নতুন দায়িত্ব লাভৰ পিছতে প্ৰথম প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰঃ অসমবাসীৰ পৰা বিচাৰিলে আশীৰ্বাদ
প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি নিৰ্বাচিত হোৱাৰ পিছত নিজৰ সামাজিক মাধ্যম একাউণ্ট যোগে গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এক ফেচবুক পোষ্ট যোগে তেওঁ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ লগতে দলটোৰ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু জিতেন্দ্ৰ সিঙক এই দায়িত্ব অৰ্পণ কৰাৰ বাবে কৃতজ্ঞতা জনায়।

গৌৰৱ গগৈ
বিগত কেইবাদিনো ধৰি পাকিস্তানৰ সৈতে সম্পৰ্ক কেন্দ্ৰিক বিতৰ্কৰ বাবে বাতৰিৰ শিৰোনামত আছিল কংগ্ৰেছ নেতা তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তোলা এই অভিযোগৰ পিছতে দুয়োগৰাকী নেতাৰ মাজত চলি আহিছিল তীব্ৰ বাকযুদ্ধ। এই বিতৰ্কৰ মাজতে আজি গৌৰৱ গগৈয়ে লাভ কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ গুৰুদায়িত্ব। ইয়াৰ লগে লগে এইবাৰ মৌখিক বাকযুদ্ধৰ লগতে প্ৰত্যক্ষ ৰাজনৈতিক যুঁজত হিমন্ত গৌৰৱৰ মুখামুখি স্পষ্ট হৈ পৰিছে।
আগন্তুক বৰ্ষত ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ সম্ভাৱ্য প্ৰাৰ্থী হিচাপে জল্পনা-কল্পনা চলি আহিছিল। সমান্তৰালকৈ তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লাভ কৰিব পাৰে বুলিও আলোচনা চলিছিল।এই আলোচনাক আজি বাস্তৱায়িত কৰি কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই গৌৰৱ গগৈক অসম প্ৰদেশৰ সভাপতি হিচাপে দায়িত্ব প্ৰদান কৰে।
ইফালে গুৰুত্বপূৰ্ণ সময়ত এই নতুন দায়িত্ব লাভ কৰাৰ পিছত নিজৰ সামাজিক মাধ্যম একাউণ্ট যোগে গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এক ফেচবুক পোষ্ট যোগে তেওঁ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ লগতে দলটোৰ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু জিতেন্দ্ৰ সিঙক এই দায়িত্ব অৰ্পণ কৰাৰ বাবে কৃতজ্ঞতা জনায়।
তেওঁ লগতে পিতৃ-মাতৃৰ পথ প্রদর্শন আৰু পৰিয়ালৰ বিশেষকৈ পত্নী আৰু সন্তানৰ সহায় অবিহনে এই পৰ্যায়ত উপনীত নহ’লহেঁতেন বুলিও পোষ্টটোত কয়। ইফালে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই দলক সন্মুখৰ পৰা নেতৃত্ব দি যথেষ্ঠ অৱদান আগবঢ়াই গৈছে বুলিও গৌৰৱ গগৈয়ে এই পোষ্টটোত উল্লেখ কৰে। এতিয়া নতুন দায়িত্ব লাভৰ পিছত অসম কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কৰ্মী সকলৰ সৈতে কাম কৰিবলৈ পোৱাটো আশীৰ্বাদ বুলি অভিহিত কৰে গৌৰৱ গগৈয়ে।
জ্যেষ্ঠ নেতা কৰ্মী সকলক নিষ্ঠাৱান আৰু প্ৰেৰণাদায়ক বুলি অভিহিত কৰি পোষ্টটোত তেওঁ কয়, “তেখেত সকলৰ জ্ঞান, অভিজ্ঞতা আৰু দলৰ প্ৰতি থকা সমৰ্পণে মোক বহু কথা শিকাইছে। মোৰ জ্যেষ্ঠ আৰু সহকৰ্মীসকলৰ সৈতে কাম কৰিবলৈ মই অতিকৈ আগ্ৰহী।” গৌৰৱ গগৈয়ে লগতে আগন্তুক দিনত ৰাজ্যবাসীৰ পৰা আশীৰ্বাদ বিচাৰে। সকলোৱে মিলি ৰাজ্যৰ বাবে উন্নত ভৱিষ্যত গঢ়ি তুলিব পৰা যাব বুলি তেওঁ লগতে আশা প্ৰকাশ কৰে।