বিলাসী কোঠা এৰি লক-আপত চুমি-তাৰ্কিক, সামাজিক মাধ্যমত ভাইৰেল ফটো

ব্ৰেণ্ডেড কাপোৰৰ পিছত এইবাৰ চৰ্চা চুমি-তাৰ্কিকৰ লক-আপৰ ফটোক লৈ। আজিৰ দিনটোত যেন আটাইতকৈ চৰ্চাৰ বিষয় হৈ পৰিছে চুমি-তাৰ্কিক।

বিলাসী কোঠা এৰি লক-আপত চুমি-তাৰ্কিক, সামাজিক মাধ্যমত ভাইৰেল ফটো

বিলাসী কোঠা এৰি লকআপত চুমি-তাৰ্কিক!

Published: 

12 Sep 2024 | 11:27 PM

অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চুমি বৰা আৰু তাৰ্কিক বৰাক। অনলাই ট্ৰেডিং প্ৰৱঞ্চনাত নাম সাঙোৰ খোৱা অন্যতম দুই অভিযুক্তক বৃহস্পতিবাৰে পুৱা ৬ মান বজাত গ্ৰেপ্তাৰ কৰে। ডিব্ৰুগড় পুঁথি ভৰালৰ সন্মুখতে এছ টি এফে দুয়োকে জিম্মাত লয়।

গ্ৰেপ্তাৰৰ পিছত কাপোৰক লৈ চৰ্চা

গ্ৰেপ্তাৰৰ পিছতো যেন চৰ্চা শেষ হোৱা নাই চুমি-তাৰ্কিকৰ। দুয়োৰে বিলাসী জীৱনক লৈ সামাজিক মাধ্যমত বিভিন্নজনে শ্বেয়াৰ কৰিছে পোষ্ট। আনৰ টকাৰে ব্ৰেণ্ডেড কাপোৰ, লাক্সাৰী জীৱনৰ লগতে চুমিয়ে ব্যৱহাৰ কৰা প্ৰতিটো বস্তুতে আছিল কেৱল বিলাসিতা আৰু বিলাসিতা। আৰক্ষীৰ জিম্মাতো চুমি-তাৰ্কিকৰ ব্ৰেণ্ডেড পোছাকক লৈ চলিছে চৰ্চা। কিয়নো চুমিয়ে গাত উৰি লৈছে ১২ হাজাৰ টকাৰ ফৌনা কেছমিৰৰ ষ্ট’ল আৰু তাৰ্কিকে পিন্ধিছে কেলভিন ক্লেইনৰ দামী টি-চাৰ্ট।

ইফালে দুয়োৰে বিলাসী জীৱনক লৈ সামাজিক মাধ্যমত বিভিন্নজনে শ্বেয়াৰ কৰিছে পোষ্ট। আজি ডিব্ৰুগড় জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয় চুমি আৰু তাৰ্কিক বৰাক, দুয়োকে ৫দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে।

আজিৰ দিনটোত যেন আটাইতকৈ চৰ্চাৰ বিষয় হৈ পৰিছে চুমি-তাৰ্কিক। কাপোৰৰ পিছত এইবাৰ চুমি আৰু তাৰ্কিকৰ লক-আপৰ ফটো ভাইৰেল হৈছে। বিলাসী কোঠাত থকা চুমি-তাৰ্কিকে থাকিব লগা হৈছে ডিব্ৰুগড় লক-আপত।

কোনে উঠালে ফটো?

লক-আপৰ ভিতৰত দুই অভিযুক্ত চুমি-তাৰ্কিকৰ ফটো উঠাই বিতৰ্কত ডিব্ৰুগড় আৰক্ষী। চুমি বৰা আৰু তাৰ্কিক বৰাৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ লগে লগে আৰক্ষীৰ ওপৰ মহলত লাগিছৰে হৈ চৈ। লক-আপৰ ভিতৰত কোনে চেণ্ডেল পিন্ধি সোমাৱ দিছে চুমি-তাৰ্কিকক, তাক লৈও সামাজিক মাধ্যমত বিভিন্নজনে কৰিছে প্ৰশ্ন। আন একাংশই আকৌ ভাইৰেল হোৱা ফটোত চুমি বৰাৰ লক-আপৰ লকটো নোহোৱাৰ বাবেও প্ৰশ্ন উত্থাপন কৰিছে।

আনফালে লক-আপৰ বিতৰত সুমুৱাই অভিযুক্তৰ ফটো উঠাই মানৱ অধিকাৰ উলংঘা কৰাৰ অভিযোগ উঠিছে ডিব্ৰুগড় আৰক্ষীৰ বিৰুদ্ধে।

আত্মসমৰ্পণৰ পূৰ্বে কিয় ভিডিঅ’ কৰিছিল চুমীয়ে?

পলাই পলাই ভাগৰি পৰা চুমি বৰাই বুধবাৰে সামাজিক মাধ্যমত লাইভযোগে কলে বহু কথা। “বহুত দিনৰ পৰা আপোনালোকে মোৰ বহুত বাতৰি শুনি আছে। এয়া অপপ্ৰচাৰ চলিছে। যি বাতৰি প্ৰচাৰ হৈছে তাৰ ১০ শতাংশও শুদ্ধ নহয়। মই ইমানদিনে মাত মাতিব পৰা নাই কিয়নো মানসিকভাৱে ভাগি পৰিছিলো মই। মানসিকভাৱে প্ৰস্তুত নাছিলো যে মই কিবা এটা কম। যাৰ বাবে যেনেকৈ তেনেকৈ ৭ দিন কটালো। বহু অপপ্ৰচাৰ চলাইছে, বহুতত নাম সাঙোৰ খাইছে মোৰ। ন্যায়ালয়ৰ পূৰ্বে একাংশ সংবাদ মাধ্যমে মোক ফাঁচী দিছে। মোক দোষী বুলি কৈছে”। ৭ দিনে লুকাই থকা চুমিয়ে আত্মসমৰ্পনৰ পূৰ্বে হঠাৎ এইদৰে কিয় ভিডিঅ’ প্ৰস্তুত কৰিলে সেয়া ৰহস্যজনক।

গ্ৰেপ্তাৰ কৰাৰ পাছতেই প্ৰথমে ডিব্ৰুগড় আৰক্ষীয়ে বিলাসী হোটেলত নিৰাপত্তাৰ মাজত ৰাখিছিল চুমি- তাৰ্কিকক। তাৰ পাছতেই আৰক্ষী মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত ডিব্ৰুগড় আৰক্ষী থানালৈ অনা হয়। বিলাসী হোটেলত কিয় ৰখোৱা হৈছিল চুমী-তাৰ্কিকক? এতিয়া সমগ্ৰ ঘটনা সন্দৰ্ভত ইটোৰ পিছত সিটো প্ৰশ্ন উত্থাপন হৈছে সাধাৰণ ৰাইজৰ মনত।

 

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...