নন্দিতা শইকীয়া হত্যাকাণ্ডঃ দোষী সাব্যস্ত ৰিন্টু শৰ্মাক মৃত্যুদণ্ড আদালতৰ…
নন্দিতা শইকীয়া হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান আদালতৰ। ঘটনাত দোষী সাব্যস্ত হোৱা ৰিন্টু শৰ্মাক মৃত্যুদণ্ড বিহে আদালতে। ২০২১ চনতে সংঘটিত হৈছিল এই হত্যাকাণ্ড।

নন্দিতা আৰু ৰিন্টু শৰ্মা
ৰাজ্য কঁপাই যোৱা ধেমাজিৰ নন্দিতা শইকীয়া হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান আদালতৰ। বৃহস্পতিবাৰ (২১ আগষ্ট)য়ে ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে এই ঘটনাৰ দোষী ৰিন্টু শৰ্মাক মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰে। মুঠ ৪১ জন সাক্ষীৰ সাক্ষ্যদানৰ অন্তত প্ৰায় ৪ বছৰ পাছত ন্যায় পালে ছাত্ৰীগৰাকীয়ে। বিশেষ কথা এয়াই যে নন্দিতাক হত্যা কৰাৰ দিনটোতে এই ৰায়দান দিয়ে আদালতে। সেই দিনটোত ৰিন্টু শৰ্মাৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছিল নন্দিতাৰ বান্ধৱী কাশ্মিনা দত্ত আৰু কাশ্মিনা দত্তৰ পিতৃ দেৱ দত্ত ৷
এই ঘটনা সন্দৰ্ভত ধেমাজি আৰক্ষী থানাত ৩৯৭/২০২১ নম্বৰত এক গোচৰ ৰুজু হৈছিল। তাৰ পাছতে আৰক্ষীয়ে ৰিন্টু শৰ্মাৰ বিৰুদ্ধে ৪০০ পৃষ্ঠাৰ ছাৰ্জশ্বীট আদালতত দাখিল কৰিছিল। ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪২, ৩২৬, ৩০৭ আৰু ৩০২ নং ধাৰাত দোষী সাব্যস্ত হয় ৰিন্টু শৰ্মা ৷ কেইবাবছৰ ধৰি চলা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আজি আদালতে দোষীক মৃত্যুদণ্ড বিহে।
উল্লেখ্য যে, ২০২১ চনৰ ২১ আগষ্টত ধেমাজিত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড। ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াক ৰিন্টু শৰ্মা নামৰ এজন যুৱকে বৰ্বৰভাৱে আক্ৰমণ কৰি হত্যা কৰিছিল। ৰিন্টুয়ে দাৰে যুৱতীগৰাকীৰ মূৰত আঘাত কৰিছিল। যাৰ পাছত তেওঁক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কেইবাদিনো ধৰি চলা চিকিৎসাৰ অন্তত ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্চিং হোমত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়।
ঘটনাৰ বিৱৰণী অনুসৰি, ২১ আগষ্টৰ দিনা নন্দিতাই সহপাঠীৰ সৈতে ঢকুৱাখনাৰ ঘৰলৈ ঘূৰি আহি আছিল। সেই সময়তে ধেমাজি নগৰৰ এখন ফাৰ্মাচীৰ সন্মুখত থিয় দি থকা ৰিন্টু শৰ্মাই তেওঁক আক্ৰমণ কৰিছিল। পৰিকল্পিতভাৱে ৰিন্টুয়ে নন্দিতা শইকীয়া, কস্মিনা দত্তৰ লগতে পিতৃ দেৱ দত্তক আক্ৰমণ কৰিছিল। মূমূৰ্ষ অৱস্থাত তেওঁক হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত ২৫ আগষ্ট ২০২১ ত মৃত্যুক সাৱতি লয়। সেই ঘটনাত আঘাতপ্ৰাপ্ত হোৱা কস্মিনা আৰু তেওঁৰ পিতৃৰ এজাহাৰৰ ভিত্তিত চলা গোচৰত আজি আদালতে ৰায় প্ৰদান কৰে।
এই ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল। ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্নজনে দোষীৰ ফাঁচী বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। দিন দুপৰতে সংঘটিত হোৱা এই কাণ্ডই ৰাজ্যত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। দীৰ্ঘ বছৰ ধৰি চলা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আজি আদালতে দোষীক শাস্তি বিহে। অৱশেষত আজি ন্যায় পালে নন্দিতা শইকীয়াই।
অন্য খবৰ পঢ়কঃ ৩৫ বছৰীয়া টাডা গোচৰৰ অন্তঃ৩১জন প্ৰাক্তন আলফা নেতাক দোষমুক্ত ঘোষণা