কোকৰাঝাৰত গুলীচালনা! বাইকত অহা দুর্বৃত্তই ব্যৱসায়ীৰ পৰা লুটি নিলে ধন

দুর্বৃত্তৰ গুলীত আহত ছফিকুল ইছলাম নামৰ লোকজন। ছফিকুৰ ইছলামৰ হাতত লাগে গুলী। আহত ছফিকুল ইছলাম SBIৰ CSPৰ স্বত্তাধিকাৰী। আহত ছফিকুৰ ইছলামৰ ঘৰ ধুবুৰীৰ তামাৰহাট থানাৰ বৰজান গাঁৱত। ছফিকুলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।

কোকৰাঝাৰত গুলীচালনা! বাইকত অহা দুর্বৃত্তই ব্যৱসায়ীৰ পৰা লুটি নিলে ধন

কোকৰাঝাৰত গুলীচালনা!

Published: 

04 Oct 2024 19:04 PM

ৰাজ্যক পুনৰ দিন-দুপৰতে সংঘটিত হ’ল ডকাইতি কাণ্ড। গুলীচালনা কৰি দুর্বৃত্তই ব্যৱসায়ীৰ পৰা লুটি নিলে ধন। কোকৰাঝাৰৰ কাজিগাঁও থানাৰ অন্তৰ্গত শান্তিপুৰ বজাৰত গুলীচালনা। দুৰ্বৃত্তৰ গুলীচালনাত আহত এজন ব্যৱসায়ী। এটা গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰীলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলী। ছফিকুল ইছলাম নামৰ লোকজনলৈ লক্ষ্য কৰি গুলীচালনা। BTCৰ কোকৰাঝাৰ জিলাৰ কাজিগাওঁ থানাৰ শান্তিপুৰ বজাৰত সংঘটিত হয় গুলীচালনা। CSPৰ দোকানী এজনলৈ দুৰ্বৃত্তৰ গুলীচালনা। বাইকত অহা ২ দুর্বৃত্তই গুলীচালনা কৰি লুটি নিলে ২ লাখ টকা। ছফিকুল ইছলাম নামৰ এজনৰ পৰা লুটি নিয়ে ধনখিনি।

দুর্বৃত্তৰ গুলীত আহত ছফিকুল ইছলাম নামৰ লোকজন। ছফিকুৰ ইছলামৰ হাতত লাগে গুলী। আহত ছফিকুল ইছলাম SBIৰ CSPৰ স্বত্তাধিকাৰী। আহত ছফিকুৰ ইছলামৰ ঘৰ ধুবুৰীৰ তামাৰহাট থানাৰ বৰজান গাঁৱত। ছফিকুলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।

ৰাইজৰ ভয়ত ঘটনাস্থলীত দুর্বৃত্তই এৰি গ’ল বাইক। দুৰ্বিত্তই তিনি জাঁই গুলীচালনা কৰে। বজাৰৰ মানুহে শিলগুটিৰে দুৰ্বিত্তক আক্ৰমণ কৰাত দুৰ্বিত্ত দৌৰি পলাই যায়। আজি শান্তিপুৰৰ হাট বাৰ আছিল। যথেষ্ট মানুহ বজাৰত থকাত দুৰ্বিত্ত পলাই যাবলৈ বাধ্য হয়। বজাৰৰ মানুহে প্ৰায় আধা কিলোমিটাৰ দুৰ্বিত্তৰ পিছে পিছে খেদি গৈছিল যদিও ধৰিব নোৱাৰিলে। AS 16 L 5848 নম্বৰৰ মটৰ চাইকেল এৰি পলায়ন কৰে দুৰ্বৃত্ত দুটা।

পাছত মটৰচাইকেল এৰি জংঘলৰ মাজেৰে পলাই যায় দুৰ্বৃত্ত। দুটা দুৰ্বৃত্তৰ এটা মটৰচাইকেলেৰে আহিছিল বুলি জানিব পৰা গৈছে। আহত ছফিকুলৰ পৰা টকাৰ বেগ লৈ উধাও বাইকত অহা দুই অচিনাক্ত দুৰ্বৃত্তৰ। ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৰূপসী আৰক্ষীয়ে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যই বিৰাজ কৰিছে।

 

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension