অনলাইন ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত বিশাল-তাৰ্কিক-স্বপ্ননীলৰ জামিন মঞ্জুৰ, চুমিৰ কি হ’ল…

বিশাল- চুমি হঁতৰ দৰে অনলাইন ট্ৰেডিং কেলেংকাৰীত নাম সাঙোৰ খাইছিল স্বপ্ননীল দাসৰ। লাষ্টগেটত TFAL নামেৰে প্ৰতিষ্ঠান খুলি ট্ৰেডিঙৰ প্ৰশিক্ষণ দিছিল স্বপ্ননীলে। ইয়াৰোপৰি ৰাজ্যৰ বহু মানুহৰ পৰা কোটি কোটি টকাৰ তেওঁ প্ৰৱঞ্চনা কৰিছিল।

অনলাইন ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত বিশাল-তাৰ্কিক-স্বপ্ননীলৰ জামিন মঞ্জুৰ, চুমিৰ কি হল...

চুমি, বিশাল, স্বপ্ননীল

Published: 

26 Nov 2024 | 03:28 PM

দীৰ্ঘদিন ধৰি কাৰাগাৰত থকাৰ পাছত মঙলবাৰে জামিন লাভ কৰে অনলাইন ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত বিশাল ফুকন, তাৰ্কিক বৰা আৰু স্বপ্ননীল দাসে। গুৱাহাটী উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি এই তিনিওজনৰে জামিন মঞ্জুৰ কৰে। ইয়াৰ বিপৰীতে অনলাইন ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত চুমি বৰাৰ জামিন আবেদন নাকচ কৰে ন্যায়ালয়ে। এই আটাইকেইজন বৰ্তমান গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আছে।

উল্লেখ্য যে, কিছুমান পূৰ্বে ৰাজ্যত সংঘটিত হৈছিল অনলাইন ট্ৰেডিঙৰ ভয়ংকৰ কেলেংকাৰী। কম টকাৰ বিনিময়ত বেছি টকা লাভৰ প্ৰলোভন দি বহু লোকৰ পৰা হাজাৰ কোটি টকা লুট কৰিছিল বিশাল দাস, চুমি বৰা, তাৰ্কিক বৰা, স্বপ্ননীল দাস আদিয়ে। অভিযোগ অনুসৰি  বিশাল  নামৰ ২২ বছৰীয়া যুৱকজন প্ৰায় ২০০০ কোটি টকাৰ মালিক।  গ্ৰাহকৰ পৰা সংগ্ৰহ কৰা কোটি কোটি ধনেৰে বিলাসী জীৱন কটোৱা এই সকললোকে নিজৰ বাবে কৰি লৈছিল হাজাৰ হাজাৰ কোটি টকাৰ সম্পত্তি। কেৱল নিজৰ লগতে নহয়,পৰিয়াল, আত্মীয়-বৰ্গ, বন্ধু আদি সকলোৰে নামত এই ধন খৰচ কৰিছিল।

আনহাতে এই কেলেংকাৰীত নাম সাঙোৰ খাই পৰিছিল চুমি বৰা আৰু তাৰ্কিক বৰাৰ। অভিযোগ অনুসৰি চুমিয়ে বিশালক এজেন্ট আনি দিয়াত সহায় কৰিছিল আৰু চুমিৰ ককায়েক- বোয়েকো এই প্ৰৱঞ্চনাত প্ৰত্যক্ষভাৱে জড়িত আছিল। প্ৰথম অৱস্থাত বিশাল ফুকন গ্ৰেপ্তাৰ হৈছিল যদিও দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত আছিল চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰা। কেইবাদিন ধৰি পলাই ফুৰাৰ পাছত চুমি বৰা আৰু তাৰ্কিক বৰাই আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিছিল। জানিব পৰা মতে বিশালে ৬০ দিনত ৩০ শতাংশ লাভ দিয়াৰ প্ৰলোভন দি এই জালখন পাতিছিল।

বিশাল- চুমি হঁতৰ দৰে অনলাইন ট্ৰেডিং কেলেংকাৰীত নাম সাঙোৰ খাইছিল স্বপ্ননীল দাসৰ। লাষ্টগেটত TFAL নামেৰে প্ৰতিষ্ঠান খুলি ট্ৰেডিঙৰ প্ৰশিক্ষণ দিছিল স্বপ্ননীলে। ইয়াৰোপৰি ৰাজ্যৰ বহু মানুহৰ পৰা কোটি কোটি টকাৰ তেওঁ প্ৰৱঞ্চনা কৰিছিল। ট্ৰেডিং এপত ধন বিনিয়োগৰ নামত স্বপ্ননীলে বিভিন্ন জনৰ পৰা লুটিছিল লাখ লাখ টকা। যাৰ ফলত তেওঁ গুৱাহাটীত ফ্লেট, দুখনকৈ কোটি টকীয়াৰ গাড়ী কিনিবলৈও সক্ষম হৈছিল। এই বিলাসী গাড়ীতেই অসমৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিছিল স্বপ্ননীল আৰু মানুহক তেওঁৰ সম্পত্তিৰ প্ৰতি আকৰ্ষিত কৰাই ট্ৰেডিঙৰ জালত পেলাইছিল।

বিগত সময়চোৱাত অনলাইন ট্ৰেডিঙৰ সৈতে জড়িত বহুজন অভিযুক্ত গ্ৰেপ্তাৰ হৈছিল। ইয়াৰে কিছুমান জেলত থকাৰ বিপৰীতে কিছুমান আছে মুকলি আকাশৰ তলত।ইয়াৰ মাজতে আজি অনলাইন ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত বিশাল, স্বপ্ননীল আৰু তাৰ্কিকে জামিন লাভ কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...