বিশিষ্ট চিন্তাবিদ, ইতিহাসবিদ উদয়াদিত্য ভৰালী আৰু নাই, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ…
আমাৰ মাজত আৰু নাই উদয়াদিত্য ভৰালী। যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট চিন্তাবিদ, ইতিহাসবিদ, অধ্যাপক উদয়াদিত্য ভৰালীয়ে। মৃত্যুৰ সময়ত তেওঁ বয়স আছিল ৭৮ বছৰ।

উদয়াদিত্য ভৰালী
ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ মাত মাতি অহা এক কণ্ঠক হেৰুৱালে অসমবাসীয়ে। আমাৰ মাজত আৰু নাই উদয়াদিত্য ভৰালী। যোৱা নিশা প্ৰায় ২.৩৩বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট চিন্তাবিদ, ইতিহাসবিদ, অধ্যাপক উদয়াদিত্য ভৰালীয়ে। মৃত্যুৰ সময়ত তেওঁ বয়স আছিল ৭৮ বছৰ।
খবৰ অনুসৰি, দীৰ্ঘদিন ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ আছিল বিশিষ্ট চিন্তাবিদগৰাকী ৷ সদায়ে সমাজৰ স্বাৰ্থত মাত মাতি অহা উদয়াদিত্য ভৰালীৰ বিয়োগত শোকস্তব্ধ পৰিয়ালবৰ্গৰ লগতে ৰাজ্যবাসী। ১৯৪৭ চনৰ ১ ছেপ্টেম্বৰত শিৱসাগৰত জন্মগ্ৰহণ কৰা উদয়াদিত্য ভৰালীয়ে মৃত্যু সময়লৈকে গুৱাহাটীৰ দক্ষিণ শৰণীয়াৰ নিবাসী আছিল।
স্কুলীয়া শিক্ষাৰ পাছতে কটন কলেজত কলেজীয়া শিক্ষা গ্ৰহণ কৰাৰ পাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত স্বৰ্ণপদকসহ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । চিন্তাবিদ ভৰালীয়ে ২০০৩ চনৰ ৩১ আগষ্টলৈকে কটন কলেজৰ অধ্যাপক হিচাপে কৰ্মৰত আছিল ৷ পাছত তেওঁ ২০০২ পৰা ২০০৩ চনলৈ ইতিহাস বিভাগৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰে । ২০০৬ চনত উদয়াদিত্য ভৰালীয়ে অৱসৰ গ্ৰহণ কৰে ।
উদয়াদিত্য ভৰালীক শেহতীয়াকৈ পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই এইবাৰৰ “পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা” প্ৰদান কৰিছিল ৷ ইয়াৰ উপৰিও ১৯৯৬ চনত উদয়াদিত্য ভৰালীয়ে অসম সাহিত্য সভাৰ “বিষ্ণুপ্ৰসাদ ৰাভা বঁটা” লাভ কৰে । তেওঁ কেইবাখনো অসমীয়া কাকতৰ নিয়মীয়া স্তম্ভ লেখ আছিল ।
তেওঁৰ মৃত্যুত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও শোক প্ৰকাশ কৰিছে। এক্স হেণ্ডেলত দিয়া এটা পোষ্টত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে লিখিছে যে, “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি পুৱাৰ ভাগত বিশিষ্ট শিক্ষাবিদ তথা কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালীৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনায়।”