প্ৰৱঞ্চক বিশাল ফুকনক ৩ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ! আজি হাজিৰ কৰোৱা হৈছিল আদালতত

বিশাল ফুকনক আজি হাজিৰ কৰোৱা হয় ডিব্ৰুগড়ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত। আদালতত হাজিৰৰ পাছতে ডিব্ৰুগড় আৰক্ষীয়ে ৩ দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰি আদালতক জনাইছিল আবেদন। আৰক্ষীৰ আবেদনক মঞ্জুৰ কৰি বিশালক ৩ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে। শ্বেয়াৰ মাৰ্কেটত নিশ্চিত ৰিটাৰ্ণৰ নামত প্ৰৱঞ্চনাৰে ধন ঘটিছিল বিশালে।

প্ৰৱঞ্চক বিশাল ফুকনক ৩ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ! আজি হাজিৰ কৰোৱা হৈছিল আদালতত

প্ৰৱঞ্চক বিশাল ফুকনক ৩ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ!

Published: 

04 Sep 2024 19:23 PM

৩ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে প্ৰৱঞ্চক বিশাল ফুকন। ডিব্ৰুগড় মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে প্ৰেৰণ কৰে আৰক্ষীৰ জিম্মালৈ। বিশাল ফুকনক আজি হাজিৰ কৰোৱা হয় ডিব্ৰুগড়ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত। আদালতত হাজিৰৰ পাছতে ডিব্ৰুগড় আৰক্ষীয়ে ৩ দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰি আদালতক জনাইছিল আবেদন। আৰক্ষীৰ আবেদনক মঞ্জুৰ কৰি বিশালক ৩ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে। শ্বেয়াৰ মাৰ্কেটত নিশ্চিত ৰিটাৰ্ণৰ নামত প্ৰৱঞ্চনাৰে ধন ঘটিছিল বিশালে। বিশালৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছিল আৰবীয় মুদ্ৰা। বিদেশী মুদ্ৰাৰ ব্যৱসায়ৰ সৈতেও বিশাল জড়িত থকাৰ সন্দেহ। বিশাল ফুকনে নীতিবহিৰ্ভূতভাৱে ফৰেক্স ট্ৰেড কৰাৰ সন্দেহ।

বিশাল নামৰ ২২ বছৰীয়া প্ৰৱঞ্চকটোৱে বিনিয়োগকাৰীক অধিক ধন লাভৰ আশা দেখুৱাই প্ৰৱঞ্চনাৰ জালত পেলাইছিল। ষ্টকত বিনিয়োগৰ নামত শ শ কোটি টকা লুণ্ঠন কৰা বিশাল ফুকনক সোমবাৰে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বিশাল ফুকনৰ ডিব্ৰুগড়়ৰ বাসগৃহত আৰক্ষীয়ে তালাচী অভিযান চলোৱাৰ লগতে তেওঁৰ আন এজন সহযোগীকো গ্ৰেপ্তাৰ কৰিছিল। অভিযোগ অনুসৰি বিশালে বিনিয়োগকাৰীক দুগুণ ধন ঘূৰাই দিয়াৰ চলেৰে কোটি কোটি টকা লুটিছিল।

বিশালে ৪টাকৈ কোম্পানীও খুলিছিল। ইয়াৰে ক্ৰিছেলিয়া ফাৰ্মাচিউটিচকেল কোম্পানীটো বিশালে ৫ মাৰ্চত পঞ্জীয়ন কৰিছিল। এই কোম্পানীটোত আছিল ৩ গৰাকীকৈ সঞ্চালক। তেওঁলোক ক্ৰমে- ৰাজীৱ বৰা, বিশাল ফুকন আৰু জিংকী মিলি। ইয়াৰে ৰাজীৱ পৰা নৃত্য শিল্পী চুমি বৰাৰ জ্যেষ্ঠ ভাতৃ আৰু জিংকী মিলি ৰাজীৱৰ পত্নী। কেৱল এয়াই নহয়, নিজাকৈ প্ৰডাকছন হাউচ থকা বিশালে ছবি নিৰ্মাণৰ নামত কোটি কোটি টকা ব্যয় কৰিছিল। এখন ছবিৰ চুক্তিৰ বাবে ডুবাইলৈও গৈছিল বিশাল। এই ছবিখনৰ অভিনেতা- অভিনেত্ৰীৰ সকলো খৰচ বহন কৰিছিল বিশালে।

অতি বিলাসী জীৱন আছিল বিশালৰ। সঘনাই স্কাই ডাইভিঙত যোৱা বিশালৰ বিলাসীকতাৰ অন্ত নাই। ২০২৩ চনত বিশালৰ মাতৃয়ে ক্ৰয় কৰিছিল ২৩ লাখ টকীয়া বিলাসী গাড়ী। ইয়াৰ পূৰ্বেও মন গলেই গাড়ী ক্ৰয় কৰিব পৰাকৈ ধন আছিল বিশালৰ। এনেকৈয়ে বিশাল হৈ পৰিছিল প্ৰায় ২০০০ কোটি টকাৰ মালিক।

উল্লেখ্য যে, বিশালে নটাৰীযোগে বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰিছিল। সেই ধন ষ্টকত বিনিয়োগ কৰি ৬০ দিনত ৩০ শতাংশ লাভ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। চতুৰ বিশালে বিনিয়োগকাৰীৰ লগত চুক্তি কৰিছিল যে চুক্তিৰ গোপনীয়তা উলংঘন কৰিলে বিনিয়োগকাৰীয়ে লাভাংশ নাপাব। এনেকৈয়ে এজনৰ পাছত আনজন পৰিছিল বিশালৰ প্ৰৱঞ্চনাৰ জালত।

প্ৰৱঞ্চক বিশাল ফুকনৰ পাছতেই চুমি বৰাক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছিল অভিযান। কিন্তু এই পৰ্যন্ত চুমিৰ কোনো সন্ধান পোৱা নাই আৰক্ষীয়ে। চুমিয়ে ভাতৃ বনাই লৈছিল বিশালক। শেহতীয়াকৈ অহা তথ্য অনুসৰি সোমবাৰে নিশা ১২-১ বজালৈ দীক্ষুৰ ঘৰতে আছিল চুমি আৰু তেওঁৰ স্বামী তাৰ্কিক বৰা। পৰৱৰ্তী সময়ত দীক্ষুৰ ঘৰৰ পৰাও পলায়ন কৰিছিল চুমিয়ে।  জানিব পৰা মতে বাৰে বাৰে নিজৰ অৱস্থান সলনি কৰিছে চুমিয়ে।

Related Stories
অসম এতিয়া দেশৰ দ্ৰুততম বিকশিত অৰ্থনীতি; মুখ্যমন্ত্ৰীয়ে দিলে এই বিশেষ সুখবৰ…
নতুন বছৰৰ আনন্দ উদযাপনৰ পৰা বাবু আঁচনি ঘোষণালৈ, থোৰতে চাওক আজি দিনটোৰ চৰ্চিত খবৰসমূহ
ফৌজদাৰী সংস্কাৰ আৰু জনকল্যাণত দেশৰ ভিতৰতে শীৰ্ষত অসম, নৱবৰ্ষৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰীয়ে দিলে খতিয়ান
জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় যুদ্ধৰ বাবে বিশেষ অধিবক্তা নিযুক্তি দিব চৰকাৰে, বিশেষ আদালত গঠনৰ বাবেও জনাব দাবী
এঞ্জেল চাকমাৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে বিশেষ প্ৰস্তাৱ, নিৰ্বাচনৰ প্ৰাকক্ষণত ল’লে এই সংকল্প
গুৱাহাটীৰ পৰা হাওৰালৈ চলিব বন্দে ভাৰত শ্লীপাৰ ৰে’ল, কি কি সুবিধা থাকিব আৰু ভাড়া কিমান হ’ব?
নিতে গঢ়ি তোলক মাত্ৰ এই ৫টা অভ্যাস, উচ্চ ৰক্তচাপৰ চিন্তা হ’ব দূৰ
বৃক্ক বিকলৰ পূৰ্বে পুৱাৰ সময়ত কি কি লক্ষণে দেখা দিয়ে, জানক...
ফেটি লিভাৰৰ ৫ টা সাধাৰণ লক্ষণ কি কি, জানক...
কাইলৈৰ পৰাই আৰম্ভ কৰক পুৱা খালী পেটত তুলসী পানী খোৱাৰ অভ্যাস, লাভ কৰিব এনে আচৰিত উপকাৰ
অসমত খিলঞ্জীয়া হিন্দু আৰু মুছলিমৰ সমান অধিকাৰ আছেঃ মুখ্যমন্ত্ৰী
মহাকালেশ্বৰ মন্দিৰত পূজা অৰ্চনা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?