বিজেপিত যোগদান কৰিব নেকি ৰিপুন বৰাই? কি ক’লে মুখ্যমন্ত্ৰীয়ে…

২০২২ চনত ৰিপুন বৰাই কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল। ২০১৬ চনৰ পৰা ২০২১ চনলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তেওঁ সভাপতি পদত আছিল। এসময়ত অসমৰ ৰাজনীতিত সক্ৰিয় ব্যক্তিৰ ভূমিকা পালন কৰা ৰিপুন বৰাৰ ৰাজনৈতিক অস্তিত্ব তৃণমূল কংগ্ৰেছলৈ গতি কৰাৰ পাছত নাইকীয়া হৈছিল।

বিজেপিত যোগদান কৰিব নেকি ৰিপুন বৰাই?  কি কলে মুখ্যমন্ত্ৰীয়ে...

ৰিপুন বৰা

Updated On: 

02 Sep 2024 | 06:48 AM

দেওবাৰে তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰে ৰিপুন বৰাই। এনে পৰিস্থিতিত প্ৰশ্ন হৈছে যে নেতাগৰাকীৰ পৰৱৰ্তী ৰাজনৈতিক পৰিচয় কি হ’ব?  অৰ্থাৎ তেওঁ কি দলত এইবাৰ যোগদান কৰিবয ৰিপুন বৰাই বিজেপিত যোগদান কৰিব নেকি এই সন্দৰ্ভত মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি শৰ্মাই কয় যে, কংগ্ৰেছ দলত যোগদান কৰিব বুলি মই ২ মাহ আগৰ পৰাই জানো। গহপুৰত আমাৰ বিজেপিৰ উৎপল বৰা আছে, গতিকে তেওঁক আৰু নালাগে। মোৰ ৰিপুন বৰাৰ লগতো বন্ধুত্বপূৰ্ণ সম্পৰ্ক নাই। আচলতে তেওঁ কংগ্ৰেছ এৰিবই নালাগিছিল। কংগ্ৰেছ কিয় এৰিলে আজিলৈকে বুজি নাপালো। একো প্ৰয়োজন নাছিল। তেওঁ কংগ্ৰেছৰ সভাপতি আছিল গতিকে কংগ্ৰেছ এৰি যোৱাৰ কোনো কথা নাছিল বুলি কয় শৰ্মাই।

উল্লেখ্য যে, দেওবাৰে তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰে ৰিপুন বৰাই। কেইবাটাও অভিযোগ উত্থাপন কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে বৰাই। তেওঁ কয় যে, তৃণমূল কংগ্ৰেছক উত্তৰ-পূব ৰাজ্যৰ জনসাধাৰণে পশ্চিম বংগৰ “আঞ্চলিক দল” বুলি গণ্য কৰে।লগতে ৰাইজে দলটোক নিজৰ দল বুলি মানি ল’বলৈ ইচ্ছা প্ৰকাশ নকৰে বুলি কয় বৰাই।

দলটোৰ শীৰ্ষ নেতৃত্বলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত কেইবাটাও অভিযোগ তোলে ৰিপুন বৰাই। তেওঁৰ মতে অসমত তৃণমূল কংগ্ৰেছৰ যথেষ্ঠ সম্ভাৱণা আছে। অসমত টি এম চি মানুহৰ মাজত আনিবলৈ তেওঁ বহু পৰামৰ্শ আগবঢ়াইছিল যদিও কোনো এটায়ে কাৰ্যকৰী কৰা নহ’ল। তেও কয়,  “অসমত টিএমচিৰ যথেষ্ট সম্ভাৱনা আছে, কিন্তু কেইবাটাও পুনৰাবৃত্তিমূলক সমস্যাই দলটোৰ অগ্ৰগতিত বাধাৰ সৃষ্টি কৰিছে । য’ত টিএমচিক পশ্চিম বংগৰ আঞ্চলিক দল হিচাপে গণ্য কৰাটোৱেই দলটোৰ বাবে প্ৰধান সমস্যা সৃষ্টি কৰিছে । এই ধাৰণা আঁতৰ কৰিবলৈ আমি কেইবাটাও পৰামৰ্শ আগবঢ়াইছিলো।” কিন্তু এই পৰামৰ্শত দলে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ কথা উল্লেখ ৰিপুন বৰাৰ।

উল্লেখ্য যে, ২০২২ চনত ৰিপুন বৰাই কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল। ২০১৬ চনৰ পৰা ২০২১ চনলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তেওঁ সভাপতি পদত আছিল। এসময়ত অসমৰ ৰাজনীতিত সক্ৰিয় ব্যক্তিৰ ভূমিকা পালন কৰা ৰিপুন বৰাৰ ৰাজনৈতিক অস্তিত্ব তৃণমূল কংগ্ৰেছলৈ গতি কৰাৰ পাছত নাইকীয়া হৈ পৰিছিল। তেনে পৰিস্থিতিত এই  নেতাগৰাকীয়ে পুনৰ কংগ্ৰেছত যোগদান কৰিবলৈ যো- জা কৰিছে বুলি জানিব পৰা গৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...