কেতিয়া পৰা আৰম্ভ হ’ব যোৰহাট-দিল্লীৰ মাজত বিমান সেৱা ? তাৰিখ ঘোষণা…

চলিত বৰ্ষৰ পৰা আৰম্ভ হ’ব যোৰহাট-দিল্লীৰ মাজত বিমান সেৱা । ইণ্ডিগ' বিমান সংস্থাৰ এক ঘোষণাৰ উদ্ধৃতি দি এই কথা সদৰী কৰিছে ৰাজ্যৰ মখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

কেতিয়া পৰা আৰম্ভ হব যোৰহাট-দিল্লীৰ মাজত বিমান সেৱা ? তাৰিখ ঘোষণা...

Indigo

Published: 

17 Jun 2025 | 06:30 PM

ৰাজ্যৰ বিমান যাত্ৰীসকলৰ বাবে ভাল খবৰ । ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব যোৰহাট-দিল্লীৰ মাজত বিমান সেৱা । ইণ্ডিগ’ বিমান সংস্থাৰ এক ঘোষণাৰ উদ্ধৃতি দি এই কথা সদৰী কৰিছে ৰাজ্যৰ মখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । একে সময়তে গুৱাহাটী-ডিব্ৰুগড়-শিলচৰৰ মাজতো দৈনিক অতিৰিক্ত পুৱা বিমান সেৱাও আৰম্ভ হ’ব বুলি জনাইছে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে যে, চলি বৰ্ষৰ শেষৰ ফালে গুৱাহাটী আৰু নবি মুম্বাইৰ মাজত বিমান সংযোগো আৰম্ভ কৰা হ’ব । যাত্ৰীসকলে এই বিমান বন্দৰৰ পৰা বিশেষকৈ ইণ্ডিগ’ বিমান সেৱা লাভ কৰিছে ।

মুখ্যমন্ত্ৰী শৰ্মাই কয়, “ডিব্ৰুগড়বাসীয়ে দীৰ্ঘদিন ধৰি পুৱাৰ বিমান সেৱাৰ দাবী জনাই আহিছে। মই ক’বলৈ পাই সুখী যে, ইণ্ডিগ’ বিমান সংস্থাই অহা ২০ ছেপ্টেম্বৰৰ পৰা অতিৰিক্ত ডিব্ৰুগড়-গুৱাহাটী পুৱাৰ বিমান সেৱা আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে ।”

যোৰহাট আৰু দিল্লীৰ মাজত নতুন বিমান সেৱা আৰু গুৱাহাটী আৰু শিলচৰৰ মাজত অতিৰিক্ত বিমান সেৱাও একে তাৰিখতে আৰম্ভ কৰিব জনাইছে মুখ্যমন্ত্ৰীয়ে । “অক্টোবৰ বা নৱেম্বৰ মাহৰ পৰা গুৱাহাটী-নবি মুম্বাই মাজত ইণ্ডিগ’ৰ বিমান সেৱা আৰম্ভ হ’ব। এই ক্ষেত্ৰত বিমানবন্দৰ এতিয়াও সাজু হোৱা নাই বাবে তাৰিখ ঘোষণা কৰা হোৱা নাই।” এইদৰে জানিবলৈ দিছে মুখ্যমন্ত্ৰীয়ে ।

সোমবাৰে এক্সত প্ৰকাশ কৰা এটা পোষ্টত ইণ্ডিগ’ বিমান সংস্থাই ৰাজ্যখনৰ বাবে নতুন আৰু অতিৰিক্ত বিমান সেৱাৰ কথা ঘোষণা কৰিছিল। “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ সহযোগত অসমলৈ/অসমৰ পৰা নতুন পথ ঘোষণা কৰি আমি আনন্দিত হৈছো ।” এক্স হেণ্ডেলৰ পোষ্টত এইদৰে কয় ইণ্ডিগ’ৱে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...