উমৰাংছুৰ কয়লাখনিত আবদ্ধ বাকী শ্ৰমিকসকলক উদ্ধাৰ কৰিব পৰা হ’বনে ?

সূত্ৰৰ খবৰ অনুসৰি, কয়লা খনিত উদ্ধাৰ অভিযানৰ পৰা নৌসেনাৰ ডুবাৰুসকলক প্ৰত্যাহাৰ কৰা হৈছে । আজিৰ দিনটোত কুৱেৰীটোত পানী সিচা কাম চলি আছে ।

উমৰাংছুৰ কয়লাখনিত আবদ্ধ বাকী শ্ৰমিকসকলক উদ্ধাৰ কৰিব পৰা হবনে ?

উমৰাংছুৰ কয়লাখনিত উদ্ধাৰ অভিযান অব্যাহত

Published: 

14 Jan 2025 | 01:15 PM

উমৰাংছুৰ কয়লাখনিত আবদ্ধ হৈ থকা বাকী শ্ৰমিকসকলক উদ্ধাৰৰ সম্ভাৱনা ক্ষীণ হৈ আহিছে । সূত্ৰৰ খবৰ অনুসৰি, কয়লা খনিত উদ্ধাৰ অভিযানৰ পৰা নৌসেনাৰ ডুবাৰুসকলক প্ৰত্যাহাৰ কৰা হৈছে । আজিৰ দিনটোত কুৱেৰীটোত পানী সিচা কাম চলি আছে । ৩৪০ ফুট দ কুৱেৰীটোত অ’এনজিচি আৰু অইল ইণ্ডিয়াই অনা বিশেষ মেচিনেৰে পানী সিচা কাম অব্যাহত আছে বুলি জানিব পৰা গৈছে ।

প্ৰথম অৱস্থাত ১০০ ফুটলৈকে থকা জলস্তৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে আৰু যোৱা সোমবাৰে আৰু ৩ মিটাৰ হ্ৰাস পাইছে বুলি এজন বিষয়াই জানিবলৈ দিছে । তেওঁ লগতে কয় যে, পানী কেতিয়া সম্পূৰ্ণৰূপে নাইকীয়া হ’ব বা কুৱেৰীত উদ্ধাৰ আৰু অনুসন্ধান কেতিয়া অন্ত পৰিব সেয়া কোৱাটো কঠিন। আন এজন বিষয়াই কয় যে, ৭ জানুৱাৰীৰ পৰা উদ্ধাৰ অভিযানত নিয়োজিত নৌসেনাৰ ডুবাৰুসকলক প্ৰত্যাহাৰ কৰা হৈছে ।

উল্লেখ্য যে, যোৱা ৬ জানুৱাৰীত উমৰাংছুৰ খনিৰ ভিতৰত আবদ্ধ হৈ পৰিছিল ৯ জন শ্ৰমিক। এই পৰ্যন্ত চাৰিজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । বৰ্তমানে আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ জীয়াই থকাৰ আশা কম । কিয়নো ধাৰণা কৰা অনুসৰি, বাকী পাঁচজন শ্ৰমিক নৱম দিনলৈকে আবদ্ধ হৈ আছে। অৱশ্যে উদ্ধাৰ অভিযান অব্যাহত থাকিব বুলি জানিব পৰা গৈছে ।

৯টা পাম্পৰ সহায়ত পানী সিচাৰ কাম চলি থকাৰ বিপৰীতে আৰু ছটা পাম্প প্ৰয়োজন হ’লে ব্যৱহাৰৰ বাবে স্থাপন কৰা হৈছে জানিব পৰা গৈছে । সেনা, আছাম ৰাইফলছ, এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু জিলা প্ৰশাসনে যৌথভাৱে চলাই আছে উদ্ধাৰ অভিযান। আবদ্ধ শ্ৰমিকসকলৰ ছবি তুলিবলৈ ৰিম’টৰ সহায়ত অপাৰেট কৰা এখন বাহন ব্যৱহাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, যোৱা ৮ জানুৱাৰীত প্ৰথমটো মৃতদেহ আৰু শনিবাৰে আন তিনিটা মৃতদেহ উদ্ধাৰ কৰা হৈছিল ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...