পুনৰ তিনিদিনৰ বাবে চি এম ভিজিলেঞ্চৰ জিম্মালৈ প্ৰেৰণ নূপুৰ-সুৰজিতক…

নূপুৰ বৰা আৰু সুৰজিৎ ডেকাক পুনৰ তিনিদিনৰ চি এম ভিজিলেঞ্চৰ জিম্মালৈ প্ৰেৰণ। ইতিমধ্যে নূপুৰ বৰাৰ দুৰ্নীতি সন্দৰ্ভত বহু তথ্য লাভ কৰিছে চি এম ভিজিলেঞ্চে।

পুনৰ তিনিদিনৰ বাবে চি এম ভিজিলেঞ্চৰ জিম্মালৈ প্ৰেৰণ নূপুৰ-সুৰজিতক...

নূপুৰ বৰা

Updated On: 

19 Sep 2025 21:02 PM

পুনৰ তিনিদিনৰ বাবে চি এম ভিজিলেঞ্চৰ জিম্মালৈ প্ৰেৰণ নূপুৰ বৰা আৰু সুৰজিৎ ডেকাক। ইতিমধ্যে নূপুৰ বৰাৰ দুৰ্নীতি সন্দৰ্ভত বহু তথ্য লাভ কৰিছে চি এম ভিজিলেঞ্চে। খবৰ অনুসৰি, বৰপেটাত আৰু এটি লকাৰৰ তথা দুটা একাউন্টৰ তথ্য লাভ কৰিছে চি এম ভিজিলেঞ্চে। এই তথ্য় ভিত্তিত তালাচী চলাব চি এম ভিজিলেঞ্চে।

উল্লেখ্য যে, যোৱা ১৬ ছেপ্টেম্বৰত আদালতত হাজিৰ কৰোৱা হৈছিল দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৰাজহ চক্ৰ বিষয়া নূপুৰ বৰা আৰু লাট মণ্ডল সুৰজিৎ ডেকাক। কামৰূপ মহানগৰ জিলাৰ বিশেষ সত্ৰ ন্য়ায়াধীশৰ আদালতে দুয়োকে তিনি দিনৰ বাবে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জিম্মালৈ প্ৰেৰণ কৰে।

আজি সেই জিম্মাৰ ম্যাদ শেষ হোৱাত পুনৰ আদালতত হাজিৰ কৰা হয়। নূপুৰ বৰাৰ বাসগৃহত অভিযান চলাই বৃহৎ পৰিমাণৰ ধন আৰু আল-অলংকাৰ উদ্ধাৰ কৰিছিল চি এম ভিজিলেঞ্চে। খবৰ অনুসৰি,গোটানগৰৰ ফ্লেটৰ পৰা ৮১,৮৩,২০০ টকাৰ লগতে প্ৰায় ২ কোটি টকাৰ সোণৰ আ-অলংকাৰ জব্দ কৰিছে চি এম ভিজিলেঞ্চে। ইফালে নূপুৰ বৰাৰ বৰপেটাৰ বাসগৃহৰ পৰা ১০,৬৭,২০০ টকা জব্দ কৰে চি এম ভিজিলেঞ্চে। তদন্তকাৰী বিষয়াই সদৰী কৰা মতে,দুয়োটা বাসগৃহৰ পৰা সৰ্বমুঠ ৯২,৫০,৮০০ টকা জব্দ কৰে।

নূপুৰ বৰাৰ ঘৰৰ পৰা ১৪ ডাল সোণৰ চেইন, ২ ডাল হীৰাৰ নেকলেছ, ১৫ টা হীৰাৰ আঙুঠি, ৩ ডাল হীৰাৰ ব্ৰেছলেট উদ্ধাৰ হৈছিল। গুৱাটীত তিনিটা প্লেটৰ লগতে দুঠাইত মাটি আছে নূপুৰ বৰাৰ। চি এম ভিজিলেঞ্চে বিভিন্ন বেংকৰ প্ৰায় ৯ টা একাউন্ট জব্দ কৰিছে।

ইফালে, তেওঁৰ সৈতে এই দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা লাট মণ্ডল সুৰজিৎ ডেকাৰ পৰা অৱশ্যে কোনো ধন জব্দ হোৱা নাই। শুকুৰবাৰে দুয়োকে পুনৰ হাজিৰ কৰোৱা হয় আদালতত।

ঘৰুৱা উপায়েৰে চিকচিকিয়া কৰি তোলক আপোনাৰ দাঁত...
খাতিৰ নকৰাকৈ গ'লগৈ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ...
ওজন বৃদ্ধি, আৰু ভাগৰ... এয়া বৃক্কজনীত সমস্যাৰ লক্ষণ নেকি?
১০ বছৰ পাছত বিৰল সংযোগ! নৱেম্বৰত কপাল ফুলিব এই ৰাশিৰ লোকৰ...