নলবাৰীত চাঞ্চল্য! সৰস্বতী পূজাৰ দিনা প্ৰেমিক-প্ৰেমিকাই কৰিলে বিহপান…

সমগ্ৰ ৰাজ্যই সৰস্বতী পূজা পালন কৰি থকাৰ মাজতে নলবাৰীত সোমবাৰে সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। এহাল প্ৰেমিক-প্ৰেমিকাই কৰিলে বিহপান। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নলবাৰীত চাঞ্চল্য! সৰস্বতী পূজাৰ দিনা প্ৰেমিক-প্ৰেমিকাই কৰিলে বিহপান...

নলবাৰী

Published: 

04 Feb 2025 | 08:03 AM

কালি সমগ্ৰ ৰাজ্যই উলহ-মালহেৰে পালন কৰিলে সৰস্বতী পূজা। এই দিনটো বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ নামত অৰ্পিত। যাৰ বাবে, বিশেষকৈ শিক্ষাৰ্থীসকলৰ মাজত সৰস্বতী পূজাকলৈ ব্যস্ততা দেখা যায়। কিন্তু এই দিনটোতে ৰাজ্যত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। সৰস্বতী পূজাকলৈ সমগ্ৰ ৰাজ্য ব্যস্ত থকাৰ মাজতে দুই প্ৰেমিক- প্ৰেমিকাই কৰিলে বিহপান। জানিব পৰা মতে নলবৰীৰ বৰমাৰ কদমতলত সংঘটিত হৈছে এই ঘটনা। প্ৰেমজনিত কাৰণতে দুই  এগৰাকী কিশোৰী আৰু এজন যুৱকে এনে পন্থা গ্ৰহণ কৰা বুলি অনুমান কৰা হৈছে।

এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনাৰ পাছতে দুই প্ৰেমিক- প্ৰেমিকাক হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ১৭ বছৰীয়া কিশোৰীগৰাকীৰ। ইফালে এতিয়াও চিকিৎসালয়ৰ বিচনাত জীৱন-মৃত্যুৰে যুঁজি আছে ১৮ বছৰীয়া যুৱকজন। জানিব পৰা মতে, ৩ ফেব্ৰুৱাৰীৰ দিনা সৰস্বতী পূজা বুলি দুয়ো বিদ্যালয়লৈ আহিছিল। বৰমাৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত অধ্যয়নৰত আছিল দুয়ো। কিন্তু পূজাৰ আনন্দৰ মাজতে দুই প্ৰেমিক- প্ৰেমিকাই এই মৰ্মান্তিক ঘটনা সংঘটিত কৰে।

অভিযোগ অনুসৰি এয়াই প্ৰথম নহয়, ইযাৰ পূৰ্বেও বিহ পান কৰিছিল কিশোৰীগৰাকীয়ে। প্ৰেমিকে তেওঁক এই কাম কৰিবলৈ বাধ্য কৰাইছিল। কেৱল ইমানেই নহয়, প্ৰেমিকে নিজেও প্ৰেমিকাৰ ওচৰত বিহপান কৰাৰ অভিনয় কৰিছিল। তথ্য অনুসৰি, নলবাৰীৰ দীপ্তা সুৰাদীত ঘৰ প্ৰেমিক-প্ৰেমিকাহালৰ।

ঘটনাৰ বিৱৰণী অনুসৰি, কালি সৰস্বতী পূজালৈ অহাৰ পাছতে দুই প্ৰেমিক- প্ৰেমিকাহাল সন্ধানহীন অৱস্থাত আছিল। পৰৱৰ্তী সময়ত টিহুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত দুয়োকে অচেতন অৱস্থাত উদ্ধাৰ কৰিছিল পৰিয়ালৰলোকে। লগে লগে দুয়োকে বৰমাৰ হাস্পাতালত ভৰ্তি কৰোৱা হয়। কিন্তু প্ৰাণ হেৰুৱাই কিশোৰীগৰাকীয়ে।

কিশোৰীগৰাকীৰ আত্মীয়ই জনোৱা অনুসৰি, দুয়োৰে মাজত দীৰ্ঘদিনৰ প্ৰেম আছিল আৰু দুয়ো এবাৰ পলাইও গৈছিল। ইয়াৰোপৰি ইয়াৰ পূৰ্বেও  যুৱকজনে কিশোৰীগৰাকীক কেইবাবাৰো বিহপান কৰিছিল দিছিল। কিন্তু কালি বিহপান কৰোতে মৃত্যু হয় কিশোৰীগৰাকীৰ।  আত্মীয়ৰ অভিযোগ অনুসৰি, অন্য দিনৰ দৰে কালিও যুৱকজনে বিহপান কৰাৰ অভিনয় কৰিছিল আৰু তেওঁ বৰ্তমান সুস্থ।

উল্লেখ্য যে, এই সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। কিয় কিশোৰী আৰু যুৱকজনে এই সিদ্ধান্ত গ্ৰহণ কৰিলে এতিয়ালৈকে জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্তৰ অন্তত জানিব পৰা যাব কিয় প্ৰেমিক- প্ৰেমিকাহালে এই সিদ্ধান্ত গ্ৰহণ কৰিলে।

শনিদেৱৰ পূজাত এইবোৰ অন্তৰ্ভুক্ত নকৰিব এইবোৰ বস্তু, অভাৱে দেখা দিব আপোনাক!
সৰস্বতী পূজা কেতিয়া? জানক শুভ সময়ৰ বিষয়ে...
পুৰুষৰ তুলনাত মহিলাৰ ওজন কিয় দ্ৰুত বৃদ্ধি পায়? ইয়াৰ মূল কাৰণবোৰ জানক
ঘৰৰ পৰা পইতাচোৰা দূৰ কৰাৰ ৫টা সহজ, ঘৰুৱা উপায়...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে