ৰাইজৰ ওচৰত আঁঠুকাঢ়ি ক্ষমা খুজিলে পংকজ পাঠকে, কাৰণ কি…

আঁঠুকাঢ়ি ক্ষমা খুজিবলৈ বাধ্য হ'ল পংকজ পাঠক আৰু তেওঁৰ কোম্পানীৰ সদস্য। পংকজ পাঠকৰ দলে তপন চক্ৰৱৰ্তীক নাকে মুখে ঘুছিয়াবলৈ ধৰে। লগে লগে পৰিস্থিতি উত্তপ্ত হৈ পৰে।

ৰাইজৰ ওচৰত আঁঠুকাঢ়ি ক্ষমা খুজিলে পংকজ পাঠকে, কাৰণ কি...

পংকজ পাঠক

Published: 

02 Jul 2025 19:18 PM

গোৱালপাৰা চহৰৰ বিহু ফিল্ডত তপা মূৰৰ চিকিৎসা কৰিবলৈ গৈ বিপদত পংকজ পাঠক। অভিযোগ অনুসৰি, আচাৰ্য পংকজ পাঠক আৰু তেওঁৰ কোম্পানীয়ে উপৰ্যুপৰি আক্ৰমণ কৰে বিহু ফিল্ড পৰিচালনা কমিটীৰ সম্পাদক তপন চক্ৰৱৰ্তীক। তাৰ পাছতে স্থানীয় ৰাইজে পংকজ পাঠক আৰু তেওঁৰ কোম্পানীৰ সদস্যক আঁঠুকাঢ়ি ক্ষমা খুজিবলৈ বাধ্য কৰায়।

সম্পাদক তপন চক্ৰৱৰ্তীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, এগৰাকী মহিলাই চুলিৰ সমস্যা হোৱাৰ কাৰণে পংকজ পাঠকক লগ কৰিবলৈ আহিছিল। কিন্তু বহু সময় ধৰি ৰৈ থকাৰ পাছতো পাঠকক লগ নোপোৱাত কথাটো সম্পাদক তপন চক্ৰৱৰ্তীক এই বিষয়ে জনায়। তেতিয়া তপন চক্ৰৱৰ্তীয়ে মহিলাগৰাকীৰ সমস্যাখিনি পংকজ পাঠকক অৱগত কৰায়। কিন্তু এই কথাত গুৰুত্ব নিদিয়ে  পংকজ পাঠকে।

অভিযোগ অনুসৰি, মহিলা গৰাকীয়ে পুনৰ পংকজ পাঠকৰ দলক নিজৰ সমস্যাখিনি অৱগত কৰিবলৈ যায়। কিন্তু মহিলাগৰাকীক অশালীন ব্যৱহাৰ কৰে পংকজ পাঠকৰ দলে। পংকজ পাঠকৰ মানুহে মহিলাগৰাকীক অশালীন ব্যৱহাৰ কৰাৰ কথা গম পাই তপন চক্ৰৱৰ্তীয়ে। তেওঁ ইয়াৰ বিষয়ে পংকজ পাঠকক ক’বলৈ যোৱাত পংকজ পাঠকে আপুনি কোন হয়, ঐ ইয়াক ধৰ বুলি কৈ তেওঁক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

অভিযোগ মতে পংকজ পাঠকৰ দলে তপন চক্ৰৱৰ্তীক নাকে মুখে ঘুছিয়াবলৈ ধৰে। লগে লগে পৰিস্থিতি উত্তপ্ত হৈ পৰে। তাৰ পাছতে বিহু ফিল্ড কমিটীৰ আন আন সদস্যসকল উপস্থিত হৈ পংকজ পাঠক আৰু তেওঁৰ কোম্পানীৰ সদস্যক আক্ৰমণ কৰে। ঘটনাস্থলীত গোৱালপাৰা আৰক্ষী উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও ৰাইজে পংকজ পাঠক আৰু তেওঁৰ কোম্পানীৰ সদস্যক আঁঠুকাৰী ক্ষমা খুজিবলৈ বাধ্য কৰায়। ক্ষমা নোখোজা পৰ্যন্ত তাৰ যাবলৈ নিদিয়া হ’ব বুলি চৰ্ত দিয়ে আৰক্ষীক। তাৰ পাছতে পংকজ পাঠক আৰু তেওঁৰ দলে ক্ষমা খোজে।

অৱশেষত ৰাইজৰ ওচৰত হাৰ মানি পংকজ পাঠক আৰু তেওঁৰ কোম্পানীয়ে ক্ষমা খোজে। তাৰ পিছতহে তেওঁলোকক বিহু ফিল্ড পৰা যাবলৈ দিয়ে। অনাগত দিনত এনে ধৰণৰ কাৰ্য নকৰে বুলিও প্ৰতিশ্ৰুতি দিয়ে আশ্চৰ্য পংকজ পাঠকে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

 

Input: দ্বিগজ্যোতি লহকৰ

 

অন্য খবৰ পঢ়কঃ অসমত ৩৩ কোটিৰ কৰ ফাঁকি! ৩৫২খন লাইচেন্স বাতিল, আটক কেইবাজনো…

ক'ল্ড ড্ৰিংকছৰ বটলত পানী খালে কি কি ক্ষতি হ'ব পাৰে? জানক
জীৱনলৈ ভাল দিন আহিলে কি কি সংকেতে দেখা দিয়ে? জানক...
বিকলাংগ সন্তান কিয় জন্ম হয়? ক'লে প্ৰেমানন্দ মহাৰাজে...
ঘৰৰ ভিতৰত মানি প্লাণ্ট ৰাখিলে সচাঁকৈয়ে ধন আহেনে? আৰু কি কি হয় জানক...