লাগিলে মাছ পচি যাব! উজনি অসমলৈ মাছৰ ৰপ্তানি নকৰে নগাঁও মীন পালক সন্থাই

অনাগত দিনত উজনিলৈ মাছৰ ৰপ্তানি নকৰো। বিশেষকৈ তিনিচুকীয়া আৰু শিৱসাগৰ জিলালৈ এই ৰপ্তানি নহয়। সন্থাই কয়, দৰকাৰ হলে মাছ পচাই দিম, তথাপিও উজনিলৈ মাছ নপঠাওঁ। 

লাগিলে মাছ পচি যাব! উজনি অসমলৈ মাছৰ ৰপ্তানি নকৰে নগাঁও মীন পালক সন্থাই

মাছ

Updated On: 

27 Aug 2024 | 11:20 AM

অসমৰ বিভিন্ন প্ৰান্তত চলি থকা মিঞা বিৰোধী অভিযানৰ মাজতে পোহৰলৈ আহিছে আন এক খবৰ। ক্ৰমাৎ জটিল ৰূপ লোৱা এই ঘটনাৰ মাজতে নগাওঁ জিলা মীন পালক পন্থাই গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত। সোমবাৰে নগাঁও জিলা মীন পালক সন্থাই কয় যে, আজিৰ পৰা অনিৰ্দিষ্ট কাললৈ উজনি অসমৰ জিলাসমূহলৈ মাছৰ ৰপ্তানি নহয়। ইয়াৰ পৰিবৰ্তে কেৱল গুৱাহাটীতহে এতিয়া মাছৰ ৰপ্তানি কৰিব নগাঁও জিলা মীন পালক সন্থই।

শেহতীয়াকৈ ঘটি থকা ঘটনাৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সন্থাই কয় যে, উজনি অসমত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোক সকলক শৃংখল চলিহাৰ নেতৃত্বত অত্যাচাৰ চলোৱা হৈছে। ইয়াৰ পৰিণাম ভুগিব লাগিব। লগতে কয়, আমাৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৰাইজৰ হাতত বিশাল মীন ব্যৱসায় আছে। উজন অসমলৈ মাছৰ ৰপ্তানি সংখ্যালঘু লোকসকলে কৰে। যাৰ ফলত উজনি অসমৰ মানুহে কম দামত মাছ খাবলৈ পায়। আমি মীন পালক সন্থাই সিদ্ধান্ত লৈছো যে অনাগত দিনত উজনিলৈ মাছৰ ৰপ্তানি নকৰো। বিশেষকৈ তিনিচুকীয়া আৰু শিৱসাগৰ জিলালৈ এই ৰপ্তানি নহয়।

সন্থাই কয়, দৰকাৰ হ’লে মাছ পচাই দিম, তথাপিও উজনিলৈ মাছ নপঠাওঁ। শৃংখল চলিহাক হুংকাৰ জনাই সন্থাই কয় যে, এনে কৰিলেহে শৃংখল চলিহাই গম পাব আমাৰ হাতত কিমান সম্পদ আছে। কিমান শক্তি আছে।

উল্লেখ্য যে, বিগত কেইটামান দিনত অসমত মিঞা বিৰোধী অভিযানে গা কৰি উঠিছে।  প্ৰায় ৩০ টা জাতীয়- জনগোষ্ঠীয় সংগঠনে মিঞাসকলক ৭ দিনৰ ভিতৰত উজনি অসম এৰাৰ নিৰ্দেশ দিছে। এই জুই লাহে লাহে নামনি অসমলৈও বিয়পা আৰম্ভ কৰিছে। শেহতীয়াকৈ মিৰ্জাত মিঞা বিৰোধী অভিযান হোৱা দেখিবলৈ পোৱা যায়। বহু ভিডিঅ’ পোহৰলৈ আহিছে য’ত দেখবলৈ পোৱা গৈছে যে সংগঠনৰ নেতাসমূহে একাংশ মিঞালোকৰ ঘৰত প্ৰৱেশ কৰি ৭ দিনৰ ভিতৰত উজনি অসম এৰিবলৈ নিৰ্দেশ দিছে। এই সকলোবোৰৰ মাজতেই নগাঁও মীন বিভাগে এই সিদ্ধান্ত লৈছে।

মন কৰিবলগীয়া যে ধিঙত সংঘটিত হোৱা ঘটনাৰ পাছতেই অসমত মিঞা বিৰোধী এই অভিযান আৰম্ভ হৈছে। ধিঙত এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰিছিল সংখ্যালঘু সম্প্ৰদায়ৰ ৩ যুৱকে। ইয়াৰে তফাজ্জুল নামৰ এজন লোকৰ আৰক্ষীৰ জিম্মাত মৃত্যু হৈছে যদিও বাকী দুজনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। এই ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভিন্ন সংগঠন। একাংশই দাবী কৰিছিল যে বিশেষ সম্প্ৰদায়ৰ লোকসকলে অসমীয়াক ভীতিগ্ৰস্ত কৰাৰ বাবে এনে কাম কৰি আছে। তেতিয়াৰ পৰাই অসমত এই মিঞা বিৰোধী অভিযানে গা কৰি উঠে।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...