আনুষ্ঠানিকভাৱে অজাপৰ সৈতে চামিল হ’ল অজিত কুমাৰ ভূঞাৰ জাতীয় দল

আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদৰ সৈতে চামিল হ'ল অজিত কুমাৰ ভূঞা নেতৃত্বাধীন জাতীয় দল। ২৬ ৰ নিৰ্বাচনৰ পূৰ্বে বিৰোধী ঐক্য বিষয়ক কথা-বতৰা চৰ্চা থকাৰ সময়তে একেলগ হৈছে দুয়োটা দল।

আনুষ্ঠানিকভাৱে অজাপৰ সৈতে চামিল হল অজিত কুমাৰ ভূঞাৰ জাতীয় দল
Updated On: 

09 Jan 2026 | 06:53 PM

২০২৬ ৰ নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাজনীতিৰ এক নতুন অধ্যায়ৰ সূচনা। আজি ৯ জানুৱাৰী, শুকুৰবাৰে আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদৰ সৈতে চামিল হ’ল অজিত কুমাৰ ভূঞা নেতৃত্বাধীন জাতীয় দল। এই উপলক্ষে দিছপুৰৰ লোক নিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল এক অনুষ্ঠান। ২৬ ৰ নিৰ্বাচনৰ পূৰ্বে বিৰোধী ঐক্য বিষয়ক কথা-বতৰা চৰ্চা থকাৰ সময়তে একেলগ হৈছে দুয়োটা দল।

অসম বিধান সভাৰ নিৰ্বাচনৰ পুৰ্বে বিজেপি দলৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ যোগদানৰ পিছত অজিত ভূঞাৰ যোগদানে অজাপক শক্তিশালী কৰাৰ লগতে উৎসাহিত কৰিছে দলটোৰ নেতা কৰ্মীক। অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে আনুষ্ঠানিকভাৱে দললৈ অজিত ভূঞাক আদৰণি জনায়। ইফালে, বিজেপিৰ মুখপাত্ৰ সুশান্ত নাথেও আজি যোগদান কৰিলে অজাপত।

সামাজিক মাধ্য়মৰ জৰিয়তে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ কয় যে, ৰাজ্যসভাৰ সাংসদ, বলিষ্ঠ জাতীয়তাবাদী ব্যক্তিত্ব তথা এসময়ৰ সৎ, সাহসী সাংবাদিক অজিত কুমাৰ ভূঞাই তেখেতসকলৰ ‘জাতীয় দল, অসম’সহ আজি আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত চামিল হোৱা বিষয়টোৱে অসমৰ জাতীয়তাবাদী ৰাজনীতিত এক নতুন অধ্যায়ৰ সূচনা কৰিলে। এই সংযোজন মাথোঁ এটা দলীয় সংযুক্তি নহয়; এই কথাই অসমৰ স্বাভিমান, অধিকাৰ আৰু অস্তিত্ব ৰক্ষাৰ যুঁজখনক অধিক সংগঠিত আৰু শক্তিশালী কৰি তুলিব আশা প্ৰকাশ কৰে অজাপৰ সভাপতি গৰাকীয়ে।

“অসম আৰু অসমীয়াৰ স্বাভিমানৰ যুঁজত একেলগে আগবাঢ়ি যোৱাৰ সংকল্পেৰে অজিত কুমাৰ ভূঞা দেৱ আৰু তেখেতৰ সহযোদ্ধাসকলক অসম জাতীয় পৰিষদৰ পবিত্ৰ মঞ্চলৈ আন্তৰিক আদৰণি আৰু হৃদয়ী অভিনন্দন জনাইছোঁ।” এইদৰে কয় লুৰীণজ্যোতি গগৈয়ে।

উল্লেখ্য় যে, কংগ্ৰেছ, এ আই ইউ ডি এফ, চি পি আই, আৰু নিৰ্দলীয় বিধায়ককে ধৰি বিৰোধী দলৰ সহযোগত ২০২০ চনত ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল অজিত কুমাৰ ভূঞা। তেওঁৰ কাৰ্যকাল ২০২৬ চনত শেষ হ’ব। তেওঁ বৰ্তমান বিৰোধী ঐক্য মঞ্চ ‘অসম সন্মিলিত মৰ্চা’ৰ সভাপতিও। সংসদীয় কাৰ্যকাল শেষ হোৱাৰ লগে লগে সক্ৰিয় ৰাজনীতিত ভূঞা থাকিব নে নাথাকে তাক লৈ ৰাজনৈতিক মহলত চৰ্চা অব্যাহত আছে। অৱশ্যে ভৱিষ্যতৰ পৰিকল্পনা সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক মন্তব্য কৰা নাই সাংসদগৰাকীয়ে।

কি কি কাৰণত চুগাৰৰ মাত্ৰা বৃদ্ধি পাব পাৰে ? জানেনে
ডায়েবেটিছ ৰোগীৰ শৰীৰত প্ৰথম অৱস্থাত কি কি লক্ষণে দেখা দিয়ে, জানক...
শীতকালত কিয় বেছিকৈ চুলি সৰে ? প্ৰতিৰোধ কৰাৰ উপায় জানক
এই ৬টা সাধাৰণ অভ্যাসে নষ্ট কৰিব পাৰে কিডনী! জানক...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ