বাধ্যতামূলক HIV পৰীক্ষা , চিকিৎসক- নাৰ্চঃ ৰাজ্যৰ ৰিহাব চেন্টাৰসমূহলৈ SOP জাৰি চৰকাৰৰ

ইয়াৰে একাংশ ৰিহাব চেন্টাৰত নাথাকে কোনো চিকিৎসকৰ ব্যৱস্থা। ইয়াৰোপৰি অতি কম ঠাইতে বহু ৰোগীক ৰখা হয়। ৰোগীৰ থাকিবলৈ , খাবলৈ অসুবিধা হোৱাৰ লগতে এক লেতেৰা পৰিবেশত এই ৰোগীসমূহৰ ৰখা দেখা যায়।

বাধ্যতামূলক HIV পৰীক্ষা , চিকিৎসক- নাৰ্চঃ ৰাজ্যৰ ৰিহাব চেন্টাৰসমূহলৈ SOP জাৰি চৰকাৰৰ

পিযুষ হাজৰিকা

Published: 

23 Jul 2024 | 07:53 AM

ৰাজ্যত বৰ্ধিত নিচামুক্তি কেন্দ্ৰসমূহৰ বিৰুদ্ধে বিভিন্ন সময়ত বহু অভিযোগ উত্থাপন হয়। ইয়াৰ মাজতে এই ৰিহাব চেন্টাৰ বা নিচামুক্তি কেন্দ্ৰসমূহলৈ ৰাজ্য চৰকাৰে আনিছে বিশেষ SOP। সোমবাৰে জনতা ভৱনত সংবাদ মেল সম্বোধন কৰি অসম চৰকাৰৰ সামাজিক ন্যায় মন্ত্ৰী পিযুষ হাজৰিকাই এই বিষয়ে সবিশেষ জনায়। ৰাজ্যৰ নিচামুক্তি আৰু পুনৰ সংস্থাপন কেন্দ্ৰীৰ বাবে চৰকাৰে জাৰি কৰে নিৰ্দেশনা। মন্ত্ৰীগৰাকীয়ে কয় যে, অসম আছে ৫০০ ৰো অধিক নিচামুক্তি কেন্দ্ৰ। কিন্তু এই প্ৰতিটো কেন্দ্ৰৰ তথ্য চৰকাৰৰ হাতত নাই। গতিকে এই সন্দৰ্ভত খবৰ ল’বলৈ জিলাই জিলাই উপায়ুক্তক নিৰ্দেশ দিয়া হৈছে।

কি কি আছে SOP ত ? 

  • চিকিৎসক- নাৰ্চ নোহোৱাকৈ চলাব নোৱাৰিব ৰিহাব চেন্টাৰ।
  • প্ৰতি ২৫ গৰাকী ৰোগীৰ বিপৰীতে থাকিব লাগিব ২ গৰাকী নাৰ্চ।
  • চিকিৎসকৰ স্বাক্ষৰ অবিহনে নিচামুক্তি কেন্দ্ৰৰ পৰা ওলাব নোৱাৰিব।
  • চিকিৎসকৰ লগত থাকিব লাগিব MOU.
  • সপ্তাহত ২ দিন চিকিৎসকৰ দ্বাৰা কাউন্সিলিং কৰিব লাগিব।
  • নিচামুক্তি কেন্দ্ৰত ৰোগী ঢুকালে কঠোৰ ব্যৱস্থা লোৱা হ’ব।
  • ধন দিব নোৱাৰাসকলক চৰকাৰী নিচামুক্তি কেন্দ্ৰত ৰখা হ’ব।
  • ভাল খোৱা খাদ্য, চাফা হ’ব লাগিব।
  • এজন ৰান্ধনী, এজন সহায়ক, এজন চাফাই কৰ্মী থাকিব লাগিব।
  • ভৰ্তিৰ সময়ত চিকিৎসকৰ প্ৰমাণ পত্ৰ লাগিব।
  • এটা নিচামুক্তি কেন্দ্ৰৰ ম্যাদ ৩ বছৰ, পাছত পুনৰ পঞ্জীয়ন কৰিব লাগিব।
  • ৰোগীৰ HIV পৰীক্ষা বাধ্যতামূলক।
  • নিচামুক্তি কেন্দ্ৰৰ পৰা ওলাই অহা লোকে ৩ বছৰৰ পাছতহে ৰিহাব চেন্টাৰ খুলিব পাৰিব।
  • ৰিহাবৰ কাৰ্যালয় সহায়ক আৰু একাউন্টেন্টৰ যোগ্যতা স্নাতকোত্তৰ হ’ব লাগিব।
  • গাঁৱে গাঁৱে খুলিব নোৱাৰিব নিচা মুক্তি কেন্দ্ৰ।

মন্ত্ৰীগৰাকীয়ে কয় যে  অহা ৩ মাহৰ ভিতৰত এই  SOP প্ৰযোজ্য হ’ব। যদি কোনো ৰিহাব চেন্টাৰৰ প্ৰতি অভিযোগ থাকে তেন্তে ১৫ দিনৰ ভিতৰত তদন্ত কৰি ব্যৱস্থা লোৱা হ’ব।  কোনো ৰিহাব চেন্টাৰত যদি চিকিৎসক নাই তেন্তে সেই সমূহ কেন্দ্ৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে মন্ত্ৰীগৰাকীয়ে।

উল্লেখ কৰা প্ৰয়োজন যে বিভিন্ন সময়ত মন্ত্ৰীগৰাকীয়ে নিচামুক্তি কেন্দ্ৰসমূহত চাডেন ভিজিট কৰা দেখা যায়। ইয়াৰে একাংশ ৰিহাব চেন্টাৰত নাথাকে কোনো চিকিৎসকৰ ব্যৱস্থা। ইয়াৰোপৰি অতি কম ঠাইতে বহু ৰোগীক ৰখা হয়। থাকিবলৈ , খাবলৈ অসুবিধা হোৱাৰ লগতে এক লেতেৰা পৰিবেশত এই ৰোগীসমূহৰ ৰখা দেখা যায়।  বহু নিচামুক্তি কেন্দ্ৰৰ পৰা আত্মহত্যাৰ দৰে ঘটনা, নিৰ্যাতনৰ ঘটনাও পোহৰলৈ  আহে। তেনে ক্ষেত্ৰত চৰকাৰৰ এই সিদ্ধান্ত কিমান ফলপ্ৰসূ হয় সেয়া সময়ে ক’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...