লখিমপুৰত সজীৱ আই ই ডি উদ্ধাৰ নিয়াৰ, সংস্থাপনত কোন জড়িত আছিল ?

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই উদ্ধাৰ কৰে এটা সজীৱ আই ই ডি(Live IED)। এই আইইডিটো স্বাধীনতা দিৱসৰ দিনা আলফা(স্বাধীন)য়ে সংস্থাপন কৰা বুলি সন্দেহ কৰা হৈছে । সূত্ৰ খবৰ অনুসৰি, আলফা(স্বাধীন) য়ে চলিত বৰ্ষৰ স্বাধীনতা দিৱসত ব্যাঘাত জন্মাবলৈ চলোৱা ষড়যন্ত্ৰৰ অংশ হিচাপে লখিমপুৰত সংস্থাপন কৰা এই বিস্ফোৰকটো মঙলবাৰে পুৱা এন আই এৰ এটা দলে উদ্ধাৰ কৰে।

লখিমপুৰত সজীৱ আই ই ডি উদ্ধাৰ নিয়াৰ, সংস্থাপনত কোন জড়িত আছিল ?

প্ৰতিনিধিত্বমূলক ফটো

Published: 

02 Oct 2024 09:28 AM

অসমৰ লখিমপুৰ জিলাৰ পৰা মঙলবাৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই উদ্ধাৰ কৰে এটা সজীৱ আই ই ডি(Live IED)। এই আইইডিটো স্বাধীনতা দিৱসৰ দিনা আলফা(স্বাধীন)য়ে সংস্থাপন কৰা বুলি সন্দেহ কৰা হৈছে । সূত্ৰ খবৰ অনুসৰি, আলফা(স্বাধীন) য়ে চলিত বৰ্ষৰ স্বাধীনতা দিৱসত ব্যাঘাত জন্মাবলৈ চলোৱা ষড়যন্ত্ৰৰ অংশ হিচাপে লখিমপুৰত সংস্থাপন কৰা এই বিস্ফোৰকটো মঙলবাৰে পুৱা এন আই এৰ এটা দলে উদ্ধাৰ কৰে।

তদন্তকাৰী সংস্থাটোৱে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে, এই সজীৱ আইডিটো উদ্ধাৰ কৰাৰ পাছত অসম আৰক্ষীৰ বোমা নিষ্কাশন স্কোয়াডে ইয়াক নিষ্ক্ৰিয় কৰে । উল্লেখ্য যে, ১৫ আগষ্টৰ দিনা আলফা স্বাধীনে সামৰিক প্ৰতিবাদৰ কথা ঘোষণা কৰিছিল । লগতে স্বাধীনতা দিৱস উদযাপনৰ ৰাজহুৱা বৰ্জনৰ আহ্বান জনাইছিল । যোৱা ১৫ আগষ্টত অসম আৰক্ষীয়ে লখিমপুৰ জিলাৰ পৰা আই ই ডি উদ্ধাৰ কৰাৰ সৈতে জড়িত এক গোচৰৰ তদন্ত কৰি থকা অৱস্থাত এনআইএয়ে এই বোমাটোৰ সন্দৰ্ভত তথ্য লাভ কৰিছিল ।

মনকৰিবলগীয়া যে, লখিমপুৰত আলফা স্বাধীনে বোমা সংস্থাপন কৰা গোচৰৰ তদন্ত দায়িত্ব যোৱা ১৭ ছেপ্টেম্বৰত অসম আৰক্ষীৰ পৰা এনআইএলৈ হস্তান্তৰ কৰা হৈছিল । এনআইএৰ বিবৃতিত কোৱা হৈছে যে, ইতিমধ্যে এই গোচৰৰ তদন্তত উত্তৰ লখিমপুৰ জিলাত আই ই ডি সংস্থাপনৰ কামত গিৰীশ বৰুৱা ওৰফে গৌতম বৰুৱা নামৰ এজন লোক আৰু তেওঁৰ সহযোগীসকল জড়িত থকাৰ কথা জানিব পৰা গৈছে।

এন আই এয়ে জনোৱা মতে, ২৪ ছেপ্টেম্বৰত বেংগালুৰুৰ পৰা এন আই এয়ে বৰুৱাক গ্ৰেপ্তাৰ কৰিছিল আৰু জেৰাৰ সময়ত তেওঁ উত্তৰ লখিমপুৰত উদ্ধাৰ নোহোৱা সজীৱ আই ই ডিৰ স্থান প্ৰকাশ কৰিছিল। তেওঁ আৰু কয় যে, আইছাং অসম ওৰফে অভিত গগৈ আৰু আলফা(স্বাধীন)ৰ অন্যান্য শীৰ্ষ নেতৃত্বৰ নিৰ্দেশত এই আই ই ডিটো সংস্থাপন কৰা হৈছিল ।

নিশা আহাৰ গ্ৰহণৰ পিছত কৰক এই ৪টা বিশেষ কাম, আপোনাৰ ওজন হ্ৰাসৰ চেষ্টা হ’ব সফল
গুপ্তাংগৰ সংক্ৰমণ হ'লে কি কি সমস্যাই দেখা দিয়ে? জানক কেনেকৈ দূৰ কৰিব এই সমস্যা
ছাল সতেজ আৰু উজ্জ্বল কৰে জলফাই, আপুনি জানেনে জলফাইৰ উপকাৰিতাৰ বিষয়ে?
খোৱাৰ পিছত পেটৰ সমস্যা? এই ঘৰুৱা উপায়ৰে তৎক্ষণাত উপশম পাব
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...
নগাঁৱত কুঁৱলীৰ শুভ্ৰ আচ্ছাদন...
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া