ষষ্ঠ অনুসূচীৰ দাবীত পুনৰ উত্তাল ৰাভা হাছং, ত্ৰিপাক্ষিক আলোচনা নহ’লে জংগী আন্দোলনৰ হুংকাৰ

দুধনৈ সমজিলা কাৰ্যালয়ৰ সমুখত ষষ্ঠ অনুসূচীৰ দাবীত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে ৰাভা সংগঠনসমূহে। চৰকাৰে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ তুলি সংগঠনসমূহে চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

ষষ্ঠ অনুসূচীৰ দাবীত পুনৰ উত্তাল ৰাভা হাছং, ত্ৰিপাক্ষিক আলোচনা নহ’লে জংগী আন্দোলনৰ হুংকাৰ

ৰাভা হাছঙত প্ৰতিবাদ

Updated On: 

06 Nov 2025 19:59 PM

ষষ্ঠ অনুসূচীৰ দাবীত পুনৰ উত্তাল হৈ পৰিছে ৰাভা হাছং। এই দাবীৰে আজি ৰাভা হাছং এলেকাৰ গোৱালপাৰা আৰু দক্ষিণ কামৰূপৰ মুঠ চাৰিটা সমজিলা কাৰ্যালয়ৰ সমুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কেইবাটাও ৰাভা জাতীয় সংগঠনে৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিাপে দুধনৈতো ৰাভা জাতীয় সংগঠনে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ষষ্ঠ অনুসূচীৰ দাবীত ৰাভা জাতীয় সংগঠনৰ আহ্বানত আজি চাৰি শতাধিক পুৰুষ-মহিলাই কঁপাই তোলে দুধনৈৰ আকাশ-বতাহ।

দুধনৈ সমজিলা কাৰ্যালয়ৰ সমুখত ষষ্ঠ অনুসূচীৰ দাবীত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে ৰাভা সংগঠনসমূহে। চৰকাৰে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ তুলি সংগঠনসমূহে চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

ৰাভা হাছঙৰ ষষ্ঠ অনুসূচীৰ বিষয়টোক চৰকাৰে বিভিন্ন সময়ত আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি দিয়ে যদিও প্ৰকৃতাৰ্থত সেয়া বাস্তৱত ৰূপায়ণ নকৰাৰ অভিযোগ তুলিছে প্ৰতিবাদকাৰী ৰাভা সংগঠনসমূহে। দীৰ্ঘদিনৰ পৰাই ৰাভা সংগঠনৰে ৰাজ্য চৰকাৰৰ এই ক্ষেত্ৰত আলোচনা হোৱাৰ কথাও প্ৰতিবাদকাৰী সংগঠনসমূহে দোহাৰে।

পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰ সৈতে ত্ৰিপাক্ষিক আলোচনাৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু বহু সময় উকলি যোৱাৰ পিছতো সেই ত্ৰিপাক্ষিক আলোচনা আজিলৈকে নহ’ল বুলিও তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে। এনে পৰিস্থিতিতে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ইতিমধ্যে ঘোষণা কৰিছিল ৰাভা সংগঠনে।

তাৰ পৰিপেক্ষিতত আজি ৰাভা হাছং এলেকাৰ চাৰিটা সমজিলা কাৰ্যালয়ৰ সমান্তৰালভাৱে দুধনৈ সমজিলা কাৰ্যালয়ৰ সমুখতো আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ইফালে প্ৰতিশ্ৰুতি অনুসাৰে ত্ৰিপাক্ষিক আলোচনা নহ’লে পৰৱৰ্তী সময়ত জংগী আন্দোলনৰ হুংকাৰ দিছে নিখিল ৰাভা ছাত্ৰ সন্থাই।

সংগঠনটোৰ সম্পাদক সুভাষ ৰাভাই চৰকাৰলৈ স্পষ্ট সকীয়নি প্ৰদান কৰি চলিত মাহতে অৰ্থাৎ নৱেম্বৰ মাহৰ ভিতৰতে ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত কৰাৰ দাবী জনায়। অন্যথা পুনৰ জংগী আন্দোলনৰ বাবে চৰকাৰক সাজু থাকক বুলিও তেওঁ সকীয়াই দিয়ে। ২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাভা সংগঠনৰ আন্দোলন স্বাভাৱিকতেই বিজেপি চৰকাৰৰ সমুখত এক প্ৰত্যাহ্বান হৈ পৰিব পাৰে।

কেৱল জয়ৰ নায়কেই নহয়, যুৱৰাজ সিঙক অতিক্ৰম কৰি অনন্য কৃতিত্ব অক্ষৰ পেটেলৰ
অমিতা খায় ভাল পায় নেকি? অমিতাৰ এই গুণৰ বিষয়ে জানি হ'ব আচৰিত!
গুপ্তাংগৰ সমস্যা দূৰ কৰিব পাৰে নাৰিকল তেলে, জানক উপায়!
ঘৰৰ এই ৩টা স্থানত কেতিয়াও নাৰাখিব মানী প্লাণ্ট, অন্যথা দৰিদ্ৰতাই আগুৰিব আপোনাৰ জীৱন