গ্ৰেপ্তাৰাধীন আলফা স্বাধীনৰ নেতা ৰূপম অসমক জেৰা এনআইএৰ

হত্যা, অপহৰণ, সশস্ত্ৰ বিদ্ৰোহীৰ কাৰ্যকলাপকে ধৰি গুৰুতৰ অপৰাধৰ সৈতে জড়িত কেইবাটাও গোচৰৰ মূল অভিযুক্ত ৰূপম অসম। উত্তৰ-পূবত চলি থকা বিদ্ৰোহী নেটৱৰ্কৰ ওপৰত ব্যাপক দমনৰ অংশ হিচাপে এন আই এয়ে পূৰ্বে তেওঁৰ বিৰুদ্ধে একাধিক গোচৰ ৰুজু কৰিছিল।

গ্ৰেপ্তাৰাধীন আলফা স্বাধীনৰ নেতা ৰূপম অসমক জেৰা এনআইএৰ

প্ৰতীকী ছবি

Published: 

24 Jun 2025 | 04:08 PM

তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ কিছুদিন পিছতে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই আনুষ্ঠানিকভাৱে জিম্মাত লৈছিল সংযুক্ত মুক্তিবাহিনী অসম (স্বাধীন)ৰ ব্ৰিগেডিয়াৰ ৰূপম অসমক, যাক কান্ত বৰা বুলিও জনা যায়। সূত্ৰসমূহে নিশ্চিত কৰিছে যে আলফা (স্বাঃ)ৰ জ্যেষ্ঠ কেডাৰগৰাকীক যোৱা তিনিদিন ধৰি গুৱাহাটীৰ সমীপৰ NIAৰ সোণাপুৰ কাৰ্যালয়ত তীব্ৰ জেৰা অব্যাহত ৰাখিছে।

হত্যা, অপহৰণ, সশস্ত্ৰ বিদ্ৰোহীৰ কাৰ্যকলাপকে ধৰি গুৰুতৰ অপৰাধৰ সৈতে জড়িত কেইবাটাও গোচৰৰ মূল অভিযুক্ত ৰূপম অসম। উত্তৰ-পূবত চলি থকা বিদ্ৰোহী নেটৱৰ্কৰ ওপৰত ব্যাপক দমনৰ অংশ হিচাপে এন আই এয়ে পূৰ্বে তেওঁৰ বিৰুদ্ধে একাধিক গোচৰ ৰুজু কৰিছিল।

বিষয়াসকলে উল্লেখ কৰিছে যে তেওঁৰ আনুষ্ঠানিক জিম্মা নিশ্চিত হোৱাৰ লগে লগে এন আই এয়ে বিদ্ৰোহী নেতাগৰাকীৰ সৈতে জড়িত পূৰ্বৰ ঘটনাৰ গোচৰৰ ফাইলসমূহ পুনৰ মুকলি কৰিছে। ৰূপম অসমৰ বিৰুদ্ধে কেতবোৰ গোচৰৰ তদন্ত দীৰ্ঘদিন ধৰি চলোৱা হোৱা নাছিল। কিয়নো এইগৰাকী বিদ্ৰোহী নেতা সুদীৰ্ঘ সময় ধৰি কোনো গোপন স্থানত আছিল।

নিৰাপত্তা সূত্ৰসমূহে বিশ্বাস কৰে যে ৰূপম অসমৰ জেৰাই আলফা (স্বাঃৰ কাৰ্যকৰী গাঁথনি, নিযুক্তি নেটৱৰ্ক আৰু সীমা অতিক্ৰম কৰা সংযোগৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিব পাৰে।

অনাগত দিনত আৰু অধিক তথ্য লাভৰ সম্ভাৱনা আছে যদিও আদালতত তেওঁক কোন বিশেষ অভিযোগৰ অধীনত হাজিৰ কৰা হ’ব সেই বিষয়ে এতিয়াও এন আই এয়ে প্ৰকাশ কৰা নাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব