Padma Awards 2025: পদ্ম ভূষণেৰে সন্মানিত যতীন গোস্বামী, চাৰিজন বিশিষ্ট অসমীয়ালৈ পদ্মশ্ৰী…

দেশৰ মুঠ ১৯ গৰাকী বিশিষ্ট ব্যক্তিৰ ভিতৰত অসমৰ নৃত্যাচাৰ্য যতীন গোস্বামীলৈ দেশৰ তৃতীয় অসামৰিক সন্মান পদ্ম ভূষণ সন্মান আগবঢ়োৱা হৈছে । ইয়াৰ সমান্তৰালভাৱে অসমৰ ৪ গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান।

Padma Awards 2025: পদ্ম ভূষণেৰে সন্মানিত যতীন গোস্বামী, চাৰিজন বিশিষ্ট অসমীয়ালৈ পদ্মশ্ৰী...

নৃত্যাচাৰ্য যতীন গোস্বামীলৈ পদ্ম ভূষণ সন্মান

Updated On: 

25 Jan 2025 | 11:08 PM

কাইলৈ ৭৬ সংখ্যক গণৰাজ্য দিৱস । গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত সমাজৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে দেশৰ মুঠ ১৯ গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে পদ্ম ভূষণ সন্মান। ইয়াৰ লগতে ৭ গৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্ম বিভূষণ বঁটা আৰু মুঠ ১১৩ গৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে।

দেশৰ মুঠ ১৯ গৰাকী বিশিষ্ট ব্যক্তিৰ ভিতৰত অসমৰ নৃত্যাচাৰ্য যতীন গোস্বামীলৈ দেশৰ তৃতীয় অসামৰিক সন্মান পদ্ম ভূষণ সন্মান আগবঢ়োৱা হৈছে । ইয়াৰ সমান্তৰালভাৱে অসমৰ ৪ গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান। তেওঁলোকৰ ভিতৰত আছে সাহিত্য আৰু শিক্ষা ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা অনিল কুমাৰ বড়ো, গীতা উপাধ্যায় । লগতে জয়নাচৰন বাথাৰী আৰু ৰেৱকান্ত মহন্তলৈয়ো আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান । উল্লেখ্য যে, লোক শিল্পলৈ বিশেষ অৱদানৰ বাবে জয়নাচৰন বাথাৰী আৰু ৰেৱকান্ত মহন্তক এই সন্মান প্ৰদান কৰা হৈছে ।

উল্লেখ্য যে,দেশৰ তৃতীয় অসামৰিক সন্মান পদ্ম ভূষণ সন্মান আগবঢোৱা নৃত্যাচাৰ্য যতীন গোস্বামীয়ে ২০০৪ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰা লগতে ২০০৮ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী সন্মান লাভ কৰিছিল ।

ডিমাছা লোক পৰম্পৰালৈ আগবঢ়োৱা অৱদানৰ বাবে জয়নাচৰ বাথাৰীক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছে। পৰম্পৰাগত মুখা শিল্পলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছে ৰেৱকান্ত মহন্তক। ৮৯ বছৰীয়া ৰেৱকান্ত মহন্তক ২০১৪ চনত সংগীত নাটক অকাডেমীৰ বঁটা প্ৰদান কৰা হৈছিল। ৰাজ্যৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰা আন দুগৰাকী হৈছে সাহিত্য আৰু শিক্ষা ক্ষেত্ৰত উল্লেখ্যযোগ্য অৱদান আগবঢ়োৱা অনিল কুমাৰ বড়ো আৰু গীতা উপাধ্যায়।

ইফালে এই আটাইকেইগৰাকী অসমীয়া সন্মানীয় বিশিষ্ট ব্যক্তিকে অভিনন্দন জ্ঞাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাই কয় যে,’পদ্ম ভূষণ সন্মান লাভ কৰাৰ বাবে অসমবাসীৰ হৈ যতীন গোস্বামী আৰু পদ্মশ্ৰী সন্মানৰ বাবে অনিল কুমাৰ বড়ো,গীতা উপাধ্যায়, জয়নাচৰন বাথাৰী আৰু ৰেৱকান্ত মহন্তক অভিনন্দন জ্ঞাপন কৰিছো ।’  ইয়াৰ লগতে সমাজৰ প্ৰতি তেওঁলোকৰ ব্যতিক্ৰমী অৱদানৰ বাবে ধন্যবাদ জনোৱাৰ লগতে তেওঁলোকৰ কৰ্মৰাজীয়ে সমাজখনক অনুপ্ৰাণিত কৰিছে বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...