তপা মূৰত চুলি গজাবলৈ কোকৰাঝাৰত উপস্থিত পংকজ পাঠক, ক’লে- আকৌ গোৱালপাৰাত কেম্প হ’ব…
বিতৰ্কৰ মাজতে আজি কোকৰাঝাৰত কেম্প অনুষ্ঠিত কৰে পংকজ পাঠকে। চুলি গজোৱাৰ ঔষধ গ্ৰহণ কৰিবলৈ হাজাৰ হাজাৰ মানুহে কেম্পত ভিৰ কৰে।

পংকজ পাঠক
চলি থকা বিতৰ্কৰ মাজতে বৃহস্পতিবাৰে কোকৰাঝাৰত উপস্থিত হয় পংকজ পাঠক। তপা মূৰত চুলি গজাবলৈ পুৱাৰ ভাগতে পংকজ পাঠক তেওঁৰ দলৰ সৈতে কোকৰাঝাৰত উপস্থিত হয়। এই সময়চোৱাত হাজাৰ হাজাৰ লোকৰ কেম্পলৈ সমাগম ঘটে। তাৰ পাছতে সকলোকে চুলি গজোৱাৰ চিকিৎসা প্ৰদান কৰে পংকজ পাঠকে।
ইয়াৰ মাজতে পংকজ পাঠকে কয় যে, কালি গোৱালপাৰাত সংঘটিত হোৱা ঘটনাৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰ নাই। কালিৰ ঘটনাক লৈ বহুতে ধৰ্মক টানি আনিছে আৰু গোৱালপাৰাবাসীক দোষাৰোপ কৰিছে । কিন্তু ধৰ্মক টানি নানিবলৈ আহ্বান জনাই তেওঁ। লগতে কয় যে, ধৰ্মক টানি নানিব , প্ৰথমে মুছলমানমান লোকেহে পংকজ পাঠক আৰু দলৰ আনসকলক ৰক্ষা কৰিছিল। গোৱালপাৰাবাসীৰ গাত কোনো দোষ নাই ।
পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে পংকজ পাঠকক আমন্ত্ৰণ জনোৱা সন্দৰ্ভত কয় যে ৰাইজৰ মৰমে তেওঁক বান্ধি ৰাখিছে , এইমুহুৰ্তত তেওঁ নাযায় । ইয়াৰোপৰি কয় যে, পুনৰ গোৱালপাৰাত কেম্প অনুষ্ঠিত কৰিব। প্ৰাকৃতিক ঔষধ বিনামূলীয়া । গতিকে চুড়ান্ত বাধা নোপোৱালৈকে তেওঁ জনসাধাৰণক সেৱা কৰি যাব ।
উল্লেখ্য যে, বুধবাৰে গোৱালপাৰাত সংঘটিত হৈছিল এক অনাকাংক্ষিত ঘটনা। এজন লোকক পংকজ পাঠকৰ দলে আক্ৰমণ কৰাৰ অভিযোগত উত্তপ্ত হৈ পৰিছিল গোৱালপাৰা চহৰৰ বিহু ফিল্ড অঞ্চল। তাৰ পাছতে সমূহ ৰাইজৰ ওচৰত আঁঠুকাঢ়ি, কাণত ধৰি ক্ষমা খুজিবলৈ বাধ্য হৈছিল পংকজ পাঠক। এই ঘটনাৰ ভিডিঅ’ সমগ্ৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। বিভিন্নজনে এই ঘটনাক গৰিহনা দিছিল।
কিন্তু তাৰ পাছতে পংকজ পাঠকে সামাজিক মাধ্যমত ভিডিঅ’ৰ জৰিয়তে ঘটনাৰ বিষয়ে সবিশেষ জনায়। তেওঁ কয় যে, কেৱল দলৰ ল’ৰা কেইজনৰ প্ৰাণ ৰক্ষাৰ বাবে তেওঁ আঁঠুকাঢ়ি, কাণত ধৰিছিল। ইয়াৰোপৰি এই ঘটনা তেওঁ পূৰ্বপৰিকল্পিত বুলি কয়। তেওঁ কয় যে, আক্ৰমণকাৰীসকল আগৰ পৰাই খাপ পিতি আছিল। ইয়াত কোনো ৰাজনৈতিক ষড়যন্ত্ৰ নাই।
কালি গোৱালপাৰাত হোৱা এই ঘটনাৰ পাছতে আজি কোকৰাঝাৰত কেম্প অনুষ্ঠিত কৰে পংকজ পাঠকে। য’ত হাজাৰ হাজাৰ লোকৰ সমাগত ঘটনা দেখা গৈছে। পংকজ পাঠকে কৈছে যে তেওঁ অনাগত দিনটো ৰাইজৰ এনেদৰে সেৱা কৰি যাব। গতিকে আজিৰ ঘটনাৰ পৰা ক’ব পাৰি যে, কালিৰ ঘটনাৰ পাছতো ৰাজ্যত একাংশৰ মাজত পংকজ পাঠকৰ জনপ্ৰিয়তা কমি যোৱা নাই।
উল্লেখ কৰা প্ৰয়োজন যে, সামাজিক মাধ্যমযোগে পংকজ পাঠকে দাবী কৰিছিল যে তেওঁক পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ফোন কৰি ৰাজ্যলৈ আমন্ত্ৰণ জনাইছে। কিন্তু এই কথা মিছা বুলি কয় তৃণমূল কংগ্ৰেছে। এই সন্দৰ্ভত দলটোৱে ডিজিপিলৈ পত্ৰ লিখি তদন্ত কৰাৰ আহ্বান জনায়।
অন্য় খবৰ পঢ়কঃ ৰাইজৰ ওচৰত আঁঠুকাঢ়ি ক্ষমা খুজিলে পংকজ পাঠকে, কাৰণ কি…