APSC: অৱসৰপ্ৰাপ্ত IAS প্ৰভাতী থাওচেনক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি

ইয়াৰ পূৰ্বে তেওঁ দৰং জিলাৰ ২৮ সংখ্যক উপাযুক্ত হিচাপে কাম কৰিছিল। ১৯৮৩ চনৰ ১ জুলাইত সৃষ্টি হোৱা জিলাখনৰ প্ৰথম মহিলা উপাযুক্ত আছিল তেওঁ। থাওচেনে সীমা সুৰক্ষা আৰু উন্নয়ন আৰু পৰ্যটন বিভাগত অসম চৰকাৰৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। লগতে ৰাজ্যিক তদন্ত বিষয়াৰ দায়িত্বত আছিল ।

APSC: অৱসৰপ্ৰাপ্ত IAS প্ৰভাতী থাওচেনক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি

প্ৰাক্তন IAS বিষয়া প্ৰভাতী থাওচেন

Updated On: 

05 Nov 2025 | 05:58 PM

অসম লোকসেৱা আয়োগ (APSC) ৰ নতুন অধ্যক্ষ হ’ব প্ৰভাতী থাওচেন। অৱসৰ প্ৰাপ্ত  IAS বিষয়াগৰাকীয়ে লোকসেৱা আয়োগৰ সদস্যৰূপে কাৰ্যনিবাহ কৰি আছিল। প্ৰাক্তন IAS বিষয়া থাওচেনে ২০২৫ত আয়োগৰ সদস্য নিযুক্ত হৈছিল। তেওঁৰ পিতৃ প্ৰয়াত জে কে থাওচেন আয়োগৰ সদস্য আছিল।  অসমৰ বিভিন্ন বিভাগত কৰ্মৰত প্ৰভাতী থাওচেন প্ৰশাসনিক দিশত এগৰাকী অভিজ্ঞ সম্পন্ন মহিলা।

ইয়াৰ পূৰ্বে তেওঁ দৰং জিলাৰ ২৮ সংখ্যক উপাযুক্ত হিচাপে কাম কৰিছিল। ১৯৮৩ চনৰ ১ জুলাইত সৃষ্টি হোৱা জিলাখনৰ প্ৰথম মহিলা উপাযুক্ত আছিল তেওঁ। থাওচেনে সীমা সুৰক্ষা আৰু উন্নয়ন আৰু পৰ্যটন বিভাগত অসম চৰকাৰৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। লগতে ৰাজ্যিক তদন্ত বিষয়াৰ দায়িত্বত আছিল । থাওচেন  ১৯৫২ চনৰ ২৯ এপ্ৰিল তাৰিখে গঠন হোৱা অসমৰ স্বায়ত্তশাসিত পাৰ্বত্য জিলা ডিমা হাছাওৰ পৰা অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰ আসন অলংকৃত কৰা প্ৰথমগৰাকী মহিলা ৷

ডিমা হাছাও জিলাৰ হাফলঙৰ বাসিন্দা থাওচেনৰ আছে ৰাজ্যজুৰি বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰশাসনিক ভূমিকাত কাৰ্যনিৰ্বাহ কৰা অভিজ্ঞতা। তেওঁৰ সততা, দক্ষতা আৰু জনকল্যাণৰ প্ৰতি দায়বদ্ধতাৰ বাবে তেওঁক বহুলভাৱে সন্মান কৰা হয়। তেওঁ স্বামী ডাঃ ৰূপলাল নুনিচা দৰঙৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল৷

এতিয়া তেওঁ APSCৰ নতুন অধ্যক্ষ পদ অধিষ্ঠিত হোৱা পিছত ৰাজ্যখনৰ বাবে অসামৰিক কৰ্মচাৰী আৰু প্ৰশাসনিক বিষয়া নিযুক্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ লগতে আয়োগৰ কাৰ্যকলাপ শক্তিশালী হ’ব বুলি আশা কৰা হৈছে। ৰাজ্যখনৰ প্ৰশাসনিক কাঠামোৰ বিষয়ে তেওঁৰ অভিজ্ঞতা আৰু অন্তৰ্দৃষ্টিক জনসেৱাৰ নিযুক্তিৰ স্বচ্ছতা, মেৰিট’ক্ৰেচি আৰু ফলপ্ৰসূতা বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট মূল্যৱান ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব