Police firing: নিশা চুৰিৰ অভিযুক্তক লৈ অভিযানত গৈছিল আৰক্ষী; পলায়নৰ চেষ্টা কৰোঁতেই চলিল গুলী

পুৱতি নিশা গৰজি উঠিল অসম আৰক্ষীৰ আগ্নেয়াস্ত্ৰই । আৰক্ষীয়ে গুলী চলায় চুৰিৰ অভিযোগত অভিযুক্ত এজন ব্যক্তিলৈ । দিব্যজ্যোতি শইকীয়া নামৰ অভিযুক্তটোলৈ উদ্দেশ্যি আৰক্ষীয়ে গুলীচালনা কৰে ।

Police firing: নিশা চুৰিৰ অভিযুক্তক লৈ অভিযানত গৈছিল আৰক্ষী; পলায়নৰ চেষ্টা কৰোঁতেই চলিল গুলী

প্ৰতীকী ছবি

Published: 

05 Feb 2025 | 11:48 AM

ৰাজ্যত পুনৰ গুলীচালনাৰ ঘটনা । অভিযুক্তলৈ লক্ষ্য কৰি পুনৰ গুলী ফুটালে অসম আৰক্ষীয়ে । পুৱতি নিশা গৰজি উঠিল অসম আৰক্ষীৰ আগ্নেয়াস্ত্ৰই । মহানগৰীৰ যোৰাবাটত বশিষ্ঠ আৰক্ষীয়ে গুলী চলায় চুৰিৰ অভিযোগত অভিযুক্ত এজন ব্যক্তিলৈ । দিব্যজ্যোতি শইকীয়া নামৰ অভিযুক্তটোলৈ উদ্দেশ্যি বশিষ্ঠ আৰক্ষীয়ে গুলীচালনা কৰে । আৰক্ষীৰ গুলীত আহত হয় চোৰটো ।

উল্লেখ্যে যে, চুৰিৰ গোচৰত আটক কৰা দিব্যজ্যোতি শইকীয়াক লৈ নিশা অভিযান চলাবলৈ গৈছিল বশিষ্ঠ আৰক্ষী । যোৰাবাটত অভিযানকালতে আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা চলায় অভিযুক্ত দিব্যজ্যোতিয়ে । ফলত অভিযুক্তটোক ৰখাবলৈ আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় । ভৰিত গুলী লগাৰ ফলত আঘাতপ্ৰাপ্ত হয় চোৰটো ।

ইফালে এই ঘটনাত আৰক্ষীৰ লোকো আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে । বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে দিব্যজ্যোতি শইকীয়া ।

জানিবপৰা মতে, নিশা আৰক্ষীয়ে আটক কৰিছিল দিব্যজ্যোতি শইকীয়াক । তাৰ পাছতে পুৱতি নিশা চোৰটোক লৈ অভিযান চলাবলৈ গৈছিল বশিষ্ঠ আৰক্ষীৰ এটা দল । কিন্তু যোৰাবাটত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলায় অভিযুক্ত দিব্যজ্যোতিয়ে । ফলত আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় অভিযুক্তটো । কিছুদিন পূৰ্বেও আন এটা অভিযুক্ত আহত হৈছিল আৰক্ষীৰ গুলীত । ডকাইতিৰ অভিযোগত আটক কৰা অভিযুক্তটোকো পলায়নৰ চেষ্টা কৰোতেই গুলীয়াইছিল আৰক্ষীয়ে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...