শ্যামকানু মহন্তৰে কোনজন নেতাৰ সম্পৰ্ক ভাল? গৌৰৱ গগৈৰ বিৰুদ্ধে দাখিল কৰা হ’ব এজাহাৰ: মুখ্যমন্ত্ৰী

শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক সমালোচনাৰ লক্ষ্য কৰি লৈছে। তেওঁ কয়, গৌৰৱ গগৈ আৰু শ্যামকানু মহন্ত "বুনিয়া ভূজিয়া"। শ্যামকানুৰ লগত তেওঁৰ সম্পৰ্ক একেবাৰে ভাল নহয়। শ্যামকানুৰ লগত আটাইতকৈ সুসম্পৰ্ক থকা মানুহ হ'ল গৌৰৱ গগৈ।

শ্যামকানু মহন্তৰে কোনজন নেতাৰ সম্পৰ্ক ভাল? গৌৰৱ গগৈৰ বিৰুদ্ধে দাখিল কৰা হব এজাহাৰ: মুখ্যমন্ত্ৰী
Updated On: 

07 Oct 2025 17:08 PM

জুবিন গাৰ্গকলৈ কোনেও ৰাজনীতি কৰিব নালাগে। এই কথা প্ৰত্যেকজন অসমীয়াই অনুভৱ কৰে। সকলোৱে বিচাৰে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত হওক আৰু ন্যায় লাভ কৰক। কিন্তু দেখা গৈছে যে, এই বিষয়টোকলৈ ৰাজনৈতিক নেতাসকলে ইজনে সিজনক কটাক্ষ কৰাত ব্যস্ত হৈ পৰিছে। কি শাসকীয় ! কি বিৰোধী !

শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক সমালোচনাৰ লক্ষ্য কৰি লৈছে। তেওঁ কয়, গৌৰৱ গগৈ আৰু শ্যামকানু মহন্ত “বুন্দিয়া-ভুজিয়া”। শ্যামকানুৰ লগত তেওঁৰ সম্পৰ্ক একেবাৰে ভাল নহয়। শ্যামকানুৰ লগত আটাইতকৈ সুসম্পৰ্ক থকা মানুহ হ’ল গৌৰৱ গগৈ।

তেওঁ কয়,”শ্যামকানু আৰু গৌৰৱ গগৈ বুন্দিয়া-ভুজিয়া। যোৰহাট নিৰ্বাচনৰ সময়ত গৌৰৱ গগৈৰ প্ৰতিটো ফেচবুক পোষ্ট চাব। ধন্যবাদ কানু বুলি মই কেতিয়াও পোষ্ট দিয়া নাই।”

“এয়া সম্পূৰ্ণ ৰাজনীতি হৈ আছে। জুবিনৰ অনুৰাগী সন্তুষ্ট। অসম চৰকাৰে এজনৰ পিছত আন এজনক গ্ৰেপ্তাৰ কৰিছে, তদন্ত কৰিছে। ইমান ক্ষিপ্ৰতাৰে অসম চৰকাৰে কাম কৰিব বুলি জুবিনৰ অনুৰাগীয়ে ভাবিবই পৰা নাছিল। জুবিনৰ অনুৰাগীৰ ১০ শতাংশ অনুৰাগী এতিয়া মোৰ অনুৰাগী হৈ গৈছে।” এইদৰে কয় মুখ্যমন্ত্ৰী শৰ্মাই।

তেওঁ কয়, “জুবিনৰ অনুৰাগীৰ ভিতৰত মইয়ো এজন। মোৰ দেউতাৰ গান বনাইছিল জুবিনে। জীয়াই থাকোঁতে জুবিনক সন্মান দিব লাগে মই কৈছিলোঁ। আন কোনেও কোৱা নাছিল। আজি ছিংগাপুৰৰ পৰা এজন ধৰি অনিছোঁ, আগতে অসম আৰক্ষী পাৰিছিল নেকি?” লগতে তেওঁ কয় যে, জুবিনক লৈ ৰাজনীতি কৰিলে মোৰেই লাভ হ’ব।

ইফালে, গৌৰৱ গগৈৰ ওপৰত FIR পঞ্জীয়ন কৰিব বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। তেওঁ কয় যে, “বেলেগ ৰাজ্যত এইদৰে শিল্পীৰ মৃত্যু হোৱা হ’লে দোকান-পোহাৰ জ্বলাই দিলেহেঁতেন বুলি কৈছিল গৌৰৱ গগৈয়ে। মানে অসমত দোকান-পোহাৰ জ্বলাই দিব লাগে। ” এই সন্দৰ্ভত গৌৰৱ গগৈৰ ওপৰত FIR পঞ্জীয়ন কৰা হ’ব বুলি সদৰী কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় “অসমক কেতিয়া নেপাল কৰিবলৈ দিয়া নহ’ব।”

ইফালে, গৌৰৱ গগৈক কটাক্ষ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে,আজি বিতৰ্কৰ চাৰিমাহ হৈ গ’ল, নিজৰ ল’ৰা ছোৱালীক ভাৰতীয় কৰিব নোৱাৰিলে। গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ’লে মুখ্যমন্ত্ৰী বাসগৃহত কেৱল এজন ভাৰতীয় মানুহ থাকিব। বাকী কেইজন বিদেশী থাকিব বুলি গৌৰৱ গগৈ কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে।

কিয় চুগাৰ বৃদ্ধি পায়? ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি? সহজ টিপছ জানক
প্ৰদৰ্শনেৰেই নহয়, আচৰণেৰেও হৃদয় জিনিলে ৰিয়ানে; কৰিলে এনে কাম
কি কি ৰোগত আঁঠুৰ বিষ হয় জানেনে? বিশেষজ্ঞৰ পৰা জানক...
খাদ্য খোৱাৰ পিছত চফেই নহয়, এনে প্ৰাকৃতিক সামগ্ৰী চোবাই খালেও পাব অনেক উপকাৰ