পপষ্টাৰ প’ষ্ট মেলনৰ কনচাৰ্টৰ বাবে বিশেষ যাতায়ত নিৰ্দেশনা প্ৰশাসনৰ…

এই মেগা কনচাৰ্টৰ পূৰ্বে কামৰূপ মেট্ৰ’ প্ৰশাসনৰ যুটীয়া আৰক্ষী আয়ুক্ত আৰু বুকমাইশ্ব’ৰ বিষয়াসকলে যৌথভাৱে এখন সংবাদমেল সম্বোধন কৰে। ই সংবাদমলতে নিৰাপত্তা আৰু যাতায়তৰ ক্ষেত্ৰত কিছু নিৰ্দেশনা জাৰি কৰাৰ কথা ঘোষণা কৰে।

পপষ্টাৰ পষ্ট মেলনৰ কনচাৰ্টৰ বাবে বিশেষ যাতায়ত নিৰ্দেশনা প্ৰশাসনৰ...
Updated On: 

06 Dec 2025 20:26 PM

৮ ডিচেম্বৰত অসমলৈ আহিব আমেৰিকান পপষ্টাৰ প’ষ্ট মেলন। পপষ্টাৰ গৰাকীক আদৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে কামৰূপ মেট্ৰ’ প্ৰশাসন। ইতিমধ্যে প্ৰশাসনে যাতায়ত নিষেধাজ্ঞা, প্ৰৱেশৰ নিয়ম আৰু ভিৰ ব্যৱস্থাপনা পৰিকল্পনা ঘোষণা কৰিছে। এই মেগা কনচাৰ্টৰ পূৰ্বে কামৰূপ মেট্ৰ’ প্ৰশাসনৰ যুটীয়া আৰক্ষী আয়ুক্ত আৰু বুকমাইশ্ব’ৰ বিষয়াসকলে যৌথভাৱে এখন সংবাদমেল সম্বোধন কৰে। ই সংবাদমলতে নিৰাপত্তা আৰু যাতায়তৰ ক্ষেত্ৰত কিছু নিৰ্দেশনা জাৰি কৰাৰ কথা ঘোষণা কৰে।

যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা

সুচাৰুৰূপে যান-বাহনৰ চলাচল আৰু জনসাধাৰণৰ সুবিধা নিশ্চিত কৰিবলৈ মহানগৰ আৰক্ষীয়ে যাতায়তৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। ৮ ডিচেম্বৰৰ পুৱা ১০ বজাৰ পৰা ৬ মাইলৰ ফালৰ পৰা অহা বাণিজ্যিক বাহনসমূহে বিশেষ নিষেধাজ্ঞাৰ সন্মুখীন হ’ব লাগিব। ৬ মাইলৰ পৰা খানাপাৰালৈ জি এছ ৰোডত আৰু ৬ মাইলৰ পৰা জয়ানগৰ চাৰিআলিলৈ গোটেই দিনটোৰ বাবে “NO PARKING ZONE” ঘোষণা কৰা হৈছে।

পাৰ্কিঙৰ বাবে বিশেষ ব্যৱস্থা

কৰ্তৃপক্ষই গুৰুত্ব আৰোপ কৰিছে যে, এই নিষেধাজ্ঞাসমূহ অনুষ্ঠানত আশা কৰা ধৰণৰ বৃহৎ ভিৰ চম্ভালিবলৈ অতি গুৰুত্বপূৰ্ণ। সংবাদমেলত এই কথাও উল্লেখ কৰিছে যে, এই অনুষ্ঠানটোৰ বাবে ৪ হাজাৰৰো অধিক বাহনৰ বাবে পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। প্ৰায় ৩ হাজাৰ চাৰিচকীয়া বাহনৰ বাবে পাৰ্কিং প্ৰস্তুত কৰা হৈছে আৰু প্ৰায় ১২০০ খন দুচকীয়া বাহনৰ বাবেও পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে।

প্ৰশাসনে পাৰ্কিং জ’ন সম্পৰ্কীয় অধিক আপডেট অনুষ্ঠানৰ দিনা অসম আৰক্ষীৰ অফিচিয়েল ফেচবুক পেজত প্ৰকাশ কৰা হ’ব জানিবলৈ দিছে। ইফালে, বিষয়াসকলে দৰ্শকক যানজঁটৰ সমস্য়াৰ পৰা হাত সাৰিবলৈ ৰাজহুৱা পৰিবহণৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আহ্বান জনাইছে।

কেতিয়া পৰা প্ৰৱেশ কৰিব পাৰিব ?

বিয়লি ৩:৩০ বজাৰ পৰা দৰ্শকক অনুষ্ঠানস্থলীত প্ৰৱেশৰ অনুমতি দিয়া হ’ব। ভিৰ নিয়ন্ত্ৰণৰ বাবে একাধিক প্ৰৱেশদ্বাৰ খোলা ৰখা হ’ব। সুৰক্ষা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ আয়োজকসকলে অনুষ্ঠানস্থলীৰ ভিতৰত পানীৰ বটল আৰু বেগ নিষিদ্ধ কৰিছে। সমগ্ৰ কনচাৰ্ট এলেকাৰ বিভিন্ন স্থানত বিনামূলীয়া খোৱাপানীৰ পইণ্ট আৰু ডাষ্টবিন স্থাপন কৰা হ’ব।

সহযোগিতাৰ আহ্বান প্ৰশাসনৰ

কামৰূপ মেট্ৰ’ উপ আয়ুক্তই কয় যে,এই কনচাৰ্টত প্ৰায় ২০ৰ পৰা ২২ হাজাৰ লোকৰ ভিৰ হোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালিত কৰাৰ বাবে তেওঁ জনসাধাৰণক সকলো নিৰ্দেশনা মানি চলিবলৈ আৰু বিষয়াসকলৰ সৈতে সহযোগিতা কৰিবলৈ আহ্বান জনায়।

বুকমাইশ্ব’ৰ এজন প্ৰতিনিধিয়ে এই অনুষ্ঠানটো সম্ভৱপৰ কৰাৰ আঁৰৰ সামূহিক প্ৰচেষ্টাসমূহৰ ওপৰত আলোকপাত কৰে। মুখ্যমন্ত্ৰী, ৰাজ্য চৰকাৰৰ বিভাগ আৰু আইন প্ৰয়োগকাৰী সংস্থাসমূহক সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

কি কি কাৰণত বেয়া কলেষ্টেৰল বৃদ্ধি পাব পাৰে ? কেনেকৈ কৰিব নিয়ন্ত্ৰণ ?
শনি দেৱৰ কোপদৃষ্টি আঁতৰিব, প্ৰতি শনিবাৰে কৰক এইকেইটা কাম!
শীতকালত চুলি বেছিকৈ সৰে নেকি? এই পদ্ধতিৰে দূৰ কৰক চুলিৰ সকলো সমস্যা!
মাহেকীয়া পলমকৈ হোৱা PCOS ৰ লক্ষণ নেকি? জানক বিশেষজ্ঞৰ পৰা
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...