ্যতাৰ পৰিচয়। তেওঁ কয়, ভাৰত আৰু হিন্দু সমাৰ্থক।

ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ প্ৰয়োজন নাই, গুৱাহাটীত ডাঙৰ মন্তব্য RSS মুৰব্বী মোহন ভাগৱতৰ

মোহন ভাগৱত

Published: 

19 Nov 2025 08:47 AM

যিজন ব্যক্তিয়ে ভাৰতক লৈ গৌৰৱ অনুভৱ কৰে তেওঁ হৈছে হিন্দু। এই মন্তব্য প্ৰকাশ কৰিছে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে। গুৱাহাটীৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰি ভাগৱতে দাবী কৰে যে ‘হিন্দু’ কেৱল এটা ধৰ্মীয় শব্দ নহয়, বৰঞ্চ হাজাৰ হাজাৰ বছৰৰ সাংস্কৃতিক ধাৰাবাহিকতাৰ শিপাই থকা এক সভ্যতাৰ পৰিচয়। তেওঁ কয়,”ভাৰত আৰু হিন্দু সমাৰ্থক। ভাৰতক ‘হিন্দু ৰাষ্ট্ৰ’ হ’বলৈ আনুষ্ঠানিক ঘোষণাৰ প্ৰয়োজন নাই। ইয়াৰ সভ্যতাৰ প্ৰকৃতিয়ে ইতিমধ্যে ইয়াক প্ৰতিফলিত কৰিছে।”

ভাগৱতে কয় যে, আৰ এছ এছ কাৰো বিৰোধিতা বা ক্ষতি কৰিবলৈ সৃষ্টি হোৱা নাই, বৰঞ্চ চৰিত্ৰ গঠনত মনোনিৱেশ কৰি ভাৰতক বিশ্বৰ নেতা হিচাপে গঢ়ি তোলাত অৰিহণা যোগাবলৈহে প্ৰতিষ্ঠা কৰা হৈছে। তেওঁ কয়, “বৈচিত্ৰ্যৰ মাজত ভাৰতক একত্ৰিত কৰাৰ পদ্ধতিক আৰ এছ এছ বুলি কোৱা হয়।”

ইফালে, অসমৰ “জনগাঁথনিগত পৰিৱৰ্তন”ৰ উদ্বেগক সম্বোধন কৰি মোহন ভাগৱতে সকলোকে নিজৰ মাটি আৰু পৰিচয়ৰ ধৰি ৰাখিবলৈ আহ্বান জনায়। লগতে অবৈধ অনুপ্ৰৱেশ, হিন্দুসকলৰ বাবে তিনিটা সন্তানৰ নিয়মকে ধৰি সুষম জনসংখ্যা নীতিৰ প্ৰয়োজনীয়তা, বিভাজনকাৰী ধৰ্মান্তৰকৰণৰ বিৰোধিতা কৰাৰ গুৰুত্ব আদি বিষয়ত ভাষণ দিয়ে মোহন ভাগৱতে। বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত ছ’চিয়েল মিডিয়াৰ দায়িত্বশীল ব্যৱহাৰৰ পোষকতা কৰে আৰ এছ এছৰ নেতাগৰাকীয়ে।

উত্তৰ-পূৰ্বাঞ্চলক বৈচিত্ৰ্যৰ ক্ষেত্ৰত ভাৰতৰ ঐক্যৰ উজ্জ্বল নিদৰ্শন বুলি অভিহিত কৰি তেওঁ কয় যে, লাচিত বৰফুকন আৰু শ্ৰীমন্ত শংকৰদেৱৰ দৰে ব্যক্তিয়ে কেৱল আঞ্চলিক গুৰুত্বই নহয়, ৰাষ্ট্ৰীয় প্ৰাসংগিকতাও ধাৰণ কৰি সকলো ভাৰতীয়কে অনুপ্ৰাণিত কৰে। ভাগৱতে সমাজৰ সকলো শ্ৰেণীকে সামূহিকভাৱে আৰু নিস্বাৰ্থভাৱে জাতি নিৰ্মাণৰ বাবে কাম কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে, সোমবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছিল মোহন ভাগৱত। মোহন ভাগৱতে আজি বুধবাৰে যুৱ সভাত ভাষণ দিয়াৰ কথা। ইয়াৰ পাছতে অহা ২০ নৱেম্বৰত মণিপুৰলৈ ৰাওনা হ’ব আৰ এছ এছৰ মৰব্বীগৰাকী।

তুলসী পূজাৰ সময়ত কি কি সামগ্ৰী দিব নালাগে? নীতি-নিয়ম জানক
পুৰুষৰ সোঁ চকু লৰিলে কি সূচায়, নকৰিব মাত্ৰ এই ভুল!
বৈবাহিক জীৱনত স্বামীক সুখী কৰিব পৰা নাই নেকি? তেন্তে খাওক এই খাদ্য!
শৰীৰত প্ৰটিনৰ অভাৱ হ'লে কি হয়? ইয়াৰ লক্ষণবোৰ জানক