ৰাজ্যত প্ৰায় ২,৮৮২কোটি টকা মূল্যৰ নিষিদ্ধ দ্ৰব্য জব্দ, বিধানসভাত দাখিল ভয়ংকৰ তথ্য…

ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। প্ৰতিদিনে বিভিন্ন প্ৰান্তৰ পৰা বহু পৰিমাণৰ নিষিদ্ধ দ্ৰব্য জব্দ কৰা দেখা যায়। শেহতীয়াকৈ এই সন্দৰ্ভত তথ্য দাখিল কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

ৰাজ্যত প্ৰায় ২,৮৮২কোটি টকা মূল্যৰ নিষিদ্ধ দ্ৰব্য জব্দ, বিধানসভাত দাখিল ভয়ংকৰ তথ্য...

চন্দ্ৰমোহন পাটোৱাৰী

Updated On: 

26 Nov 2025 | 04:31 PM

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। প্ৰতিদিনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহু পৰিমাণৰ নিষিদ্ধ দ্ৰব্যৰ লগতে সৰবৰাহকাৰী গ্ৰেপ্তাৰ হোৱা দেখা যায়। শেহতীয়াকৈ (২৬ নৱেম্বৰ) এই সন্দৰ্ভত অসম বিধানসভাত বিশেষ তথ্য দাখিল কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। মন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা তথ্য অনুসৰি, বিগত বছৰ কেইটাত বহু পৰিমাণৰ নিষিদ্ধ দ্ৰব্য জব্দ হোৱাৰ লগতে বহু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰোপৰি জব্দ কৰা হৈছে সৰবৰাহকাৰীৰ সম্পত্তি।

মন্ত্ৰীগৰাকীয়ে দাখিল কৰা তথ্য অনুসৰি, ২০২১ চনৰ পৰা অক্টোবৰ পৰ্যন্ত ৰাজ্যত ১৪,২৩৯ টা গোচৰ ৰুজু কৰা হৈছে। ইয়াৰোপৰি এই নিষিদ্ধ দ্ৰব্য সৰবৰাহ কৰাৰ লগত জড়িত ২৩,২৭৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ২০২১ চনৰ পৰা বৰ্তমানলৈকে জব্দ কৰা গৈছে ২,৮৮২.২২ কোটি টকা মূল্য ড্ৰাগছ। ইয়াৰোপৰি ধ্বংস কৰা হৈছে ৪৩৪.৫৬ কোটি টকা মূল্য এই নিষিদ্ধ দ্ৰব্য। ইমানেই নহয়, বৰ্তমানলৈকে সৰবৰাহকাৰীৰ পৰা জব্দ কৰা হৈছে ১৯.২৬ কোটি টকা মূল্যৰ সম্পত্তি।

ইয়াৰোপৰি অবৈধ সুৰা সন্দৰ্ভতো তথ্য দাখিল কৰে পাটোৱাৰীয়ে। এই সন্দৰ্ভত তেওঁ কয় যে, ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা ৩১ অক্টোবৰ, ২০২৫ লৈ ১১১ টা গোচৰ ৰুজু কৰা হৈছে, ইয়াৰোপৰি গ্ৰেপ্তাৰ কৰা হৈছে ১৩৪ জনক। লগতে মুঠ ৩ লাখ ২৬ হাজাৰ ৬৭৫.১৯৭ লিটাৰ আই এম এল আৰু দেশীয় সুৰা জব্দ কৰা হৈছে। ধ্বংস কৰা সুৰাৰ পৰিমাণ প্ৰায় ৯ লাখ ৩৯ হাজাৰ লিটাৰ।

উল্লেখ্য যে, বিগত সময়চোৱাত ৰাজ্যত ড্ৰাগছৰ বিৰোদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষী তথা প্ৰশাসন। এই নিষিদ্ধ দ্ৰব্যৰ সৰবৰাহ বন্ধ কৰিবলৈ বিভিন্ন ব্যৱস্থা হাতত লৈছে। কিন্তু তাৰ পাছতো প্ৰতিদিনে এই নিষিদ্ধ দ্ৰব্য বিভিন্ন প্ৰান্তৰে সৰবৰাহ হৈ আছে

 

অন্য খবৰ পঢ়কঃ বিৰোধিৰ অনুপস্থিতিত বিধানসভাত তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল, নেলী কাণ্ডৰ CBI তদন্তৰ দাবী AIUDF ৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...