নিযুত মইনা ২.০: কেতিয়াৰ পৰা আৰম্ভ হ’ব প্ৰ-পত্ৰ বিতৰণৰ কাম? জানক…

ৰাজ্যৰ ছাত্ৰীসকললৈ ভাল খবৰ। কিয়নো পুনৰ আৰম্ভ হ'ব নিযুত মইনা আঁচনিৰ প্ৰ-পত্ৰ পূৰণৰ কাম। গতিকে যোগ্যসকলে প্ৰ-পত্ৰ পূৰণ কৰিব পাৰে আৰু চৰকাৰী আঁচনিৰ দ্বাৰা উপকৃত হ'ব পাৰে।

নিযুত মইনা ২.০: কেতিয়াৰ পৰা আৰম্ভ হব প্ৰ-পত্ৰ বিতৰণৰ কাম? জানক...

নিযুত মইনা

Updated On: 

30 Jul 2025 22:26 PM

অহা ৬ আগষ্টৰ পৰা আৰম্ভ হ’ব মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ কৰাৰ কাম। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে এই কথা। বুধবাৰে দিছপুৰস্থিত লোকসেৱা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত এক বৈঠক অনুষ্ঠিত হয়। য’ত মুখ্যমন্ত্ৰী শৰ্মাই ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অংশগ্ৰহণ কৰি অহা ৬ আগষ্টত শুভাৰম্ভ কৰিবলগীয়া নিযুত মইনা ২.০ আঁচনিখনৰ ৰূপায়ণ সন্দৰ্ভত পর্যালোচনা কৰে। এই বৈঠকত অসম মন্ত্রীসভাৰ সদস্য, বিধায়ক, জিলা আয়ুক্ত, শিক্ষানুষ্ঠানৰ অধ্যক্ষ আৰু শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াসকল আদি উপস্থিত থাকে।

উচ্চতৰ মাধ্যমিক, স্নাতক, স্নাতকোত্তৰ আৰু সংহত শিক্ষক প্রশিক্ষণ কার্যসূচী আৰু বিএড পাঠ্যক্রমত শিক্ষা গ্রহণৰ বাবে উপযুক্ত ছাত্রীসকলক প্র-পত্ৰ বিতৰণৰ জৰিয়তে নিযুত মইনা ২.০ৰ আৰম্ভণি কৰা হ’ব। আঁচনিখনৰ জৰিয়তে যাতে সর্বাধিক সংখ্যক ছাত্রী উপকৃত হয় তাৰ বাবে স্বচ্ছ আৰু সুচাৰু ৰূপায়ণ সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা আযুক্ত আৰু অধ্যক্ষসকলক নির্দেশ দিয়ে।

উল্লেখ্য যে, নিযুত মইনা আঁচনিৰ অধীনত আর্থিক সাহায্য প্রদান কৰি ছাত্ৰীসকলৰ সবলীকৰণ, বিদ্যালয় এৰাৰ সংখ্যা হ্রাস কৰা আৰু উচ্চ শিক্ষাৰ বাবে উৎসাহিত কৰাৰ বাবে অসম চৰকাৰে এক ইতিবাচক পদক্ষেপ আৰম্ভ কৰিছে।

নিযুত মইনা ২.০ আঁচনিখন অধিক প্ৰসাৰিত কৰি ইয়াৰ প্ৰভাৱ বৃদ্ধি কৰাৰ লগতে আঁচনিৰ সুবিধা সময়মতে প্রদান কৰাটো সুনিশ্চিত কৰি জিলা পৰ্যায়ৰ কৰ্তৃপক্ষৰ মাজত সমন্বয় অধিক সু-সংগঠিত কৰিবলৈ ৰাজ্য চৰকাৰে লক্ষ্য লৈছে। ভিডিঅ’ কনফাৰেসিঙৰ সময়ত মুখ্যমন্ত্ৰীয়ে আঁচনিখনৰ ফলপ্রসূ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু সকলো অংশীদাৰক দক্ষতাৰে কাম কৰিবলৈ আহ্বান জনায়।

মুখ্যমন্ত্রীয়ে কয়, ‘নিযুত মইনা ২.০ কেৱল এখন কল্যাণমূলক আঁচনিয়ে নহয়, ই অসমৰ প্ৰতিগৰাকী ছাত্ৰীৰ সপোন পূৰণত আৰু শিক্ষা গ্রহণত সহায় কৰাৰ আমাৰ অংগীকাৰ। আমি যেতিয়া ছাত্ৰীৰ শিক্ষাত বিনিয়োগ কৰোঁ, তাৰ অৰ্থ হৈছে ৰাজ্যৰ ভৱিষ্যতত বিনিয়োগ কৰা।’ ইয়াৰ উপৰি কোনো যোগ্য ছাত্রী যাতে বাদ পৰি নায়ায় তাৰ বাবে মখ্যমন্ত্রীযে বিষয়াসকলক এটা নবীকৃত তথ্য কোষ সাজু কৰিবলৈ, হিতাধিকাৰী চিনাক্তকৰণ প্ৰক্ৰিয়া সু-শৃংখলিত কৰিবলৈ আৰু তৃণমূল পর্যায়ত সজাগতা অভিযান চলাবলৈ নির্দেশ দিয়ে।

মুখ্যমন্ত্রীয়ে লগতে জিলা আয়ুক্ত আৰু শিক্ষা বিভাগক নিযুত মইনা ২.০ আঁচনিখন শিক্ষাৰ ক্ষেত্ৰত সর্বাংগীন আৰু পৰিৱৰ্তনশীল প্রশাসন ব্যৱস্থাৰ এক আদর্শ হিচাপে গঢ়ি তোলাৰ বাবেও নির্দেশ দিয়ে। তেওঁ লগতে উল্লেখ কৰে যে নিযুত মইনা ২.০ ত তেজপুৰ বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয় আদি কেন্দ্রীয় বিশ্ববিদ্যালয়ত অধ্যয়নবত অসমৰ ছাত্ৰীসকলকো সামৰি লোৱা হ’ব।

 

অন্য খবৰ পঢ়কঃ পোষ্ট অফিচৰ এক বিশেষ আঁচনি, য’ত ৫বছৰত লাভ কৰিব ১৩ লাখ টকা! জানক সবিশেষ…

আচৰিত! ভাৰতৰ ১০০ টকাৰ মূল্য এইখন দেশত হয় ৩০,০০০...
বাৰে বাৰে মুখত ঘাঁ ওলাই নেকি? ইয়াৰ কাৰণ কি, জানক...
কিন্নৰসকলক কি দান দিলে অধিক পুণ্য হয়? এইদৰে লাভ কৰিব পাৰিব আশীৰ্বাদ
ওজন হ্ৰাস কৰাত সহায় কৰে তেতেলীয়ে, জানক উপকাৰিতাৰ বিষয়ে