সকলো বিৰোধী ৰাজনৈতিক দলক লগ ধৰিম, বিৰোধী ঐক্যক অসমৰ মানুহে বিচাৰিছে: হীৰেন গোহাঁই
বৈঠকত হোৱা আলোচনা সন্দৰ্ভত ড° হীৰেন গোঁহাইয়ে কয়, "অসম সন্মিলিত নাগৰিক অভিৱৰ্তনৰ পিছতে একাদিক্ৰমে প্ৰতিটো বিৰোধী ৰাজনৈতিক দলৰে আলোচনা কৰা হৈছে।আগন্তুক নিৰ্বাচনত কেনেকৈ জনগণৰ শত্ৰু, অসমৰ শত্ৰু বিজেপিৰ বিৰুদ্ধে যুঁজ দিব পাৰি সেই সন্দৰ্ভত আলোচনা হ'ল।"

বিৰোধী ৰাজনৈতিক নেতা
অসম জাতীয় পৰিষদৰ নেতৃত্বত চানমাৰিৰ হোটেল অলংকাৰত কেইবাজনো বিৰোধী ৰাজনৈতিক নেতাৰ ৰুদ্ধদ্বাৰ বৈঠক। ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাসহ ৬ জনীয়া গোটৰে বৈঠক অনুষ্ঠিত হয় । বিৰোধী ঐক্য আৰু চৰকাৰৰ স্থিতি সন্দৰ্ভত আলোচনা কৰা হয়। অজিৎ ভূঞাৰ উপৰিও বৈঠকত উপস্থিত আছিল হীৰেন গোহাঁই, জগদীশ ভূঞা, পৰেশ মালাকাৰ, লুৰীণজ্যোতি গগৈ, চিত্তৰঞ্জন বসুমতাৰী।
বৈঠকত হোৱা আলোচনা সন্দৰ্ভত ড° হীৰেন গোহাঁইয়ে কয়, “অসম সন্মিলিত নাগৰিক অভিৱৰ্তনৰ পিছতে একাদিক্ৰমে প্ৰতিটো বিৰোধী ৰাজনৈতিক দলৰে আলোচনা কৰা হৈছে।আগন্তুক নিৰ্বাচনত কেনেকৈ জনগণৰ শত্ৰু, অসমৰ শত্ৰু বিজেপিৰ বিৰুদ্ধে যুঁজ দিব পাৰি সেই সন্দৰ্ভত আলোচনা হ’ল।” তেওঁ লগতে কয়, “সকলো বিৰোধী ৰাজনৈতিক দলক লগ ধৰিম।বিৰোধী ঐক্যক অসমৰ মানুহে বিচাৰিছে। বিৰোধী ঐক্য অবিহনে বিজেপিক পৰাস্ত কৰাটো সম্ভৱ নহয়। কি প্ৰক্ৰিয়াৰে সেই লক্ষ্যত উপনীত হ’ব পাৰি তাৰে সমীকৰণ কৰা হৈছে।”
ইফালে পৰেশ মালাকাৰে কয়, নাগৰিক সন্মিলনৰ সিদ্ধান্ত মৰ্মে আজি অসম জাতীয় পৰিষদৰে আলোচনা হ’ল। পৰৱৰ্তী সময়ত ৰাইজৰ দলৰে আলোচনাত বহিব নাগৰিক সমাজ। ৰাইজে সকলো দল ঐক্যবদ্ধ হোৱাটো বিচাৰিছে। কেৱল ঐক্যবদ্ধ হ’লেই নহ’ব, ইয়াক আন্দোলনৰ পৰ্যায়লৈ লৈ যাব লাগিব।”
অজিত ভূঞাই সংবাদিকৰ আগত কয়,” আমি সকলোৱে সৈতে যোগাযোগত আছো। আমি ৰাজহুৱাভাৱে প্ৰকাশ কৰা নাই। ৩ গগৈ সন্দৰ্ভত তেওঁ কয়, “৩ গগৈৰ প্ৰসংগতো শাসক দলৰ প্ৰচাৰহে। এইটো এটা ষড়যন্ত্ৰ। ৩ গগৈ লগ হোৱাৰ বিষয়টোৰ কোনো প্ৰাসংগিকতা নাই। ৰাইজ ঐক্যবদ্ধ হৈছে।”
লুৰীণজ্যোতি গগৈৰ মন্তব্য, “আমি দৃঢ়তাৰে প্ৰকাশ কৰিছো যে ঐক্যবদ্ধভাৱে যুঁজিব লাগিব।অসমত জনগণত সংকটত পেলোৱা যি ৰাজনীতি বিজেপিয়ে কৰিছে তাৰ বিৰুদ্ধে সকলো ৰাইজে আমাক এক হোৱাটো বিচাৰিছে। জনগণৰ চিন্তা, লক্ষ্য-উদ্দেশ্য তথা আহ্বানক সন্মান জনাই আমি আগুৱাম।” তেওঁ কয়, ” সকলো ৰাজনৈতিক দলে জনগণৰ আদেশ মানি সঠিক সিদ্ধান্ত ল’ব লাগিব।হীৰেন গোঁহাইৰ অভিভাৱকত্বত আমি সকলোৱে এটা আশা কৰিছো।”
লগতে পঢ়ক: শীঘ্ৰে আৰম্ভ হ’ব শৰাইঘাটৰ দ্বিতীয়খন ৰে’লৰ দলঙৰ নিৰ্মাণৰ কাৰ্য, থাকিব ৩ লেনযুক্ত পথৰ ব্যৱস্থা…