মৌলবাদী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ‘অপাৰেচন প্ৰঘাট’ ! ধুবুৰীত দুৰ্ধৰ্ষ জেহাদীক গ্ৰেপ্তাৰ কৰিলে এছটিএফে…

ধুবুৰী জিলাত মৌলবাদী সন্ত্ৰাসবাদী সংগঠনৰ সদস্য বুলি সন্দেহ কৰা এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে বুলি দেওবাৰে আৰক্ষীৰ মুখপাত্ৰই প্ৰকাশ কৰে। এই সন্দেহযুক্ত লোকজন মৌলবাদী সন্ত্ৰাসবাদী সংগঠনৰ সদস্য হোৱাৰ লগতে দীৰ্ঘদিন ধৰি ভাৰত বিৰোধী কাম কৰি আহিছিল বুলি অভিযোগ উত্থাপন হৈছে ।

মৌলবাদী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অপাৰেচন প্ৰঘাট ! ধুবুৰীত দুৰ্ধৰ্ষ জেহাদীক গ্ৰেপ্তাৰ কৰিলে এছটিএফে...

প্ৰতীকী ফটো

Published: 

19 Jan 2025 | 08:44 PM

গণৰাজ্যৰ দিৱসৰ উপলক্ষে অসম আৰক্ষী-প্ৰশাসনে তৎপৰতা বৃদ্ধি কৰিছে । ইয়াৰ সমান্তৰালভাৱে ৰাজ্যত অশান্ত পৰিৱেশ সৃষ্টিৰ বাবে প্ৰচেষ্টা চলাই থকা মৌলবাদী সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে অব্যাহত আছে ‘অপাৰেচন প্ৰঘাট’। শেহতীয়াকৈ এই ‘অপাৰেচন প্ৰঘাট’ৰ অংশ হিচাপেই ধুবুৰী জিলাৰ পৰা সন্দেহযুক্ত জেহাদীক আটক কৰাৰ খবৰ লাভ কৰা গৈছে । এই তথ্য প্ৰকাশ কৰিছে আৰক্ষীৰ মুখপাত্ৰই ।

ধুবুৰী জিলাত মৌলবাদী সন্ত্ৰাসবাদী সংগঠনৰ সদস্য বুলি সন্দেহ কৰা এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে বুলি দেওবাৰে আৰক্ষীৰ মুখপাত্ৰই প্ৰকাশ কৰে। এই সন্দেহযুক্ত লোকজন মৌলবাদী সন্ত্ৰাসবাদী সংগঠনৰ সদস্য হোৱাৰ লগতে দীৰ্ঘদিন ধৰি ভাৰত বিৰোধী কাম কৰি আহিছিল বুলি অভিযোগ উত্থাপন হৈছে । জানিব পৰা মতে, অসম আৰক্ষীৰ এছটিএফে গ্ৰেপ্তাৰ কৰা সন্দেহযুক্ত ‘জেহাদী’টোৰ নাম হৈছে জাহীৰ আলী ।

উল্লেখ্য যে, সন্ত্ৰাসবাদী, মৌলবাদী আৰু সন্ত্ৰাসবাদী নেটৱৰ্কৰ বিৰুদ্ধে অব্যাহত আছে ‘অপাৰেচন প্ৰঘাট’ । এই ‘অপাৰেচন প্ৰঘাট’ৰ অংশ হিচাপে ৰাজ্য আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে গ্ৰেপ্তাৰ কৰে এই ‘জেহাদী’টোক ।

আৰক্ষীৰ মুখপাত্ৰগৰাকীয়ে কয় যে, “বিলাসীপাৰা থানাৰ সীমাৰ অন্তৰ্গত খুদিগাঁৱৰ পৰা জাহীৰ আলী নামৰ এজন ‘জেহাদী’ক গ্ৰেপ্তাৰ কৰা হৈছে।” ‘অপাৰেচন প্ৰঘাট’ত এতিয়ালৈকে বাংলাদেশৰ নাগৰিককে ধৰি ১২টা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিছে । চলি থকা এই অভিযানৰ অধীনত যোৱা বছৰৰ ডিচেম্বৰ মাহত অসম আৰক্ষীয়ে এজন বাংলাদেশীকে ধৰি আঠটা মৌলবাদীক গ্ৰেপ্তাৰ কৰিছিল ।

আন এক সূত্ৰৰ পৰা জানিব পৰা মতে, এছটিএফৰ মুৰব্বী ড০ পাৰ্থ সাৰথি মহন্তৰ নিৰ্দেশত এক অভিযান চলোৱা হৈছিল । এই অভিযানতে ধৃত জেহাদীটোক গ্ৰেপ্তাৰ কৰাৰ লগতে অস্ত্ৰ-শস্ত্ৰ, আপত্তিজনক নথি-পত্ৰ আৰু মোবাইল ফোন জব্দ কৰা বুলিও জানিব পৰা গৈছে । দীৰ্ঘদিন ধৰি এই জেহাদীটোৱে ভাৰত বিৰোধী কাৰ্যকলাপত জড়িত হৈ আহিছিল ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব