বিশিষ্ট শিক্ষাবিদ, গীতিকাৰ ড৹ লক্ষ্যহীৰা দাসৰ দেহাৱসান…

শনিবাৰে পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰে গীতিকাৰ ড৹ লক্ষ্যহীৰা দাসে । হৃদৰোগত আক্ৰান্ত হৈ মহানগৰীৰ ৰাজগড়স্থিত নিজা বাসভৱনত বিশিষ্ট শিক্ষাবিধগৰাকীৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ।

বিশিষ্ট শিক্ষাবিদ, গীতিকাৰ ড৹ লক্ষ্যহীৰা দাসৰ দেহাৱসান...

ড৹ লক্ষ্যহীৰা দাস

Published: 

15 Mar 2025 | 10:05 AM

আমাৰ মাজত আৰু নাই শিক্ষাবিদ, কবি, গীতিকাৰ ড৹ লক্ষ্যহীৰা দাস । ৯৪ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে বিশিষ্ট শিক্ষাবিদ, গীতিকাৰগৰাকীয়ে। জানিব পৰা মতে, শনিবাৰে পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰে গীতিকাৰ ড৹ লক্ষ্যহীৰা দাসে । হৃদৰোগত আক্ৰান্ত হৈ মহানগৰীৰ ৰাজগড়স্থিত নিজা বাসভৱনত বিশিষ্ট শিক্ষাবিধগৰাকীৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে । ইফালে, তেখেতৰ পুত্ৰ অনিৰ্বাণ দাসে সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ মৃত্যুৰ কথা প্ৰকাশ কৰিছে ।

ড৹ লক্ষ্যহীৰা দাস অসমৰ এগৰাকী কবিয়ে নাছিল, একাধাৰে তেওঁ এগৰাকী বিশিষ্ট গীতিকাৰ, গায়িকা আৰু শিক্ষাবিদ। ড৹ লক্ষ্যহীৰা দাসৰ জন্ম হৈছিল ১৯৩১ চনৰ ১৩ ফেব্ৰুৱাৰীত । তেখেতৰ পিতৃ-মাতৃৰ নাম ক্ৰমে চন্দ্ৰ বৈশ্য সাউদ আৰু ধৈৰ্যবালা। উল্লেখ কৰি লাগিব যে, ড৹ লক্ষ্যহীৰা দাস গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ আছিল।

তেওঁ সাহিত্য ক্ষেত্ৰখনলৈয়ো বিশেষ অৱদান আগবঢ়াই গৈছে । তেওঁৰ প্ৰকাশিত কেইখনমান গ্ৰন্থ হৈছে- প্ৰথমা, গীতাৰ্ঘ্য, লক্ষহীৰাৰ গীত, প্ৰাণৰ মুক্তিধাৰা, অস্কাৰ ৱাইল্ডৰ গল্প (অনূদিত), তপসী, প্ৰাণগংঘা, সূৰ্য আৰু সাগৰৰ সাধু আদি। ইয়াৰ সমান্তৰালভাৱে তেওঁ বহু সংখ্য়ক পাঠ্যপুথি প্ৰণয়ন কৰি প্ৰকাশ কৰিছিল ।

তেখেতে লাভ কৰা বঁটা আৰু সন্মান হৈছে ১৯৯৫ চনত তেখেতে অসম সাহিত্য সভাৰ বাসন্তী বৰদলৈ বঁটা লাভ কৰাৰ সমান্তৰালকৈ ১৯৯৫ চনত সংগীতাচাৰ্য উপাধি, ২০০৩ চনত অসম চৰকাৰৰ শিল্পী বঁটা, ২০০৯ চত প্ৰবীণা শ‌ইকীয়া বঁটা, ২০১১ চনত শৈলধৰ ৰাজখোৱা বঁটা, ২০১৫ হাউলী বঁটা আৰু ২০১৯ চনত তেখেতে ভূপেন হাজৰিকা বঁটা লাভ কৰিছিল । একেদৰে ২০২২ ড° লক্ষ্যহীৰা দাসে লাভ কৰিছিল সংগীত নাটক একাডেমী বঁটা ৷

তদুপৰি সৰাপাত আৰু লাচিত বৰফুকন চলচ্চিত্ৰত কণ্ঠদান কৰিছিল বিশিষ্ট গীতিকাৰ ড° লক্ষ্যহীৰা দাসে। ১৯৬৮ চনত লাচিত বৰফুকন ছবিৰ বাবে শ্ৰেষ্ঠা নেপথ্য কণ্ঠশিল্পীৰ বঁটা লাভ কৰে ড° লক্ষ্যহীৰা দাসে।

শীতকালত লাই শাক কিয় খাব লাগে ? ইয়াৰ উপকাৰিতা জানক
ব্যায়ামৰ আগতে এই পানীয় খালে দ্ৰুতগতিত চৰ্বি কমে, তেজৰ চুগাৰো নিয়ন্ত্ৰণত থাকে
জিভাত সোৱাদ লগাৰ বাবেই অতিমাত্ৰা ড্ৰাই ফ্ৰুটছ খায় নেকি? সাৱধান, হ’ব পাৰে এনে সমস্যা
ইনষ্টাগ্ৰামৰ follower বাঢ়ি আকৌ কমি যায় নেকি? এই টিপচ অনুসৰণ কৰক
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ